বুৰঞ্জীমূলক নাট বুৰঞ্জীৰ ঘটনা বিশেষক কেন্দ্ৰ কৰি বুৰঞ্জীমূলক নাট ৰচনা কৰা হৈছিল। বুৰঞ্জীৰ আধাৰত ৰচিত হ'লেও ইয়াক ইতিহাসৰ পুনৰাবৃত্তি বুলি ক'ব নোৱাৰি। ইতিহাস অতীত ঘটনাৰ নিৰপেক্ষ বিচাৰক; মানৱৰ আশা, আকাংক্ষা, আৱেগ, অনুভূতিৰ কলাত্মক প্রকাশ নহয়। কিন্তু ঐতিহাসিক নাট অতীত ঘটনা আৰু মানৱ অভিব্যক্তিৰ কলাত্মক ৰূপ। ঐতিহাসিক ঘটনাৰ শুকান জকাত অস্থি-মাংস সংযোগ কৰি প্ৰাণ প্রতিষ্ঠা কৰিব পৰাতহে নাটকৰ সার্থকতা নিৰ্ভৰ কৰে। ঐতিহাসিক সত্য আৰু সাহিত্য বা কাব্যগত সত্য যদিও একে নহয়, তথাপি নাট্যকাৰে বুৰঞ্জীৰ প্ৰসিদ্ধ ঘটনা আৰু চৰিত্ৰ ইচ্ছানুসাৰে পৰিৱৰ্ত কৰিব নোৱাৰে। ঘটনাপুঞ্জৰ মাজত বুৰঞ্জীয়ে যেতিয়া ছিদ্র ৰাখি যায়, ঘটনা পৰম্পৰাৰ মাজত কার্যকাৰণ সম্পর্ক যেতিয়া স্পষ্ট হৈ নোলায় আৰু যিবোৰ বুৰঞ্জীমূলক ঘটনা আৰু চৰিত্ৰৰ পৰিৱৰ্তন আগ-পিছ কৰিলে মূল কাহিনীৰ ওপৰত বিশেষ আঘাত নপৰে তেনেস্থলত নাট্যকাৰে স্বকীয় উদ্ভাবনী শক্তিৰ সহায় ল'ব পাৰে। নাট্যকাৰে কল্পনাৰ সহায়ত কাৰ্যকাৰণহীন ঘটনাৰ মাজত কল্পনাৰে সম্পর্ক স্থাপন কৰিব পাৰে আৰু অস্পষ্ট বা অপৰিস্ফুট ঘটনাক উজ্জ্বল বা স্পষ্ট কৰিবলৈ স্বকীয় ৰহন বা উপঘটনা সংযোগ কৰিব পাৰে। আনকি প্রসিদ্ধ চৰিত্ৰৰো যিটো দিশত ইতিহাসে পোহৰ পেলোৱা নাই তেনে অনুজ্জ্বল আৰু মৌন দিশক উজ্জ্বল আৰু মুখৰ কৰিবলৈ নাট্যকাৰৰ স্বাধীনতা আছে। সাধাৰণতে আমি বুৰঞ্জীত প্রসিদ্ধ চৰিত্ৰৰ ৰাজনৈতিক কার্যকলাপহে পাওঁ, তেওঁৰ পৰিবাৰিক জীৱন আৰু ব্যক্তিগত কচি-অভিৰুচি সম্পর্কে ইতিহাস প্রায় মৌন থাকে। এনেবোৰ ক্ষেত্ৰত নাট্যকাৰে সেই সময়ৰ সমাজলৈ দৃষ্টি ৰাখি কল্পনাৰ সহায়ত ইতিহাসে চৰিত্ৰত খালি ৰখা দিশ পূৰণ কৰাত একো বাধা নাই। কেতিয়াবা ঐতিহাসিক ঘটনা অবিকৃত ৰাখিও চৰিত্ৰই কাৰ্যকলাপৰ অন্তৰালত আত্মগোপন হৈ থকা অভিলাস, অভিসন্ধি বা কৰ্ম প্ৰেৰণাৰ উৎস কল্পনা বা অনুমানৰ সহায়ত সংযোগ কৰি দিব পাৰে। ঐতিহাসিক সত্য ঘটনাৰ লগত কাল্পনিক উপকথা জড়িত কৰি দিয়াত নাট্যকাৰৰ কোনো বাধা নাই। প্রায়ে দেখা যায় আধিকাৰিক কথাবস্তু (principal plot) যদি ঐতিহাসিক ঘটনাক কেন্দ্ৰ কৰি ৰচিত তেন্তে তাৰ লগত একোটি কাল্পনিক প্রাসংগিক কথাবস্তু (sub-plot) সংযোগ কৰা হয়। প্ৰাসংগিক ঘটনাৰ ধুমুহা বতাহৰ বিপৰীতে শান্ত-স্নিগ্ধ পাৰিবাৰিক জীৱনৰ চিত্ৰ নাইবা প্রেমপ্রীতি, স্নেহ-মমতা আদি কোমল বৃত্তিবোৰৰ পৰিস্ফুৰণ দেখুৱাবলৈ কাল্পনিক উপবস্তু সংযোগ কৰা হয়। অতীত ইতিহাসৰ একোটি বিশেষ মুহূৰ্ত আৰু যুগৰ সম্যক চিত্র নাটকত দাঙি ধৰিবলৈ হ'লে কেৱল ৰাজনৈতিক পুৰুষ কেইজনমানৰ যুদ্ধবিগ্রহ, ষড়যন্ত্ৰ আৰু বিৰত্বৰ কাহিনীয়ে যথেষ্ট নহয়; সেই যুগৰ সামাজিক ৰূপো পার্শ্বচিত্ররূপে দাঙি ধৰিব পাৰিলেহে যুগৰ প্ৰকৃত প্রতিফলন