ভোকেন্দ্ৰ বৰুৱা গোন্ধাই শুৱাল। "ভোকোন্দাইৰ মাক ঔ, ভোকোন্দাইৰ মাক বোলো কলৈ গ'ল ঔ এইজনী শুনিছ নে ঐ শুনিছ বাঘেখাঁতীক বিচাৰিলেও পাবলৈ নাই বোলো শুনিছ নে" ঘৈণীয়েক জেতুকীয়ে লাওৰ হেদালিৰ তলত সোমাই লাও পাৰিবলৈ বিচাৰিছিল; গিৰিয়েকৰ মাত শুনি হেদালিৰ তলৰ পৰা ওলাই আহি উত্তৰ দিলে "কি হ'লনো? চিঞৰ বাখৰখন বা লগাইছে কেলে? মোক নেদেখি কিবা এবাঁ চৰিল নে কি?" গোন্ধাই- "এবাঁ চৰা নাই; শুনহি তোৰ কলিকতীয়া পুতেৰে এইখন কলিকতাৰ পৰা কি লেখি টিকচ্ মাৰি ডাকত দি পঠিয়াইছে, চাহিচোন চাহি" কলিকতীয়া পুতেকৰ নাম শুনিয়েই জেতুকী উছাহত উতলি লৰালৰিকৈ গিৰিয়েকৰ ওচৰ পালেহি। জেতুর্কী- "মোৰ ভোকোন্দায়ে নো কি লেখিছে? মোৰ বোপাই ভালে আছে নে? মোৰ বোপাই ভালে আছে বুলি শুনিলেই মোৰ বুকুখন শীতল পৰি যায়। মোৰ দেহিডুখৰিক কিবা ধন-বিত লাগে নে? ধন-বিত লাগে যদি একুৰি মান ৰূপ পঠিয়াই দিয়া। মোৰ দেহিডুখৰিয়ে পঢ়ি থাওক, পঢ়ি থাওক; বৰ মানুহ হওক, মোক আন একো নেলাগে।" গোন্ধাই- "বাঘেখাঁতী তোৰ দেহিডুখৰিক ধন-বিত নালাগে, বৰুৱা ফুকন হ'বলৈ হে লাগে। তাৰ এইখন চিঠি আজি ডাকত পাই, তাত নো কি লেখিছে পঢ়াই আনিবলৈ আমাৰ বেথাৰাম ভাগৱতীৰ ওচৰলৈ গৈছিলো। চিঠিখনত ইংৰাজী দেশী দুই কলম আছে। ভাগতী বাপুৱে ইংৰাজী সোপা এৰিও আমাৰ মাতত লেখা সোপা যি পঢ়িলে তাক শুনি মোৰ গা গোটেইটোত জ্বৰ উঠিছে। তাৰ হেনো ভোকোন্দি নামটো কিবা অসইভ হৈছিল, সেইদেখি সি সেইটো নাম ঘহি মাজি সইভ কৰিলে। হেনো এতিয়াৰপৰা মই তালৈ চিঠি লেখিলে কিবা ভোকইন্দ্র বুলি লেখিব লাগিব; আৰু বৰুৱা কথাষাৰো হেনো তাৰ পিছতে যোৰাই দিব লাগিব। অর্থাৎ আমাৰ ভোকোন্দাই ভোকোন্দি গুচি ভোকইন্দ্ৰ বৰুৱা হৈছে হেনো।" জেতুকী- "বুজিছোঁ, মোৰ বোপায়ে হাড়-মূৰ ভাঙি দুখকৈ পঢ়িছে দেখি মহাৰাণীয়ে তাক বৰুৱা পাতিছে। বোলো, মোৰ এই গেন্ধেলা মুখখনেৰেই তোমাক কওঁ, দেখি থাকিবা, মোৰ ভোকোন্দাইক মহাৰাণীয়ে মনচুপ নাপাতিও নেৰে। হওক, হওক, মোৰ বোপায়ে সাত-শতুৰুৰ মুখত ছাই দি মনচুপ সদৰামিন এটাইবোৰ হওক। মই দিনৌ গোসাঁইক খাটি আছোঁ, সেইদেখি তাৰ ভাল হৈছে। তাৰ হকে আমাৰ আতাৰ থানত মই পাল-নাম এভাগি গোৱাবলৈকো আগ কৰি থৈছোঁ।" গোন্ধাই- "তই নো এইখন কি বলকিছ? মহাৰাণীয়ে তাক বৰুৱা পাতিছে বুলি তোক কোনে ক'লে? তোৰ পুতেৰে হে আপোনা-আপুনি বৰুৱা হৈছে, আৰু মোকো সি