আধুনিক অসমীয়া ভাষা উনবিংশ শতিকাৰ প্ৰাৰম্ভৰপৰা বৰ্তমানলৈকে অসমীয়া ভাষা-সাহিত্যৰ ঐতিহাসিক ক্রমবিকাশক আধুনিক অসমীয়া ভাষাৰ যুগ হিচাপে চিহ্নিত কৰা হৈছে। ১৮২৬ চনত অসম ব্রিটিছ শাসনাধীন হোৱাৰ পিছৰপৰাই সাহিত্যৰ আধুনিক যুগ ধৰা হয় যদিও আচলতে ১৮১৩ চনত আত্মাৰাম শৰ্মাই 'ধৰ্ম্মপুস্তক' (বাইবেল) পুথি অনুবাদ কৰাৰপৰাই আধুনিক অসমীয়াৰ আৰম্ভ হয় বুলি ক'ব পাৰি। এই সময়ছোৱাৰ অসমীয়া ভাষা-সাহিত্যৰ গঠন আৰু বিকাশৰ ওপৰত ভিত্তি কৰি আধুনিক অসমীয়া যুগটোক 'অৰুনোদই স্তৰৰ ভাষা', 'জোনাকী স্তৰৰ ভাষা' আৰু 'যুদ্ধোত্তৰ স্তৰৰ ভাষা'-এই তিনিটা স্তৰত ভাগ কৰি আলোচনা কৰিব পাৰি। অৰুনোদই স্তৰৰ ভাষা (১৮৪৬-১৮৮৮): ১৮৪৬ চনত আমেৰিকাৰ বেপ্তিছ মিছনেৰীসকলৰ প্ৰচেষ্টাত প্রকাশ পোৱা বার্তালোচ অকনোেদই 'বপৰাই অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত নতুন যুগৰ সুচনা হয়। মূলতঃ খ্রীষ্টান ধর্ম প্রচাৰৰ উদ্দেশ্য আগত বাখিয়ে বার্তালোচনীখন প্রকাশ কৰিছিল যদিও তেওঁলোকক শলাগ ল'বলগীয়া কাৰণটো হ'ল, অসমীয়া ভাষাৰ চিন্তা-চৰ্চাবে, অসমীয়া ভাষাৰ মাধ্যমেৰে প্রকাশিত বার্তালোচনীখনত ভূগোল, বুৰঞ্জী, বিজ্ঞানৰ লগতে জীৱনী, সাধুকথা, কবিতা আদি বিষয়বস্তুবেও স্থান লাভ কৰিছিল; ফলস্বৰূপে শিক্ষিত অসমীয়া লোকসকলে সেই ক্ষেত্ৰসমূহত অধ্যয়নৰ জৰিয়তে বিচৰণ কৰিব পৰাৰ উপৰি মিছনেৰীসকলৰ অনুপ্ৰেৰণাতে ভালেকেইগৰাকী অসমীয়া লেখকে বিভিন্ন লেখনি প্রকাশ কৰাৰো সুবিধা লাভ কৰিছিল। এইসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়ালফুকন, হেমচন্দ্র গোস্বামী, গুণাভিৰাম বৰুৱা আদি উল্লেখযোগ্য। আনন্দৰাম ঢেকিয়ালফুকনৰ 'A few remarks on Assamese language (1885), ইংলণ্ডৰ বিৱৰণ (প্রবন্ধ), গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাৰ হাতত আধুনিক নাটকৰ সৃষ্টি; হেমচন্দ্র বৰুৱাৰ 'অসমীয়া ভাষাৰ ব্যাকৰণ' (১৮৫৯) অসমীয়া ভাষালৈ উল্লেখযোগ্য বৰঙণি। 