মৌ-মাখি পালন এটি কৃষি ভিত্তিক উদ্যোগ, ইয়াক অতিৰিক্ত আয়ৰ উপায় হিচপে কৃষকসকলে লব পাৰে৷ মৌ-মাখিবিলাকে ফুলৰ অন্তঃস্থ মৌ-ৰসক মৌলৈ পৰিৱৰ্ত্তিত কৰে আৰু ইয়াক মৌচাকৰ খলপা বিলাকক জমা কৰি ৰাখে৷ আদিমৰে পৰাই জংগলৰ পৰা মৌ সংগ্ৰহ কৰা চলি আহিছে। মৌ আৰু তাৰ উপজাত দ্রব্যৰ ক্ৰমবৰ্দ্ধিত বজাৰৰ বাবে মৌমাখি পালনক এটি কার্যকৰী উদ্যোগলৈ পৰিণত কৰিছে৷ মৌ আৰু ম’ম হল মৌমাখি পালনৰ পৰা পোৱা দুটা অর্থনৈতিকভাৱে গুৰুত্বপূর্ণ উপজাত পদার্থ৷ উপাৰ্জনৰ পথ হিচাপে মৌ-মাখি পালন কৰাৰ সুবিধাসমূহ মৌ-মাখি পালনত সময়, অর্থ আৰু আৰ্ন্তগাথঁনিত কম বিনিয়োগৰ প্ৰয়োজন। কৃষিকৰ্মৰ বাবে মাটিৰ মূল্য কম থকা অঞ্চলৰ পৰা মৌ আৰু ম’ম উৎপাদন কৰিব পৰা যায়। মৌ-মাখিয়ে অইন কোনো কৃষি উদ্যোগৰ লগত সম্পদৰ বাবে প্রতিদ্বন্দ্বিতা নকৰে। মৌমাখি পালন কাৰ্য্যৰ পৰিবেশৰ প্ৰতি ইতিবাচক ভূমিকা আছে। বহু পুষ্পবৃক্ষৰ পৰাগসংযোগত মৌমাখিবিলাকে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহন কৰে, যাৰ ফলত নির্দিষ্ট কিছু শস্য যেনে সূর্যমুখী আৰু বিভিন্ন ফলৰ উৎপাদন বাঢ়ে৷ মৌ এটি অত্যন্ত সুস্বাদু আৰু পুষ্টিকৰ খাদ্য৷ পৰম্পৰাগত বাবে মৌ আহৰনৰ ফলত বহুল সংখ্যাত মৌমাখিৰ বন্য উপনিৱেশ নষ্ট হৈ যায়৷ বাকচত মৌমাখি পালন কৰি আৰু ঘৰতেই মৌ উৎপাদন কৰি এনে নষ্ট প্ৰতিহত কৰিব পৰা যায়৷ ব্যক্তিগতভাৱে বা গোটত মৌমাখি পালন আৰম্ভ কৰিব পৰা যায়। মৌ আৰু ম’মৰ সম্ভাব্য বজাৰ খুবেই ভাল। চাক প্ৰতিস্থাপন কৰা মৌমাখি শালাটো ভালকৈ বৰ্জ্জ নিষ্কাষন হোৱা মুকলি ঠাইত হব লাগে। ফলৰ বাগিচাৰ ওচৰত য’ত পৰিষ্কাৰ পানীৰ উৎস আছে আৰু ওচৰত যথেষ্ট পুষ্পমৌ, আৰু পৰাগৰ উৎস ঠাইত কৰাটো উত্তম৷ চাকৰ ওপৰত সর্বোত্তম তাপমাত্রা বজাই ৰাখিবলৈ সূর্য্যৰ প্ৰত্যক্ষ পোহৰৰ পৰা বচাই ৰাখিব লাগে। চাকৰ স্টেণ্ডৰ চাৰিওকাষত এণ্টওয়েল বা পৰুৱা বাধা দিয়াৰ ব্যৱস্থা কৰিব লাগে। উপনিবেশবিলাক পূব ফালে মুখ কৰি বহুৱাব লাগে, আৰু ৰ’দ-বৰষুনৰ পৰা বচাবলৈ মৌ-মাখিৰ বাকচবিলাক সামান্য ঘূৰাই দিব লাগে৷ পশুধন, অন্যান্য জীৱজন্তু, ব্যস্ত ৰাস্তা আৰু ৰাস্তাৰ পোহৰৰ পৰা উপনিৱেশ বিলাকক সুৰক্ষিত ৰাখিব লাগে৷ মৌ-মাখিৰ উপনিৱেশ স্থাপন কৰা মৌমাখিৰ উপনিবেশ স্থাপন কৰিবলৈ বনৰ পৰা মৌমাখিৰ বাহ উঠাই আনি চাকত বহাব পৰা যায় বা উৰি যোৱা কোনো মৌমাখিৰ জাকক আকৰ্ষন কৰি আনি ধৰিব পৰা যায়৷ চাকত জাক বা উপনিৱেশ বহোৱাৰ আগত পুৰনি বাদামি ৰঙৰ মৌচাকৰ টুকুৰা বা মৌমাখিৰ ম’ম ঘঁহি চাকটোত পৰিচিত গোন্ধ তৈয়াৰ কৰিব পাৰিলে ফলপ্ৰসু হয়৷ সম্ভবপৰ হলে এটা প্রাকৃতিক মৌচাকৰ পৰা ৰাণী মৌমাখি ধৰি আনি চাকৰ তলত ৰাখিও নতুন মৌমাখিবিলাকক আকৃষ্ট কৰিব পৰা যায়৷ চাকত সুমুৱা মৌমাখিৰ জকটোক কেই সপ্তাহমান আধা কাপ গৰম পানীত আধা কাপ বগা চেনি দ্ৰৱীভূত কৰি খোৱালে সোনকালে চাক আৰু বাৰ তৈয়াৰ হোৱাত সহায় হয়। একে লগে খুব বেছি সংখ্যাত মৌমাখি নাৰাখিব৷ উত্স: আইএনডিজি দল।