বৰুৱা পাতিছে। তাৰ আগৰ নামটো হেনো বেয়া, সেইদেখি সি সেইটো সলাই কিবা ভোকইন্দ্র হৈছে। মোৰও হেনো সি কিবা চৰিত্র লেখাইছে, সেই দেখি মোৰ নামটোও সলাই মোক গোন্ধেশ্বৰ বৰুৱা পাতিছে। তই নো কথামখাব আহমখা নুবুজাকৈ কি ক'ব লাগিছ?" এনেতে গোন্ধাইৰ ঘৰৰ আগেদি বগীৰাম ডাকবাবু যাওক। বগীৰামক দেখি গোন্ধায়ে মাত লগালে,- "ডাকবাবু ডাঙৰীয়া ডাকবাবু ডাঙৰীয়া ভো-ভো কৰে নো কলৈ যাব লাগিছে? এইপিনে এখস্তক আহকচোন, তামোলছালি এখনকে খাই যাওকহি।" এই কথা শুনি বর্গীৰাম আহি তেওঁলোকৰ ওচৰতে বহিলত, জেতুকীয়ে লৰালৰিকৈ তামোলৰ বঁটাটো উলিয়াই আনি তামোল কাটিবলৈ লাগিল। গোন্ধাই - "বোলো ডাকবাবু ডাঙৰীয়া, আমাৰ কলিকতীয়া ল'ৰাটোৰ পৰা এই চিঠিখন আহিছে, আমাৰ তাইক এবাৰ কিৰ্গা কৰি চিঠিখন পঢ়ি শুনাই দিয়কচোন।" এই বুলি চিঠিখন গোন্ধায়ে বগীৰামৰ হাতত দিলত বগীৰামে ডাঙৰকৈ মাতি পঢ়িবলৈ ধৰিলে:- "মাই ডিয়েৰ ফাদৰ, "আজি তোমালৈ যি কথা লেখিছোঁ, মই হপ্ (hope) কৰোঁ তুমি তাত মনযোগ কৰিবা। আজি এবছৰ হ'বলগীয়া হ'ল মই কলিকতালৈ আহিলো। কিন্তু আহিবৰে পৰা মোৰ মনত এটা কথাই বৰকৈ উখল-মাখল লগাই আছিল। সম্প্রতি তাৰ এটা মীমাংসা কৰিছোঁ। বৰ লাজৰ কথা যে মোৰ নামটো ভোকোন্দি হৈছিল। really really বাস্তবিকতে এইটো বৰ shameful লাজৰ কথা। ইয়াৰ কলেজৰ ল'ৰাই এই নামটো লৈ মোক বৰ ঠাট্টা কৰে। ময়ো দেখিছোঁ যে ভোকোন্দি বৰ অসভ্য নাম। monstrous তাক সভ্য কৰি লোৱাটো মোৰ duty অর্থাৎ কর্তব্য। সেইদেখি মই আমাৰ কলেজৰ হাজিৰা-বহীত আজি মার্চ মাহৰ ২০ তাৰিখে তাক কটাই ভোকেন্দ্ৰ কৰিলোঁ। আৰু মোৰ নামৰ পিছত এটা উপাধি নোহোৱাৰ বাবেও বৰ হাঁহিয়াতৰ কথা হৈছে, সেইদেখি তাত বৰুৱা লগাই দিয়ালোঁ। তুমিও আজিৰ পৰা তোমাৰ নামটোৰ উন্নতিবিধান কবি তাক গোন্ধেশ্বৰ কৰিবা আৰু তাত বৰুৱা কথাষাৰ লগাই দিবা; আৰু লোককো সেইদৰে তোমাক address কৰিবলৈ অৰ্থাৎ মাতিবলৈ কৈ দিবা। মই remember কৰোঁ অৰ্থাৎ মোৰ মনত আছে, তুমি এদিন কৈছিলা, মোৰ পেহী এজনী দুলীয়া বৰুৱাৰ ঘৰৰ সতৰাম বৰুৱাৰ হৰিভকত কানুৰামলৈ পৰিবৰ কথা হৈছিল। যদি সেইটো সঁচা তেন্তে সেই সূত্রতে আমিও বৰুৱা লেখাত কোনো ব্যাঘাত নেদেখোঁ। বিশেষ Ram gone, Ajodhya gone অর্থাৎ ৰাম গ'ল, অযোধ্যাও গ'ল; আহোমো গ'ল, আহোমৰ ৰাজত্বও গ'ল। সেইদেখি আহোমে পতা বৰুৱা ফুকনসকল সেই সেই উপাধিৰ ওপৰত