অসমৰ ভক্তি আন্দোলনঃ ষোড়শ শতিকাত অসমত ভক্তি বা নৱ বৈষ্ণৱ ধৰ্ম আন্দোলনৰ সূচনা হৈছিল। ইয়াৰ গুৰি ধৰিছিল শ্রীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ প্রিয় শিষ্য মাধৱদেৱে। অৱশ্যে উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ দৰে অসমত এই আন্দোলনৰ অগ্রগতিত ইছলামৰ কোনো ভূমিকা নাছিল বা শঙ্কৰদেৱো কোনো ভাৰতীয় ভক্তি সন্তৰ শিষ্য নাছিল। বৰ্তমানৰ নগাঁও জিলাৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰী নামে গাঁৱত ১৪৪৯ খ্ৰীঃত জন্মগ্রহণ কৰা শঙ্কৰদেৱে সুদীর্ঘ বাৰ বছৰ কাল কাশী, গয়া, মথুৰা, প্রয়াগ, পুৰী, দ্বাৰকা, ৰামেশ্বৰ প্ৰভৃতি ভাৰতৰ তীৰ্থস্থানসমূহ ভ্ৰমণ কৰি তথা বিভিন্ন ধৰ্মতত্ত্ববিদৰ লগত আলাপ-আলোচনা কৰি ধৰ্ম বিষয়ৰ বিশদ জ্ঞান অর্জন কৰে। দেশলৈ উলটি অহাৰ কিছুদিন পিছত তেওঁ ভক্তিবাদৰ মূল নীতিসমূহৰ ওপৰত ভিত্তি কৰি এনে ধৰ্মমত প্ৰচাৰ কৰি চৌদিশে এক প্রবল জাগৰণৰ সৃষ্টি কৰে। এই ধৰ্ম জাগৰণ কেৱল অসমৰ ধৰ্ম জগততেই আবদ্ধ নাছিল, ই লাহে লাহে দেশৰ বিভিন্ন জনজাতীয় সম্প্রদায়বোৰক ঐক্যবদ্ধ কৰাৰ লগতে সমাজ, কলা-কৃষ্টি, ভাষা-সাহিত্য আদি সকলোকে প্রভাৱিত কৰি এনে এক সংস্কৃতিৰ জন্ম দিলে, যি পিছলৈ অসমীয়া সংস্কৃতি ৰূপে চিহ্নিত হ'ল। ভাৰতবৰ্ষৰ পঞ্জাৱক বাদ দি আন ক'তো অসমৰ দৰে ধৰ্মসংস্কাৰ আন্দোলনে জাতীয় জীৱনলৈ এনে ব্যাপক গতিশীলতা আনিব পৰা নাছিল। শঙ্কৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মমতক 'মহাপুৰুষীয়া ধৰ্ম' বা নৱ বৈষ্ণৱ ধর্ম বুলিও জনা যায়। এই ধর্ম মতে, সকলো শক্তিৰ আধাৰ আৰু একমাত্ৰ নিৰাকাৰ পৰম ব্ৰহ্ম পৰমেশ্বৰ বিষ্ণুৱেই পূজ্য। তেওঁৰ বাহিৰে আন দেৱ-দেৱীৰ পূজা নিষেধ। নির্বাণ বা মুক্তিলাভ কৰিবৰ বাবে যাগ-যজ্ঞ, বলি-বিধান আদিব কোনো প্রয়োজন নাই। সামাজিক ক্ষেত্রত ভাতৃত্বৰ বাণী প্ৰচাৰ কৰা শংকৰে কৈছিল যে জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো মানুহৰে ভগৱানৰ ওচৰত সমান অধিকাৰ আছে। মহাপুৰুষজনাৰ এনেবোৰ আদর্শই দেশত বিভিন্ন জাতি, সম্প্রদায় আৰু ধর্মমতৰ লোকৰ মাজত সম্প্ৰীতিৰ এক পৰিৱেশ ৰচনা কৰিছিল। আনকি এই ধর্মমতত ইছলামৰ প্ৰতিও কোনো বিদ্বেষ ভাব নাছিল। প্রকৃতপক্ষে আহোম যুগৰ অসমৰ হিন্দু-মুছলমানৰ মাজৰ একতা আৰু মিলা-প্রীতি বিশেষভাবে লক্ষণীয় আছিল। হিন্দুসকলে নিঃসংকোচে মুছলমান পীৰ ফকীৰ আদিৰ প্ৰতি ভক্তিভাব প্রদর্শন কৰিছিল আৰু আনহাতে মুছলমানসকলেও আগ্ৰহেৰে নাম-কীৰ্তনত অংশ গ্রহণ কৰিছিল। বৰ্তমানৰ কামৰূপ জিলাৰ চামৰীয়াকে আদি কৰি কিছুমান সত্ৰত এতিয়াও এই নিয়ম প্রচলিত আছে যে প্ৰত্যেক বছৰত গাঁৱৰ নামঘৰত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোক সম্মিলিত হয় আৰু