'অৰুনোদই'ৰ জৰিয়তে মিছনেৰীসকলে যিটো অসমীয়া ভাষা প্রতিষ্ঠাপিত কৰিছিল, সেই ভাষা আছিল পোনপটীয়া, উচ্চাৰণভিত্তিক; কিন্তু পৰৱৰ্তী সময়ত হেমচন্দ্ৰ বৰুৱাই নতুন ব্যাকৰণ আৰু অভিধান প্রণয়নেৰে বৰ্ণবিন্যাস, বাক্যগঠন, আখৰ জোঁটনি আদিৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰে আৰু সংশোধিত ৰূপত সংস্কৃতীয়া আখৰ জোঁটনিৰ পুনৰ প্ৰৱেশ ঘটিল। হেমচন্দ্র বৰুৱাই অসমীয়া ভাষাৰ গাঁথনিক ৰূপৰ যি আৰ্হি দাঙি ধৰিলে সেয়া সর্বসম্মতভাবে সকলোবে গ্রহণ কৰিলে আৰু আধুনিক অসমীয়া মান্য ভাষাৰ ৰূপটো এই সময়ছোৱাতে উদ্ভৱ হয় বুলি ক'ব পাৰি। এই কালছোৱাতে 'আসাম বিলাসিনী' (১৮৭১-৭৩), 'আসাম নিউজ' (১৮৮২-৮৩), 'আসাম বন্ধু' (১৮৮৫-৮৬), 'মৌ' (১৮৮৬), 'লৰাবন্ধু' (১৮৮৮) আদি আলোচনীয়ে নিজ নিজ অৱদান আগবঢ়াই আধুনিক অসমীয়া ভাষা-সাহিত্যৰ ভেটি সুদৃঢ় কৰাত সহায় কৰে। অসমীয়া ভাষাত ইংৰাজ আৰু মিছনেৰীসকলৰ ভাষাৰ প্ৰভাৱ, হ্রস্ব-দীর্ঘৰ পাৰ্থক্যহীন প্রয়োগ, উচ্চাৰণভিত্তিক ৰূপৰ লিখিত প্রয়োগ, সংযুক্ত বৰ্ণৰ সৰল প্রয়োগ, শ, ষ, স-ৰ উচ্চাৰণত পাৰ্থক্যহীনতা, জটিল বাক্যৰ গাঁথনিত বাক্যৰ প্ৰয়োগ, পৰোক্ষ উক্তিৰ প্ৰভাৱ, ভাৰতীয় আন আন প্রাদেশিক ভাষাৰ প্ৰভাৱ আদি এই স্তৰৰ ভাষাৰ প্ৰধান বৈশিষ্ট্য। উজনি অসমত আহোমৰ ৰাজত্ব, মিছনেৰীসকল আহি শিৱসাগৰত থিতাপি গ্রহণ আৰু ছপাযন্ত্ৰৰ প্ৰতিষ্ঠা আদি কাৰণতেই শিৱসাগৰ অঞ্চলৰ কথিত ভাষাটোরে এই সময়ছোৱাতে মান্য অসমীয়াৰ মৰ্যাদা লাভ কৰে বুলি নিঃসন্দেহে ক'ব পাৰি। জোনাকী স্তৰৰ ভাষা (১৮৮৯-১৯৩৯): অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্র হিচাপে ১৮৮৯ চনত প্রকাশিত 'জোনাকী' আলোচনীয়ে অসমীয়া ভাষা-সাহিত্যৰ জগতখনত নতুন চিন্তাৰ উন্মেষ ঘটাই অসমীয়া ভাষা-সাহিত্যক এক শক্তিশালী ৰূপত প্রতিষ্ঠিত কৰি তোলে। ঘাইকৈ পাশ্চাত্য সাহিত্য জগতৰপৰা সাহিত্যৰ বিবিধ বিধাসমূহ আমদানি কৰি অসমীয়া ভাষাতো সেইধৰণৰ বিধাৰ সৃষ্টিৰে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনক বৈচিত্র্যময় কৰি তোলে। তদুপৰি অসমীয়া ভাষাৰ স্বকীয় ৰূপটোক ধৰি ৰখাৰ ক্ষেত্ৰত, ভাষাটোৰ বিকাশ, বিস্তৃতি আৰু শ্রীবৃদ্ধিৰ বাবে জোনাকী কাকতখনে মুখ্য ভূমিকা গ্রহণ কৰে। এই স্তৰৰ অসমীয়া ভাষা-সাহিত্যক অধিক শক্তিশালী কৰি তোলাত অগ্রণী ভূমিকা গ্রহণ কৰা কেইজনমান ব্যক্তি হ'ল- চন্দ্রকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্র গোস্বামী, সত্যনাথ বৰা, পদ্মনাথ গোহাঞিবৰুৱা, কনকলাল বৰুৱা আদি। 'জোনাকী'ৰ লগতে পৰৱৰ্তী 'বাঁহী', 'ঊষা', 'আলোচনী', 'আবাহন' আদি আলোচনীয়েও এই স্তৰত অসমৰ মান্য ভাষাটোক সাৱলীল, পৰিমার্জিত আৰু সমৃদ্ধ কৰি তোলাত বিশেষ অবদান আগবঢ়ায়। যুদ্ধোত্তৰ স্তৰ (১৯৪০ৰপৰা বৰ্তমান পর্যন্ত): ১৯৩৯ চনৰ দ্বিতীয় মহাযুদ্ধই সমগ্ৰ বিশ্বৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি সকলো দিশতে যি পৰিৱৰ্তন আনি দিয়ে, তাৰ প্ৰভাৱ বিশ্বৰ সকলো আধুনিক ভাষা-সাহিত্যতো পৰে। জোনাকী স্তৰৰ অসমীয়া ভাষা-সাহিত্যৰ ৰমন্যাসিক ভাবধাৰাৰ বিপৰীতে সমাজ-জীৱনৰ বাস্তৱ সচেতনতা এই স্তৰৰ সাহিত্যৰ বিষয়বস্তু হৈ পৰে। সাহিত্যৰ প্ৰায় সকলোবোৰ বিধাতেই এই পৰিৱৰ্তন লক্ষ্য কৰা যায়। বাস্তৱ জীৱনত সন্মুখীন হোৱা নগ্ন জটিল সমস্যাৰাজিক সাহিত্যৰ পাতত উত্থাপন কৰিবলৈ যাওঁতেও যি ভাষা শৈলীৰ প্রয়োগ ঘটিল সেয়াও সৰ্বসাধাৰণৰ কথিত নিভাঁজ আৰু পোনপটীয়া। 'জয়ন্তী', 'ৰামধেনু'ৰপৰা আৰম্ভ কৰি সাম্প্ৰতিক কালৰ 'প্রান্তিক' (পষেকীয়া), 'গৰীয়সী', 'সাতসৰী' আদি আলোচনী তথা দৈনিক, সাপ্তাহিক, পষেকীয়া বাতৰি কাকতসমূহৰ ভাষালৈ মন কৰিলে অসমীয়া ভাষাৰ এটা মিশ্রিত ভাষা-ৰূপ দেখিবলৈ পোৱা যায়। এই যুগৰ অসমীয়া ভাষাত ঘাইকৈ দেশী-বিদেশী ভাষাৰ প্ৰভাৱ প্ৰচুৰ পৰিমাণে পৰা পৰিলক্ষিত হয়। বিজ্ঞানৰ নিতৌ ন ন আৱিষ্কাৰৰ জৰিয়তে সামাজিক, সাংস্কৃতিক ক্ষেত্ৰত সংমিশ্ৰণৰ সুচল ব্যৱস্থাৰ বাবেই হয়তো ভাষা-সাহিত্যৰ ক্ষেত্রখনকো সহজেই প্রভাৱান্বিত কৰি আহিছে। অসমীয়া বাক্যৰ মাজত ইংৰাজী, হিন্দী শব্দৰ ব্যাপক প্রয়োগ, ইংৰাজী-অসমীয়া সংযুক্ত শব্দৰ প্ৰয়োগ তথা বিদেশী শব্দত অসমীয়া প্রত্যয় যোগ কৰি নতন নতুন শব্দৰ গঠন, প্রতীকধর্মী শব্দৰ প্ৰয়োগ, ছন্দৰ পৰিহাৰ, আৰ্যমূলীয় শব্দৰ পৰিহাৰ, পাচী, আৰবীমূলীয় শব্দৰ প্ৰয়োগ, বিজ্ঞান-প্রযুক্তিমূলক শব্দৰ অপৰিৱৰ্তিত ৰূপৰ অনুকৰণ, প্রাচীন আৰ্যমূলীয় শব্দৰ অৰ্থৰ পৰিৱৰ্তন, আৰ্যভিন্ন ভাষাৰ উপাদান আদি এই স্তৰৰ অসমীয়া ভাষাৰ বৈশিষ্ট্য।