অসমীয়া ভাষাৰ ক্রমবিকাশ পৃথিৱীৰ সকলো ভাষাই জন্মৰপৰা লিখিত ৰূপ লাভ কৰালৈকে মাজৰ অৱস্থাটোত কেইবাটাও স্তৰ অতিক্ৰম কৰিবলগীয়া হয়। অসমীয়া ভাষাটোও প্রথম অৱস্থাত জনসাধাৰণৰ মুখৰ ভাষা হৈ পৰৱৰ্তী সময়ত বিভিন্ন গীত-মাত, আখ্যান-উপাখ্যান, মালিতা আদিৰ মাজেৰে মানুহৰ মুখে মুখে চলি থাকে। কালক্রমত বিকশিত ভাষাটোরে শিষ্ট রূপ পাই লিখিত সাহিত্যৰ বাহক হৈ পৰে। চতুৰ্থ-পঞ্চম শতিকামানৰপৰা প্ৰাচীন কামৰূপত ৰাজত্ব কৰা হিন্দু ৰজাসকলে খোদিত কৰোৱা শিলালিপি, তাম্র ফলিসমূহে অসমীয়া ভাষাৰ উদ্ভৱ কালৰ সাক্ষ্য বহন কৰে। অসমীয়া ভাষাৰ প্ৰথম লিখিত সাহিত্যিক নিদর্শন বুলি ক'বলৈ গ'লে সহজীয়া বৌদ্ধ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা চৰ্যাপদসমূহৰ কথাই ক'ব পাৰি। বিভিন্ন ঠাইৰ চৰ্যাৰচকসকলৰ ভিতৰত প্রাচীন কামৰূপৰ কেইবাজনো সিদ্ধাচার্যই চর্যাপদ ৰচনা কৰিছিল। সেয়ে হয়তো চর্যাপদৰ বচনা-বীতি আৰু ভাষাৰ মাজত অসমীয়া ভাষাৰ চানেকি দেখিবলৈ পোৱা যায়। উল্লেখ্য যে, অসমীয়া ভাষাৰ উপৰি বাংলা, উড়িয়া, মৈথিলী, নেপালী আদি ভাষাৰো নিদর্শন চর্যাপদৰ মাজত আছে বুলি সেইসমূহ ভাষাৰ পণ্ডিতসকলে যুক্তি সহকাৰে দাবী কৰিছে। চৰ্যাপদৰ পাছতে অসমীয়া ভাষাৰ প্রাচীন নিদর্শন হিচাপে চতুর্দশ শতিকাৰ আদি ভাগৰ কবি হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলি, কবিৰত্ন সৰস্বতী আদি কবি, সাহিত্যিকৰ ৰচনাৰ মাজত পোৱা যায়। এইসকল পণ্ডিতৰ ৰচনাৰ মাজেৰে অসমীয়া ভাষা-সাহিত্যই স্বকীয় গৰিমাৰে মহিমামণ্ডিত হৈ উঠে আৰু সেই সময়ৰপৰা বৰ্তমান পর্যন্ত অসমীয়া ভাষাৰ বিকাশৰ ধাৰাটো সণ্টালনিভাৱে চলি আহিছে। ভাষাৰ ক্ৰমবিকশিত ৰূপৰ ওপৰত ভিত্তি কৰিয়ে পণ্ডিতসকলে অসমীয়া ভাষাৰ বিকাশৰ ধাৰাটোক ভিন্ ভিন্ ৰূপত ভাগ কৰি দেখুৱাইছে। বাণীকান্ত কাকতিয়ে বিশেষত্বপূর্ণ অসমীয়া সাহিত্যৰ যুগ ১৪ শা শতিকাৰপৰা আৰম্ভ হয় বুলি উল্লেখ কৰি অসমীয়া ভাষাৰ বুৰঞ্জীক বহলভাৱে তিনিটা যুগত বিভক্ত কৰি তাৰে প্ৰথম যুগটোৰ দুটা উপ ভাগত ভাগ কৰিছে- (ক) প্রাচীন অসমীয়া: (চতুর্দশ শতিকাৰপৰা ষোড়শ শতিকাৰ শেষলৈ)। ইয়াৰ দুটা উপ বিভাগ- (অ) প্রাক্-বৈষ্ণৱ আৰু (আ) বৈষ্ণৱ যুগ। (খ) মধ্য অসমীয়া : (সপ্তদশৰপৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈ)। এই যুগটো আহোম ৰাজসভাৰ গদ্য বুৰঞ্জীৰ যুগ। (গ) আধুনিক অসমীয়া: (ঊনবিংশ শতিকাৰপৰা বর্তমানলৈকে।) দেবানন্দ ভৰালিয়ে অসমীয়া ভাষাৰ ক্রমবিকাশক তিনিটা ভাগত ভাগ কৰিছে— (ক) প্রাক্-বৈষ্ণব যুগ (১০০০-১৩০০) (খ) বৈষ্ণৱ যুগ (১৩০০-১৬০০) (গ) নতুন যুগ (১৬০০-বর্তমানলৈকে) খ্রীঃ নৱম-দশম শতিকামানতে প্রাদেশিক ৰূপ ল'বলৈ আৰম্ভ কৰা অসমীয়া ভাষাৰ প্ৰাচীনতম নিদর্শন হিচাপে পোৱা তামৰ ফলি, শিলালিপি অথবা চর্যাপদসমূহৰ পাছত প্রাক্ শংকৰী যুগলৈকে লিখিত সাহিত্যৰ কোনো নিদর্শন পোৱা নাযায়। প্রায় তিনিশ বছৰৰ পাছত চতুৰ্দশ শতিকাৰ হেম সৰস্বতীৰ 'প্রহ্লাদ চৰিত' ৰচনাৰ সময়ৰপৰাহে প্ৰকৃততে অসমীয়া ভাষাটোরে এক পৈণত বৰূপ লাভ কৰে। সেয়েহে 'প্রহ্লাদ চৰিত' ৰচনাৰ সময়ৰপৰা বৰ্তমানলৈকে বাণীকান্ত কাকতিৰ যুগ বিভাজন অনুসৰি অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ধাৰাটোক ক্ৰমে, প্রাচীন অসমীয়া হিচাপে খ্রীঃ চতুর্দশ শতিকাৰপৰা খ্ৰীঃ ষোড়শ শতিকাৰ শেষলৈকে, মধ্য অসমীয়া হিচাপে খ্রীঃ ষোড়শ শতিকাৰপৰা উনবিংশ শতিকাৰ আৰম্ভণীলৈকে আৰু আধুনিক অসমীয়া হিচাপে উনবিংশ শতিকাৰপৰা বৰ্তমানলৈকে ধৰি আলোচনা কৰিব পাৰি।