Copyright also gone, অর্থাৎ স্বত্বও গ'ল। এতিয়া যি যোগ্য সিয়েই ইচ্ছামতে সেই উপাধি ব্যৱহাৰ কৰিব পাৰে। This is according to law of Equity অর্থাৎ ইকুইটি আইনমতে সত্য। আৰু "যোগ্য ভোগ্য বসুন্ধৰা” বুলি শাস্ত্রত আছে; এই সংস্কৃত কথাফাকিৰ মানে তুমি আমাৰ ভাগতী বাপুক শুধি ল'বা। এই বিষয়ে in detail অর্থাৎ বাহুল্যকৈ তোমালৈ লেখাৰ সকাম নাই; কাৰণ তুমি ignorant সেইবোৰ বুজিব নোৱাৰিবা। মুঠতে কওঁ, যে আজিৰ পৰা তুমি মোৰ instruction follow কৰি মই কোৱা মতে কাৰ্য্য কৰিবা। আৰু এটা কথা মই তোমাক কওঁ। তুমি লাহে লাহে তোমাৰ shameful গুৱালৰ ব্যৱসায়টো এৰিবলৈ চেষ্টা কৰিবা; কাৰণ সেইটো লাজ-লগা বুলি মই think অর্থাৎ বিবেচনা কৰিছোঁ। তুমি আগেয়ে যি আছিলা, এতিয়া, you are my father, তুমি মোৰ পিতাই; therefore you must behave like a gentleman, অর্থাৎ ভদ্রলোকৰ দৰে তুমি চলিব লাগিব। আইক ক'বা, তেওঁ যেন খবে ঘবে ঢেং ঢেং কৰে আৰু নুফুৰে। She must keep her respect অর্থাৎ এতিয়া তেওঁ নিজৰ মান সম্ভ্রম ৰাখি ফুৰিব লগিব। I hope অর্থাৎ আশা কৰোঁ, তোমালোকে মোৰ কথাৰ অন্যথা নকৰিবা। ইতিঃ- Yours affectionately, শ্রীভোকেন্দ্র বৰুৱা। পুঃ- মোলৈ চিঠিৰ ওপৰত মোৰ বিজুগ এইদৰে লেখাবা।- Mr. B. K. Boroah First Year Class, Metropolitan Institution Calcutta পুঃ পুঃ- মোৰ সৰু ভনীজনীৰ ভুভুৰী নামটো সলাই ভ্ৰমৰিণী কৰিবা। কাৰণ, সময় থাকোঁতেই সেই কাম কৰা উচিত; নাইবা, পিচত too late হৈ পৰিলে তাক শুধৰাবলৈ মোৰ নিচিনাকৈ বৰ কষ্ট পাব লাগিব। ভ্ৰমৰিণীক মোৰ kiss অর্থাৎ চুমা দি ক'বা, যে এই নামটো তাইৰ কলিকতীয়া ককায়েকে তাইক Birthday present অর্থাৎ জন্মদিনৰ উপহাৰ দিছে। আৰু এটা কথা, মই দ-কৈ ভাবি দেখিছোঁ, যে আইৰ নামটোও নসলালে নচলিব। তোমাৰ জীৱন-চৰিতত আইৰ জেতুকী নামটো নিশ্চয় হাস্যাস্পদ হ'ব; সেইদেখি আইৰ জেতুকী নামটো গুচাই যতিকেশ্বৰী দিলো। আমাৰ গাঁৱৰ নামটোও বদলাব পাৰিলে ভাল। অৱশ্যে সেইটো কাম তুমি অকলৈ কৰি উঠিব নোৱাৰিবা। অনেক লোকক influence কৰি অৰ্থাৎ ৰাজহুৱা মত সংগঠন কৰি গৱৰ্ণমেণ্টক “মেমোৰিয়েল" অর্থাৎ দর্শান্ত দি হে সেই কাম কৰিব পৰা হ'ব। সেইদেখি সেইটো কাম মই উভতি যোৱালৈকে স্থগিত থাকক, মই গৈ agitation অর্থাৎ এটা আন্দোলন কৰি তাক হাতত ল'ম। ভৱিষ্যতৰ ইতিহাসলৈ এইদৰে বাট পোনাই ৰখাটো অত্যাৱশ্যক হৈছে। মই শ্যেলি, কীটচ্, ববি কবি নিচিনাকৈ এখন বহুমূলীয়া কবিতা গ্রন্থ লেখিছোঁ, সি প্রায় শেষ হ'বলগীয়া হৈছে। তাৰ পাতনিত মোৰ ছবিৰে সৈতে মোৰ সংক্ষিপ্ত জীৱনীও ওলাব। সেইবাবে মই দীঘলকৈ চুলি ৰাখিছোঁ, জ্ঞাত কাৰণ লেখিলোঁ। তোমাৰ বিস্তৃত জীৱনচৰিত্ৰ এখন লেখা নিতান্ত প্রয়োজন হৈ উঠিছে। মই তাৰ যো-জা কৰিছোঁ। তোমাৰ জীৱন-চৰিত্ৰৰ নিমিত্তে কিছুমান material অর্থাৎ সঁজুলি অর্থাৎ ঘটনা মই সংগ্ৰহ কৰি ডাঙৰ মানুহ এজনৰ হাতত দিছোঁ, তেওঁ তোমাৰ জীৱন চৰিত লেখিবলৈ গাত লৈছে, আৰু তাৰ পাতচেৰেক লেখিছেও। কিন্তু সেই কিতাপৰ Front page অত অৰ্থাৎ সমুখৰ পাতত তোমাৰ ছবি এটা দিবৰ বৰ দৰ্কাৰ, সেইদেখি তুমি এই চিঠি পোৱা মাত্ৰকতে তোমাৰ ছবি এটা তোলাই মোলৈ পঠিয়াই দিবা। যোৰহাটত photographer অর্থাৎ ছবি তোলোতা মানুহ নাই যদি ডিবুঝলৈ গৈ গোহাঁই ব্ৰদৰ্চৰ তাত তোমাৰ ফটোগ্রাফ এটা তোলাবা; ইয়াত মই হাটোন ব্লক কৰাই এলাৰ্জ কৰিব লাগিব। ফটোখন সোনকালে মোক লাগে। ডিবুৰুলৈ যাবলৈ সম্প্রতি তোমাৰ হাতত cash অর্থাৎ নগদ ধন নাই যদি সেই গাখীৰতী বগী ম'হজনী বেচি দিবা; অলপ cheap অর্থাৎ সস্তাকৈ দিলে থিতাতে বহুত কিনোতা ওলাব। আৰু তোমাৰ Travelling expenses-অব অর্থাৎ ডিবুঝলৈ যোৱাৰ খৰচৰ পিছত ছবিৰ নিমিত্তে জোৰাকৈ হাতত ৰূপ নথকাটো যেন দেখিলে, আৰু এজনী ম'হ বেচিবা। মুঠতে এই কাম বৰ জৰুৰী জানিবা। -বি, কে, বি, গোন্ধাই- "দেখিলি, দেখিলি, বাঘেখাঁতী দেখিলি এতিয়া, তোৰ পুতেৰ কেনেকৈ ভোকইন্দ্র হ'ল, কেনেকৈ বৰুৱা হ'ল। সি বান্দৰে মোকো বৰুৱা পাতে, তোকো বৰুৱানী পাতে। গুৰুজনৰ অনুগ্রহত ম'ই-গৰু দুটামান ৰাখি এগাল ভাত খাই আছোঁ, সি বৰুৱা হৈছে দেখি তাকো হেনো এৰিব লাগে, তাকো বেচি দিব লাগে।" জেতুকী- "মই দেখোন তোমাক কৈছোঁ, যে মোৰ বোপায়ে হাড়-মুৰ ভাঙি তেজ পানী কৰি কলিকতাত পঢ়িছে দেখি বৰুৱা হৈছে। মহাৰাণীৰ পেটৰ কথাটো সি পাইছে, নাপালে তেনে কেতিয়াও নকৰে। সি কত হেপ (Hope) কৰিছে, থিং (think) কৰিছে, চেম (shame) কৰিছে, বেচে (re-spect) কৰিছে, কৰিহে তেনে কৰিছে। মই এতিয়াও কওঁ যে মোৰ বোপাইক মহাৰাণীয়ে বৰুৱা পতাদি মনুচুপ সদৰামিনো পাতিব, তুমি চাই থাকিবা, মই আমুকী হওঁ যদি মোৰ কথা ফলিয়াবই ফলিয়াব। মোৰ বোপাইৰ হকে মই এই একাদশীতে থানত পাল নাম গোৱাম। মোৰ বোপায়ে ভনীয়েকক কি হাৰ (উপহাৰ) দিছে চাওঁ? কোন ধাৰ? অ' ভুভুৰী অ' ভুডুৰী তোৰ কলিকতীয়া ককায়েৰে তোলৈ কিবা কলিকতীয়া হাৰ পঠিয়াইছে, চাহি। কলৈ গ'ল নো এইজনী?" গোন্ধাই - "বাঘেখাঁতী তোৰ পুতেৰৰ লগতে তয়ো বলিয়া হৈছ নে কি? বোলে, সাত পুরুষত নহ'ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায়। সি দুটা ইংৰাজী পঢ়ি ক-ক-ম-ম কৰিলে বুলি গোন্ধাই গুৱালে তাৰ সাত পুৰুষীয়া বৃত্তি এবি বৰুৱা হ'ব লাগিব। সি বৰুৱা হয়, ফুকন হয়, বান্দৰ হয়, শিয়াল হয় যি হয় হৈ থাওক, তাৰ লগতে মই বুঢ়াইও নাচিবলৈ যাব লাগিল নে কি? তই নাচিব খুজিচ নাচ। কিন্তু ৰাইজে তোৰ মুখত চুণ সানি মূৰত ঘোল ঢালিব চাবি।" জেতুকী-“মোৰ ল'ৰাৰ সুখ-সম্পদ দেখি ৰাইজৰ হিংসা লাগিছেই, সেইবুলি মোৰ ল'ৰাই নপঢ়িব নে কি? ৰাইজে হিংসা কৰিলে বুলি মোৰ ল'ৰা মনচুপ সদৰামিন নহব নেকি? মোৰ একেটা ল'ৰা, তাক এইদৰে সকলোৱে হিংসা কৰে। উ-উ-উ-।" এই বুলি জেতুকীয়ে বাও জুৰি কান্দিবলৈ ধৰিলে। গিৰিয়েক ঘৈণীয়েকৰ চুপতাচুপতি লাহে লাহে এইদৰে বাঢ়ি গৈ শেহত গোন্ধায়ে জেতুকীক এখুন্দা দিবলৈ ঢেকী-থোৰা বিচৰা দেখি বগীৰাম ডাক-বাবু তাৰ পৰা লাহেকৈ উঠি প্রস্থান কৰিলে। এইখিনিতে আমি এই আখ্যানটোৰ অলপ আগৰে পৰা ধৰি তাক মুকলি কৰি দিওঁ। গোন্ধাই গুৱালৰ ঘৰ মাজুলিত। ম'হ গৰু ৰাখি, গাখীৰৰ ব্যৱসায় কৰি সি লাহে লাহে চহকী হৈ পৰিছিল। তাৰ এটা ল'ৰা নাম ভোকোন্দি; আৰু এজনী ছেৱালী নাম ভুভুৰী। ভোকোন্দিৰ বুধিটো সৰুৰে প্ৰা চোকা আছিল দেখি তাক গোন্ধায়ে পঢ়াশালিত পঢ়িবলৈ লগাই দিলে। জোঙাল বুধীয়া ভোকোন্দিয়ে সোনকালে পঢ়াশালিৰ শিক্ষা শেষ কৰিলে দেখি বাগেকে উৎসাহিত হৈ দহ-চাৰিৰ পৰামৰ্শ মতে তাক যোৰহাটত থৈ গৱৰ্ণমেন্ট হাইস্কুলত ইংৰাজী পঢ়িবলৈ নাম লগাই দিলে। ভোকোন্দিৰ অদৃষ্ট সুপ্রসন্ন; গতিকে বুদ্ধিৰ সুবতাহ তেওঁৰ বিদ্যাৰ পালত লাগি, পাল ফুলি উঠি দোপতদোপে স্কুলীয়া জীবন-নাও আগবাঢ়ি এন্ট্রেচ পৰীক্ষা পাৰ হৈ গ'ল। গৱৰ্ণমেণ্টৰ কুৰিটকীয়া বৃত্তি এটা ভোকোন্দিৰ কপালত উঠিলত বাপেক মাকৰ আৰু উৎসাহ বাঢ়িল, সেইদেখি ভোকোন্দিক কলিকতাত "ফাষ্ট আর্টচ" পঢ়িবলৈ তেওঁলোকে পঠিয়াই দিলে। ফলত, ভোকোন্দিক আমি আজি মেট্রপলিটান ইনষ্টিটিউচনৰ প্রথম বার্ষিক শ্রেণীত পাই, তেওঁ বৰুৱা হোৱা এই ইতিহাস ঘুটিবলৈ পাইছোঁ। সংগ্ৰহ: বেজবৰুৱাৰ ৰচনাৱলী