হৈছে বুলি ক'ব পৰা হ'ব। কিন্তু কল্পনাই যাতে যুগ সম্ভাবনাক অতিক্রম কৰি নাযায় তালৈ সততে নাট্যকাৰে দৃষ্টি ৰখা উচিত। অর্থাৎ যি যুগত যেনেকুৱা ঘটনা, ব্যৱহাৰ, ৰাজনীতি, আদব-কায়দা সম্ভৱ, সেইফালে দৃষ্টি ৰাখি ঘটনা, চৰিত্ৰ, সাজ-পোছাক ব্যৱহাৰ আৰু আদব-কায়দা প্রয়োগ কৰিব লাগে। অন্যথা যুগৰ অনুচিত অসঙ্গতি প্রকাশ পাব পাৰে। বহুত ক্ষেত্ৰত লক্ষ্য কৰা যায় যে ঐতিহাসিক কাহিনী নাটত ৰূপায়ণ কৰোঁতে নাট্যকাৰৰ কল্পনাৰ সোঁতত উটি গৈ ঐতিহাসিক নাটৰ পৰিৱৰ্তে ৰোমাঞ্চ নাটক চনা কৰি পেলায়। নাটৰ বিষয়বস্তু অনুসাৰে ৰস পৰিবেশন ৰীতিৰো প্রভেদ থাকে। যি নাটৰ কাহিনী অতিশয় বাস্তৱ সেই নাটৰ বাস্তৱতা যাতে অক্ষুন্ন থাকে সেই ফালে তীক্ষ্ণ দৃষ্টি ৰখা প্রয়োজন। বাস্তব প্রধান সামাজিক নাটত ঘটনাৰ চমৎকাৰিত্বৰ পৰিৱৰ্তে চৰিত্ৰৰ মনস্তাত্ত্বিক সংঘাত দর্শকে অধিক আশা কৰে, কিন্তু বোমাঞ্চধর্মী নাটকত ঘটনাৰ চমৎকাৰিত্বই প্রথান কথা, তাত চাঞ্চল্যকৰ ঘটনা বাহুল্যৰ পৰিবেশত অস্বাভাৱিক যেন নালাগে। বোমাঞ্চধর্মী নাটক কল্পনা প্রধান। কিন্তু চিত্ত-চমৎকাৰী আৰু বিস্ময়াৱহ ঘটনা প্রকৃত ঐতিহাসিক নাটত দর্শকে আশা নকৰে। ঐতিহাসিক সম্ভাৱনা আৰু সত্যতাৰ ভেটিত নাট্যকাৰে কাহিনী বিন্যাস কৰাতো দর্শকে বিচাৰে। ৰসজ্ঞ পাঠকে যি দৃষ্টিভংগীৰে ছেক্সপীয়েৰৰ 'হেনৰি ফ' নাটৰ ৰসাস্বাদন কৰিব, 'মিড-চামাৰ নাইটছ ড্রিম' (Mid-Summer Night's Dream) চাওঁতে সেই একে দৃষ্টিভংগীলৈ বসাস্বাদন নকৰে। ৰোমাঞ্চধর্মী নাট চাওঁতে স্বাভাৱিকতে যুক্তিবাদী আৰু বাস্তৱমুখী মনটোক হেঁচা মাৰি ল'ৰালি কালৰ বিশ্বাসপ্রৱণ মনটোক স্বাধীনতা দিয়া হয়। কিন্তু ঐতিহাসিক নাটৰ ক্ষেত্ৰত যুক্তিপ্রৱণ মনটোৰ প্রাধান্য বৈ যায়। বুৰঞ্জীমূলক নাটৰ ভাষা-শৈলী সুকীয়া। বুৰঞ্জীৰ ঘটনাও সত্য, চৰিত্ৰও সত্য; সেই কাৰণে বাস্তৱতাৰ ফালে দৃষ্টি ৰাখি ক'বলৈ হ'লে গদ্যই ঐতিহাসিক নাটৰ স্বাভাৱিক মাধ্যম। কিন্তু প্রায়ে দেখা যায় যে একোটি বিশেষ সময়ত ৰচনা ৰীতি বিশেষৰ সাৰ্বাধিক প্রচলন হয়, কিন্তু কিছুদিনৰ পিছত সেই ৰীতি পৰিত্যক্ত হৈ অন্য এটি ৰীতিৰ প্ৰচলন হয়। গহীন নাটক ৰচনা কৰোতে আমাৰ পুৰণিচামৰ নাট্যকাৰসকলে বঙলা নাটৰ আদৰ্শত অমিত্রাক্ষৰ ছন্দ বা গৈৰিশ ছন্দ প্রয়োগ কৰিছিল। সেই সময়ৰ গহীন নাটসমূহ ভাবপ্রৱণ আৰু বর্ণনাবহুল হোৱাৰ কাৰণে অমিত্রাক্ষৰ ছন্দ প্রধান মাধ্যম হৈ পৰিছিল। অৱশ্যে যিবোৰ নাটত কার্যতকৈ ভাবব প্রাধান্য বেছি, য'ত দ্রুত ক্রিয়াশীল সংলাপৰ ঠাইত বর্ণনাত্মক ভাষণ অধিক আৰু সিবোৰ নাটৰ বিষয়বস্তু ৰোমাঞ্চধৰ্মী আৰু কথাবস্তু কাব্যানুকুল তেনে নাটত ছন্দোবদ্ধ সংলাপ প্রয়োগ কৰিলে অনৌচিত্য দোষে স্পর্শ নকৰে। সেই কাৰণে পৌৰাণিক নাটকৰ ক্ষেত্রত ছন্দোবদ্ধ সংলাপ অধিক উপযোগী।