নামঘৰ: জাতীয় নাটশাল জাতীয় জীৱনত নৃত্য আৰু অভিনয়ৰ অভিন্ন সম্বন্ধ। কেৱল অৱসৰ বিনোদনৰ কাৰণেই নহয়, জাতি সাংস্কৃতিক জীৱনৰ উৎসৱ, অনুষ্ঠান, পূজা-পার্বণ সকলোৰে লগত এই দুই চাৰু-শিল্প জড়িত। পৃথিৱীৰ সকলো দেশতে, ধর্মোৎসৱৰ পৰাই নাচ, নাটক, অভিনয়ৰ উৎপত্তি হৈছে। পাশ্চাত্য নাটক অভিনয়ৰ জন্ম হৈছিল, গ্রীচ দেশৰ দাইনুচিৱচ (Dinysios) দেৱতাৰ মন্দিৰত। দাইনুচিৱচৰ পূজাৰ উপলক্ষ্যে তেওঁৰ বিগ্রহ অতি সমাৰোহেৰে শোভাযাত্রা কৰি ফুৰোৱা হৈছিল। শোভাযাত্ৰাৰ সন্মুখভাগত ফুলেবে সজ্জিত এদল কুমাৰী গৈছিল, তাৰ লগতে আছিল মুখাপিন্ধা প্রেতব দল। শোভাযাত্রা পূজাস্থলত উপস্থিত হোৱাৰ পিচত বলিদানৰ সময়ত চাট্যাৰ সকলে (Satyr) নাচি, গাই, বাঁহী বজাই বেদীৰ চাৰিওকাযে প্রদক্ষিণ কৰিছিল। এই নৰ্তকসকলৰ নাম আছিল কোৰাছ (Chorus)। তেওঁলোকে দাইনুচিৱচৰ গুণানুকীর্তন কৰি যি গীত গাইছিল তাক বুলিছিল ডিথিৰাম্ব (Ditthuramb)। কিন্তু নর্তকসকল ছাগবেশী আছিল কাৰণে জনসাধাৰণে তেওঁলোকক Tragos অর্থাৎ ছাগলী আৰু গীতসমূহক Tragic বুলিছিল। পিছৰ যুগত এই গীতৰ লগত যেতিয়া সংলাপ হ'ল তাৰ নাম হ'ল Tragedy অর্থাৎ নাটক। ভাৰতবৰ্ষতো সেই একে পদ্ধতিৰে নাটক আৰু অভিনয়ৰ জন্ম হৈছে। বহুতে অনুমান কৰে যে ভাৰতবৰ্ষত নাচ আৰু অভিনয় আর্য্য-পূর্বসকলৰ দান আৰু ই মূলতে আর্য্য-পূর্ব দেৱতা শিৱ পূজাৰ লগত জড়িত আছিল। সংস্কৃত অভিনয় যে আৰ্য্যপূৰ্বসকলৰ পৰা আহিছে তাৰ সংকেত ভৰত মুনিৰ নাট্যশাস্ত্ৰতে আছে। চতুর্বেদ ৰচনাৰ পিছত ব্ৰহ্মাই শিৱৰ ওচৰত নাট্য-শাস্ত্র শিক্ষা কৰি পঞ্চম বেদ ৰচনা কৰিলে; ভৰত মুনিয়ে ব্ৰহ্মাৰ ওচৰত সেই নাট্য শিক্ষা লভি প্রসিদ্ধ নাট্য-শাস্ত্ৰ ৰচনা কৰে। এই আখ্যানৰ পৰাই ধৰিব পাৰি যে নাট্যকলা বিষয়ত অনাৰ্য্যসকল আৰ্য্যসকলৰ শিক্ষাগুৰু আছিল আৰু দ্বিতীয়তে শিৱপূজাক কেন্দ্ৰ কৰিয়েই নাট্যাভিনয় গঢ়ি উঠিছিল। আৰ্য্যসকলৰ আগমনৰ পূৰ্বে অসমতো শিৱপূজাৰ প্রাধান্য আছিল। পুৰণি অসমৰ শিৱ-মন্দিৰত দেৱদাসীৰ নৃত্যৰ প্ৰচলনৰ প্ৰমাণ আছে। সেই কালত অসমৰ ঘাইকৈ মন্দিৰৰ প্রাঙ্গণেই আছিল নৃত্য-গীতৰ ৰঙ্গমঞ্চ। মন্দিৰৰ নৃত্যই ক্রমবিকাশৰ ফলত অভিনয়ত পৰিণত হ'ল। নাট্যশাস্ত্ৰকাৰসকলৰ মতেও নাট-অভিনয়ৰ জন্মৰ আদিতে আছিল নৃত্য, অর্থাৎ তাল লয় আশ্রিত অংগ-সঞ্চালন; তাৰ পিছত হ'ল