শস্যৰ উপকাৰী: ঘৰুৱা জৈৱিক দৰৱ- খেতি পথাৰত ব্যৱহাৰ কৰা মাৰাত্মক কীটনাশক আৰু বীজাণুনাশক দ্রব্যই আমাৰ পৰিৱেশ বিনষ্ট কৰি তুলিছে। এনে ভয়ানক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আমি পৰাপক্ষত তেনে বিষাক্ত দ্রব্য ব্যৱহাৰ কৰাৰ পৰিৱর্তে ঘৰুৱাভাৱে প্ৰস্তুত কৰা জৈৱিক দৰব-পাতি ব্যৱহাৰতহে গুৰুত্ব দিয়া ভাল। খেতিত প্ৰয়োগ কৰা তেনে কেইটামান ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা: জলকীয়া আৰু বিলাহী গছত দেখা দিয়া বেমাৰৰ ভিতৰত ফুল সৰা বেমাৰ অন্যতম। তাৰ পৰা পৰিত্ৰাণ পাবলৈ ভালেমান কৃষকে থলুৱাভাৱে প্রস্তুত কৰা দ্রব্য প্রয়োগ কৰা দেখা যায়। ১ কিল’গ্ৰাম নিমগছৰ গুটি ভালকৈ খুন্দি গুৰি কৰি পানীৰ লগত মিহলাই পুনৰ কাপোৰেৰে চেকি ল’ব লাগে। সেই মিশ্রণখিনিক ৫ কিল'গ্ৰাম কেঁচা গোবৰ মিহলাই প্রয়োজনীয় অনুপাতত পানী মিহলি কৰি জলকীয়া আৰু বিলাহী গছত ছটিয়ালে ফুলসৰা বেমাৰ নিয়ন্ত্ৰণ হয়। এই মিশ্রণখিনি ৩ বিঘা মাটিত প্রয়োগ কৰিব পৰা যায়। টেঙা জাতীয় গছত কেৰোণ পোকে আক্ৰমণ কৰা প্রায়েই দেখা যায়। এই পোকবিলাক গা-গছৰ মাজলৈ ফুটা কৰি সোমাই যায় বাবে সিহঁতক সহজে মাৰিব নোৱাৰি। তাৰ পৰা পৰিত্ৰাণ পাবলৈ ভালেমান কৃষকে পানীত অলপমান গুৰ মিহলাই গছজোপাত ছটিয়াই দিয়ে। ফলত গছজোপালৈ পৰুৱা আহে আৰু গা-গছৰ ভিতৰত সোমাই থকা কেৰোণ পোকবোৰকো আক্ৰমণ কৰে। বহুতো কৃষকে অলপমান কপাহত পেট্রল বা কেৰাচিন তেল লগাই কেৰোণ পোক সোমাই থকা ফুটাবোৰত সুমুৱাই দি মাটিৰে বন্ধ কৰি দিয়ে। শাক-পাচলি খেতিত কোমলদেহী পোকে আক্ৰমণ কৰা প্রায়েই দেখা যায়। এনেধৰণৰ পোকবোৰ ৰাসায়নিক কীট-নাশক দ্রব্যৰ পৰিৱর্তে ঘৰতে প্রস্তুত কৰা দৰবেৰে সহজে নিয়ন্ত্ৰণ কৰিব পাৰি। তাৰ বাবে এশ গ্রামমান ক' লামানচাধা হাতেৰে মোহাৰি এৰাতি পানীত তিয়াই থ’ব লাগে। পিছদিনা পানীখিনি কাপোৰেৰে চেকি, তাত প্রয়োজনীয় অনুপাতত পানী মিহলাই শাক-পাচলিৰ খেতিত ছটিয়ালে কোমল দেহযুক্ত পোকবোৰ নিয়ন্ত্রণ হয়। শাক-পাচলি খেতি আক্রমণ কৰা মোবা জাতীয় পোক নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ ভালেমান কৃষকে ৰাতিপুৱা শস্যত ফুটছাই প্ৰয়োগ কৰে। বতৰ বেছিদিন খৰাং হৈ থাকিলে পাণ, তামোল, জালুক আদি শস্যৰ শ্ৰীবৃদ্ধিত বাধা জন্মে। মাটিত আবশ্যকীয় পৰিমাণত জীপ ৰাখিবৰ বাবে পথাৰত নিয়মীয়াকৈ পানী যোগান ধৰিব লাগে। আমাৰ অধিকাংশ কুষকে খৰাং বতৰ হ'লে কলগছ কাটি পাণ, জালুক আদি গছৰ গুৰিত জাপি দিয়ে। মাটিত জীপ ৰখাৰ এইটো উত্তম ব্যৱস্থা। খেতিত প্রয়োগ কৰা ৰাসায়নিক সাৰৰ পৰিমাণ কমাবৰ বাবে জৈবিক সাৰ ব্যৱহাৰত গুৰত্ব দিয়া ভাল। জৈবিক সাৰত শস্যৰ বাবে প্রয়োজন হোৱা প্রায়বোৰ পোষক দ্ৰব্যই সন্নিহিত হৈ থাকে। কেঁচুসাৰ, জীবাণুসাৰ, সেউজ সাৰ, পচনসাৰ আদি খেতি-পথাৰত প্রয়োগ কৰিলে শস্যৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে মাটিৰ গুণাগুণো অক্ষুন্ন থাকে। নিজৰ ঘৰতে অতি কম খৰচতে এইবোৰ সাৰ প্ৰস্তুত কৰিব পৰা যায়। অর্থ উপাৰ্জনৰ লালসাত ভালেমান ব্যক্তিয়ে সহজে কল পকাবলৈ কাৰ্বাইডজাতীয় মাৰাত্মক দ্ৰব্য ব্যবহাৰ কৰে। এনে দ্রব্য প্রয়োগ কৰা ফল-মূল খোৱাৰ ফলত বিভিন্ন বেমাৰ-আজাৰ হোৱাটো নিশ্চিত। তাৰ পৰা হাত সাৰিবলৈ পূৰঠ কলথোকা কাটি অনাৰ পিছত ধোঁৱা দি অথবা সোণাৰু গছৰ পাতৰ মাজত গাপ দি কল পকোৱাৰ ব্যৱস্থা কৰা। লিখক: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি।