গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব আটাইতকৈ জ্বলা থকা জলকীয়াবিধ হৈছে ভোট জলকীয়া। ভোট জলকীয়াক নগা জলকীয়া, নাগাহাৰি, নাগামোৰিশ, বিহজলকীয়া, ৰাজামিৰ্চি আদি নামেৰেও জনা যায়। চলানেচি গোত্ৰৰ কেপচিকাম চাইনেনচি নামৰ এইবিধ উদ্ভিদ সমগ্ৰ উত্তৰ-পূৱ ভাৰতত প্ৰসিদ্ধ। ভাৰতৰ উপৰি শ্ৰীলংকা আৰু বাংলাদেশৰ কিছু ঠাইত ইয়াৰ খেতি হয়।

অসমৰ মাটি আৰু জলবায়ু ভোট জলকীয়াৰ খেতিৰ বাবে উত্তম। পানী জমা নোহোৱা, বাম, ৰঙচুৱা বা বালিচহীয়া মাটিত ইয়াৰ খেতি ভাল হয়। এই গছবোৰ ছাঁ প্ৰিয়। এবেলা ৰ’দ আৰু এবেলা ছাঁ দিয়াৰ ব্যৱস্থা থাকিলে গছৰ শ্ৰীবৃদ্ধিৰ লগতে বেমাৰ আজাৰৰ পৰা ৰক্ষা পৰে। পাহাৰীয়া অঞ্চলত ফেব্ৰুৱাৰী-মাৰ্চ মাহত আৰু ভৈয়ামত ছেপ্তেম্বৰ-অক্টোবৰ মাহত পুলিবোৰ ৰোপণ কৰা হয়। বৰ্ষজীৱী গছবোৰ প্ৰায় এক মিটাৰ ওখ হয় আনহাতে অনুকূল পৰিৱেশত বহুবৰ্ষজীৱী হিচাপে ২-৩ বছৰীয়া গছবোৰ ইয়াতকৈ বেছি ওখ হয়। ফুলবোৰ থোপাকৈ ফুলে যদিও পিছলৈ প্ৰতিটো ‘ন’ড’ত দুটাকৈ ফল হয়গৈ। এটা ফলৰ ওজন ৬ গ্ৰাম পৰ্যন্ত হয়। এজোপা গছত ১৫-২০ টা পৰ্যন্ত ডাঙৰ আকৃতিৰ আৰু ১০-১৫ টা পৰ্যন্ত সৰু আকৃতিৰ ফল হয়। এজোপা গছে নিম্নতম ১ কেজি ফল উত্পাদন কৰে। প্ৰতি কেজি ফলৰ বজাৰ মূল্য ৫০০ টকা হয়। গতিকে কৃষকে একঠা মাটিতে ৫০ হেজাৰ টকালৈকে উপাৰ্জন কৰিব পাৰে। পূৰঠ ফলৰ পৰা বীজবোৰ সংগ্ৰহ কৰিব লাগে। বীজবোৰ শুকুৱাই পলিথিনৰ পেকেটত বতাহ সোমাব নোৱাৰাকৈ কম উষ্ণতাত ৰাখিব লাগে। পুলিবাৰীখন ১ মিটাৰ বহল আৰু প্ৰয়োজন সাপেক্ষে দীঘলকৈ তৈয়াৰ কৰিব লাগে। প্ৰতি বৰ্গ মিটাৰত ৪ কেজি হিচাপত পচনসাৰ মাটিৰ লগত ভালদৰে মিহলাই ওখকৈ পুলিবাৰীখন প্ৰস্তুত কৰিব লাগে। বীজ সিঁচাৰ আগতে বীজবোৰ (Biofor-PF-2) জৈৱকিৰণ-২ নামৰ জৈৱ কীটানুনাশক বা বেমাৰ প্ৰতিৰোধকৰ এটা পেষ্ট বনাই প্ৰতি কেজি বীজৰ লগত ১০০ গ্ৰাম জৈৱকিৰণ-২ হিচাপত এঘণ্টা সময় ৰাখি শোধন কৰি ল’ব লাগে। বীজবোৰ শাৰী শাৰীকৈ ১০-১২ ছেণ্টিমিটাৰ আঁতৰে আঁতৰে সিঁচি লৈ বালি বা পচনসাৰৰ এটা মিশ্ৰণৰ পাতল আৱৰণেৰে ঢাকিব লাগে। প্ৰতি হেক্টৰ মাটিত বীজৰ পৰিমাণ ৬০০-৮০০ গ্ৰাম। বীজ সিঁচাৰ পাছত এদিন এৰি এদিন পানী দি থাকিব লাগে। ২০-২৫ দিনৰ পাছত বীজৰ অংকুৰণ হয়। এমাহমানৰ পাছত স্বাস্থ্যৱান পুলিবোৰ মূল পথাৰলৈ নিব লাগে।

মূল পথাৰখন ভালদৰে হাল-কোৰ মাৰি চহাই লৈ প্ৰতি হেক্টৰত ২ টন হিচাপত পচনসাৰ মিহলাব লাগে। ১০০০ পুলি ১ কেজি Biofor-PF-2ৰ পেষ্টত ১ ঘণ্টা তিয়াই ৰাখি ৭৫ ছেঃমিঃ x ৭৫ ছেঃমিঃকৈ দূৰত্ব ৰাখি মূল পথাৰত ৰোপণ কৰিব লাগে। এক কেজি Biofor-PF-2, ১০ কেজি শুকান গোবৰ বা কেঁচুসাৰৰ লগত ভালদৰে মিহলাই ১০ দিন ছাঁত ৰাখিব লাগে। দহদিনৰ পাছত মিশ্ৰণটো মিহলাই এজোপা গছৰ গুৰিত ১০০ গ্ৰামকৈ দিব লাগে। প্ৰতি হেক্টৰ মাটিৰ বাবে ১০০ কেজি Biofor-PF-2ৰ দৰকাৰ হয়।

জলকীয়া খেতিডৰাত বিভিন্ন বেমাৰ-আজাৰ আৰু কীট-পতংগৰ আক্ৰমণ দেখা যায়।

ডেম্পি অফ এই বেমাৰে আক্ৰমণ কৰিলে পুলিবোৰ মৰহি বাগৰি যায়।

এনথ্ৰাকন’জ ফলবোৰত সৰুকৈ ঘাঁ লগাৰ দৰে হয় আৰু পাছলৈ ঘাঁবোৰ চক্ৰাকাৰে বিয়পি গোটেই ফলটো পচি যায়।

চিল্লি মোজাইক ভাইৰাছ, পাতবোৰ হালধীয়া, পাতল হালধীয়া আৰু সেউজীয়া চেকুৰা-চেকুৰ হয় আৰু গছবোৰ চুটি চাপৰ হয় আৰু ফল নধৰে।

লিফ কাৰ্লভাইৰাছ, নতুনকৈ ওলোৱা কুঁহিপাতবোৰ থুপ খাই থাকে, সৰু সৰু হয়। পাতবোৰ চেকুৰা পৰি যায়, শিৰা-উপশিৰাবোৰ ডাঠ আৰু চকলা-চকল হয়। ভাইৰাছজনিত বেমাৰে এবাৰ আক্ৰমণ কৰিলে নিৰাম. কৰা টান। গছবোৰ উভালি পুৰি পেলাব লাগে। বগা মাখি, মোৱা, চাহীজাতীয় পোকৰ দ্বাৰা এই ভাইৰাছজনিত বেমাৰবোৰ ওচৰ-পাজৰৰ গছলৈ বিস্তাৰিত হয়, সেইবাবে কীট-পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব লাগে।

মোৱা, চাহীজাতীয় পোকে কুমলীয়া পাতবোৰৰ ৰস চুহি খায়। শস্যকৃমিৰ দ্বাৰা আক্ৰান্ত গছবোৰৰ শিপাত গাঁঠিৰ দৰে টেমুনা বন্ধা দেখা যায়। এনেবোৰ গছ অতি সোনকালে আন আন ভেঁকুৰ আৰু বেক্টেৰিয়াজনিত ৰোগৰ আক্ৰমণৰ বলি হয়।

কীট-পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নীমৰ বীজৰ তেল ৫ শতাংশ পৰিমাণে স্প্ৰে’ কৰিব লাগে।

বীজৰ শোধন বা পুলি শিপাৰ শোধন নাইবা মূল পথাৰত প্ৰয়োগ কৰিবলগীয়া Biofor-PF-2ৰ প্ৰতিবিধানবোৰ পালন কৰিলে, লগতে মূল পথাৰত প্ৰতিবিঘাত ১৫০ কেজি হিচাপত নীম বা সৰিয়হ নাইবা ভোটএৰাৰ খলিহৈ প্ৰয়োগ কৰিলে বেমাৰ-আজাৰ প্ৰতিৰোধ কৰাৰ লগতে শস্য উত্পাদন বৃদ্ধি হয়।

ভোট জলকীয়াৰ খেতি খেতিয়ক ৰাইজৰ বাবে অৰ্থনৈতিক সকাহ। কম মাটিত সামান্য টকা বিনিয়োগ কৰি খেতিয়ক ৰাইজে অৰ্থনৈতিক উন্নয়নত খোজ দিব পাৰিব।

লেখকঃ ড০ গীতাঞ্জলি দেৱী

উত্সঃ অসমীয়া খবৰ