নৃত্য অর্থাৎ নৃত্য-গীতসহ বাচিক আৰু কায়িক অভিনয়। নৃত্যৰ দৰে গীতেও নাট বা অভিনয়ৰ উদ্ভৱত সহায় কৰিছে। আদি অৱস্থাত মানুহে মন্দিৰ-প্রাঙ্গণত দেৱতাৰ পূজাৰ অৰ্থে সুৰ-তাল-লয়েৰে পদাৱলী কীর্তন কৰিছিল। গীত কীৰ্তনৰ লগে লগে গায়কসকলে নাচ আৰু অংগ-ভংগিমাৰে শ্ৰো': 'সকলৰ আগত আখ্যানবস্তু ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিলে। প্রয়োজন অনুসৰি কেতিয়াবা মুখাও পিন্ধিছিল; দর্শকক বুজাবলৈ কথা আৰু কথোপকথনৰো সহায় লৈছিল। অসমীয়া নাট আৰু অভিনয়ব প্রথম স্তৰৰ নিদর্শন ওজা-পালি অনুষ্ঠানত এতিয়াও সংৰক্ষিত হৈ আছে। মূল গায়কে পালিসকলৰ সহায়ত গীতটোৰ আখ্যান ভাগটো নাট আৰু অংগি-ভংগিৰে বুজাবলৈ চেষ্টা কৰে। এই ওজা-পালিৰ অন্য নাম পাঁচালি বা পাঞ্চালি। এই শব্দটো সংস্কৃত পাঞ্চালিক বা পঞ্চলিকা শব্দৰ পৰা আহিছে। পূৰ্বতে ইয়াৰ অৰ্থ আছিল নাচৰ পুতলা; এই গীতবোৰ আদিতে পুতলা-নাচৰ লগত গোৱা হৈছিল। কিন্তু সময়ৰ লগে লগে পুতলা আৰু পাঁচালি দুই ভিন্ন অনুষ্ঠানত পৰিণত হ'ল। অবশ্যে কোনো কোনোৰ মতে পাঞ্চাল দেশৰ পৰা আহিছিল বুলি ইয়াৰ নাম পাঞ্চালি বা পাঁচালি। কাৰো মতে এই নৃত্য-গীত অনুষ্ঠানত পাঁচোটি ভাগ আছে দেখি ইয়াৰ নাম পাঞ্চালি। যেনে, পা-চাল অর্থাৎ ভৰি চালনা কৰি এই গীত গোৱা হয়; নাচাৰি অৰ্থাৎ নাচি নাচি গোৱা হয় ইত্যাদি। তদুপৰি ওজা আৰু পালিৰ মাজত প্রশ্ন সমর্থনৰ ৰূপত সংলাপ সন্নিবেশ কৰা হয়। মহাপুৰুষ শংকৰদেৱৰ পূৰ্বেও আমাৰ দেশত ওজা-পালিৰ বিশেষ প্রচলন আছিল। মন্দিৰৰ প্ৰাঙ্গণৰ বাহিৰেও সামাজিক উৎসৱ অনুষ্ঠানত ওজা-পালিৰ গীত গোৱাৰ প্রথা এতিয়াও প্রচলন আছে। বিশেষকৈ বেউলা-লখিন্দৰৰ আখ্যান ওজা-পালি গীতৰ প্ৰধান উপজীৱিকা। দেৱতাৰ মহিমা বর্ণোৱাৰ ছলেৰে অসমীয়া সমাজৰ বাস্তৱ চিত্র ফুটাই তোলাতে এই গীতসমূহৰ বৈশিষ্ট্য। সাধাৰণ মানুহৰ সুখ-দুখ বৰ্ণনা কৰাৰ হেতু ওজা-পালিৰ গীত আজিলৈকে জনপ্রিয় হৈ জীয়াই আছে। এই আখ্যানত গাঁৱলীয়া মুনিহ-তিৰোতাই নিজৰ জীৱনকে প্রতিফলিত দেখিছে; আখ্যানৰ চৰিত্ৰৰ দুখ-বেজাৰ নিজৰ দুখ-বেজাৰৰ ৰূপেই অনুভৱ কৰিছে। সাধাৰণ লোকৰ হৃদয় আকৰ্ষণ আৰু স্পৰ্শ কৰিব পাৰিছে দেখি ওজা-পালি পুৰণি হৈও পৰিবৰ্জিত হোৱা নাই। অসমত নাটক, ভাওনা প্রথমে মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰে বুলি প্রসিদ্ধি আছে। মহাপুৰুষে প্রথমে ৰচনা কৰা নাটখনিৰ নাম চিহ্নযাত্রা আছিল। চিহ্ন আৰু যাত্রা এই দুয়োটা শব্দৰে তাৎপর্য আছে। ই পুৰণি অসমৰ দুবিধ অভিনয়ৰ ইংগিত দিয়ে। প্রথম হৈছে চিহ্ন আঁকি আখ্যান বুজোৱা, ই জানিবা আজিকালিৰ মেজিক লেন্টৰ্ণৰ যোগে চিত্র দর্শোৱা। ছবি দেখুৱাৰ লগে লগে গীত-মাতেৰে ছবিৰ বিষয় ব্যাখ্যা কৰা হৈছিল। ইয়েই পুতলা নাচৰ অন্য এটি রূপ। পুতলা-নাচত পুতলাৰ সহায়েবে অভিনয় দেখুৱা হৈছিল; অভিনয় অংশ গীত-পদতে আৱদ্ধ আছিল। যাত্রা, সেই যুগৰ অন্য এটা অভিনয় অনুষ্ঠান। যাত্ৰাৰ প্ৰচলন বহুদিনৰে পৰা আছিল। তাৰ স্মৃতি বর্তমান জগন্নাথ-যাত্রা, দৌল-যাত্রা, ঝুলন-যাত্রা, বাস-যাত্রা আদি উৎসৱত সংৰক্ষিত হৈছে। দেৱতাৰ পূজা উৎসৱত নাচ-গান আৰু শোভাযাত্রা কৰায়ে এই যাত্রা অনুষ্ঠানৰ প্ৰধান অংগ আছিল। যাত্রা এক প্ৰকাৰ পথৰ সংগীত (Street singing)। মহাপুৰুষ শংকৰদেৱে নাচ, ওজা-পালি, চিহ্নযাত্রা, অভিনয় এই সকলো অংগকে সামৰি সম্পূৰ্ণ অৱয়বৰ নাট আৰু ভাওনাৰ সৃষ্টি কৰিলে। শংকৰদেৱৰ অংকীয়া নাটসমূহ ভাৰতীয় সাহিত্যতে অনির্বচনীয় দান। কেৱল সময়ৰ পিনৰ পৰাও ই একক আৰু অতুলনীয়। অসমীয়াৰ গৌৰৱৰ কথা যে একালত এই নাটসমূহ নেপালৰ ৰাজদৰবাৰতো অভিনীত হৈছিল। ভাওনাতে অভিনয়ে সম্পূর্ণতা লাভ কৰিছে। দেশ ভ্রমণত পোৱা অভিজ্ঞতাৰে মহাপুৰুষে ভাওনাক মনোহবকৈ সজাই পৰাই ল'লে। ভাওনা শব্দৰ সাদৃশ্য কিছু গুজৰাটৰ 'ভাৱই'ৰ লগত আছে। নৃত্য আৰু ভাব-প্রকাশৰ ভংগিমাৰ লগত কেবেলাত প্রচলিত নৃত্যৰ মিল আৰু চাওতালীৰ চোঁ অভিনয়ৰ লগত অসমীয়াৰ চোঁ বা মুখাপিন্ধা ৰীতিৰ সাদৃশ্য মন কৰিবলগীয়া। সর্বভাবতীয় সকলোবোৰ উপাদান সংগ্ৰহ কৰি মহাপুৰুষে অসমীয়া জাতিক অনবদ্য ভাওনা অনুষ্ঠান দান দি গ'ল। মূলতে ধৰ্ম প্ৰচাৰৰ কাৰণেই ভাওনাৰ সৃষ্টি হৈছিল যদিও সময়ত ই জন শিক্ষাৰ বাহনত পৰিণত হ'লগৈ। এলিজাবেথীয় যুগৰ ইংৰাজী নাট শৈলীৰ আলোচনা প্রসংগত এজন সমালোচকে লেখিছিল-"Elezabethan stage was made to serve a pulpit for a sermon, a platform for a lecture and singing gallery for ballad." অসমীয়া ভাওনা সম্বন্ধেও ক'ব পাৰি যে ভাওনা গুৰু-গোসাঁইৰ ধৰ্ম-উপদেশৰ বেদী, সাহিত্য চর্চাৰ পৰা আৰু নৃত্য, গীত, বাদ্যৰ অনুশীলন-ক্ষেত্র। পুৰণিৰ ওপৰতে নতুনৰ পাতনি; অসমীয়া জাতীয় জীৱনৰ বহুখিনি আনন্দ উৎসৱ, চিন্তাধাৰা ভাওনা অনুষ্ঠানৰ মাজতে সন্নিহিত হৈ আছে। এই অনুষ্ঠানৰ সংস্কাৰ, উন্নতি আৰু উপলব্ধিৰ ওপৰতে অসমীয়াৰ সাংস্কৃতিক জীৱনৰ ভৱিষ্যত নির্ভৰ কৰিছে। মহাপুৰুষে ভাওনাক যেনেকৈ নৃত্য-গীত সংলাপেৰে সম্পূর্ণ কৰিলে সেইদৰে নামঘৰতেই তেখেতে অসমীয়া জাতীয় ৰঙ্গালয়ৰ ভেটি বান্ধিলে। অসমীয়া সামাজিক, ধার্মিক আৰু সাংস্কৃতিক জীৱনত নামঘৰৰ ছপোন ছবুৰি অৱদানৰ পুনৰাবৃত্তিৰ প্ৰয়োজন নাই। নামঘৰ অসমীয়া জাতীয় সংস্কৃতিব যাদুঘৰ। কিন্তু জাতীয় ৰঙ্গালয় স্বৰূপে নামঘৰে এতিয়ালৈকে অসমীয়া জাতিৰ কি হিত সাধিছে তাক বিশ্লেষণ কৰা উচিত। নামঘৰেই জাতীয় ভাওনা-ঘৰ (National Theatre)। এই ভাওনা ঘৰত সকলো সম্প্রদায়বে বিনামূল্যে প্ৰৱেশ অধিকাৰ আছে; ধনী, দুখীয়া সকলোৰে নিমিত্তে এক কঠ-কুঁহিলাৰ আসন। উপযুক্ত সকলো বৰ্ণৰ লোকেই ভাওনাত ভাও ল'ব পাৰে, সূত্ৰধাৰ হৈ ব্যাখ্যা কৰিব পাৰে, নটুৱা হৈ নাচিব পাৰে, গায়ন হৈ খোল মৃদঙ্গ বজাব পাৰে। ভাওনা ঘৰে এনেদৰে অসমীয়া সামাজিক সমতা সংৰক্ষণ কৰি আছে। নামঘৰৰ কাৰ্যৰ মাজেদি গণতান্ত্রিক চিন্তাধাৰা কেনেকৈ প্রকাশ পাইছে সেই কথাও ভাবি চাবলগীয়া। ভাওনাৰ লগত জড়িত থকা বিবিধ বিষয়-বাব, যথা-সূত্ৰধাৰ গায়ন-বায়ন, খনিকৰ, ঢুলীয়া খুলীয়াৰ নিৰ্বাচন পূৰ্বৰে পৰা গণতান্ত্রিকভাবে চলি আহিছে। জাতি-বর্ণ-নির্বিশেষে গাঁৱৰ ভিতৰত যিসকল আনতকৈ পাৰ্গত তেওঁলোককেই এইবোৰ বাব দিয়া হয়। এনে প্ৰথাৰ পৰা প্ৰতিযোগিতাৰ ভাৱ বাঢ়ে; লগে লগে নৃত্য-গীত চৰ্চাৰ উন্নতি হয়। গাঁৱৰ ল'ৰাহঁতক নৃত্য-গীত-বাদ্যত শিক্ষা দিয়াও এই বিষয়াসকলৰ কর্তব্য। আন কথাৰে ক'বলৈ গ'লে, নামঘৰকে কেন্দ্ৰ কৰি অসমীয়া চাৰুশিল্পৰ প্রতিষ্ঠান গঢ়ি উঠিছে। আজিকালি শিল্পবিদসকলে নাট আৰু অভিনয় শিক্ষাৰ প্ৰধান অংগ হ'ব লাগে বুলি কৈছে। ইউৰোপ, আমেৰিকা আদি দেশত এই হেতু Theatre of Education for Children আদি অনুষ্ঠান স্থাপন কৰা হৈছে। নাটক আৰু অভিনয়ত যোগ দিয়াত ল'ৰা-ছোৱালীৰ ৰসানুভবতা, কল্পনা শক্তি বাড়ে, স্বৰসাধন হয় আৰু ভাও লোৱাৰ হেতু সৌন্দৰ্যবোধ, উচ্চাৰণ স্পষ্টতা, বাক্-পটুতা আৰু স্মৃতি-শক্তি বাড়ে। নামঘৰ আৰু ভাওনাই অসমীয়া গাঁৱলীয়া ডেকাক এনে শিক্ষাকে যুগ যুগ ধৰি দি আহিছে। লেখক: ড° বিৰিঞ্চি কুমাৰ বৰুৱা