উমৈহতীয়া কল্যাণৰ বাবে একেলগে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। প্ৰাৰ্থনাৰ শেষত দুয়োটা সম্প্ৰদায়ৰ লোকৰ প্ৰত্যেকেই একেটা পাত্র বা খৰাহীৰপৰা নিজৰ ভাগৰ প্ৰসাদ গ্ৰহণ কৰে আৰু একেলগে বহি তাক ভোগ কৰে। হিন্দুসকলে মুছলমান সম্প্ৰদায়ৰ লোকক 'তাজিয়া' প্রদর্শন কৰিবলৈ বা মন্দিৰ আৰু সত্ৰত বাদ্যযন্ত্ৰ পৰিৱেশন কৰিবলৈও আমন্ত্ৰণ কৰিছিল। তদুপৰি বিভিন্ন সন্তপীৰৰ সন্মুখত ভক্তি প্ৰকাশৰ বাবে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে একেলগে তীর্থযাত্রা কৰাৰো বহু উদাহৰণ আছে। আহোম স্বৰ্গদেউসকলেও এই সাম্প্রদায়িক সম্ভাৱক উৎসাহিত কৰিছিল আৰু পীৰসকল আৰু মছজিদৰ বাবে মাটি দান কৰি ইছলাম ধৰ্মৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াইছিল। মোগলৰ সাজ-পোছাক আৰু সংগীত আদি এহাতেদি আহোম ৰাজসভা, সত্ৰ, নামঘৰ আদিত প্ৰৱেশ কৰিছিল আৰু আনহাতেদি বৈষ্ণৱ স্তুতিগীতৰ দ্বাৰা প্ৰভাৱিত হৈ আজান ফকীৰ ওৰফে ছাহ মিলানে 'জিকিৰ' ৰচনা কৰিছিল। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মপন্থাক 'একশৰণ নামধৰ্ম' বোলা হয়। এই ধৰ্মৰ পন্থা হ'ল দাস্যভক্তি। অর্থাৎ এই ধৰ্ম গ্ৰহণ কৰা সকলে নিজকে নিৰাকাৰ ভগৱানৰ সেৱক বা দাস বুলি বিবেচনা কৰিব লাগিব। পৰম ব্ৰহ্ম পৰমেশ্বৰ বিষ্ণু বা কৃষ্ণৰ প্রতি সীমাহীন আৰু চূড়ান্ত ভক্তি প্রদৰ্শন কৰি সৎ সংগৰ মাজত নাম-কীৰ্তনৰ আৰু ভাগৱত পুৰাণৰ ওপৰত ভিত্তি কৰি এই মূল নীতিসমূহ গঢ় লৈ উঠিছিল বাবে জৰিয়তে মুক্তিলাভ কৰাই শ্রীমন্ত শংকৰৰ ধৰ্মৰ মূল নীতি আছিল। ভাগবত, গীতা শংকৰৰ ধৰ্মপন্থাক 'ভাগৱতী ধর্ম' বুলিও কোৱা হয়। প্রকৃতপক্ষে শঙ্কৰদেৱৰ ধর্মব মূল দিশটো হ'ল মানৱতাবাদ আৰু তেওঁ সকলো মানুহৰ সমানতাৰ বিষয়ে শিক্ষা প্রদান কৰিছিল। শঙ্কৰে জনজাতীয় আৰু মুছলমান সম্প্ৰদায়ৰ লোকক শবণ দিয়াই নহয়, তেওঁলোকক আন সকলৰ লগত সমমর্যাদাও প্রদান কৰিছিল। তেওঁৰ এনে দৃষ্টিভংগীৰদ্বাৰা অনুপ্রাণিত হৈ স্বাভাৱিকতেই বিভিন্ন জনজাতি আৰু সম্প্রদায়ব তেওঁৰ শিষ্যসকলৰ মাজত আছিল মুছলমানৰ চান্দসাই, গাৰোৰ গোবিন্দ, মিৰিব লোকে 'একশৰণ নাম ধর্মত শৰণ ল'বলৈ আগবাঢ়ি আহিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত পৰমানন্দ, ভুটিয়াৰ জয়নন্দ, আহোমৰ নৰহৰি, কৈৱৰ্তৰ শ্ৰীৰাম, জয়ন্তীয়াৰ মাধর আৰু দামোদৰ নামৰ এজন বণিয়া। শংকৰে এনেদৰে নিজ ধৰ্মমতৰ জৰিয়তে জনসাধাৰণৰ ধৰ্মীয় চিন্তাধাৰাৰ বিৰাট পৰিৱৰ্তন সূচনা কৰাই নহয়, তেওঁৰ শিষ্যসকলৰ মাজত একতা আৰু ভাতৃত্ববোধৰ এক ভাবধাৰাৰ বিকাশ ঘটাবলৈও সক্ষম হৈছিল। এনে এক ভাবধাৰাৰ উত্থান স্বাভাৱিকতে একচ্ছত্ৰী আহোম ৰাজশক্তিৰ বাবে কাম্য নোহোৱাত শংকৰদেৱ আৰু তেওঁৰ শিষ্যসকলৰ বাবে আহোম ৰাজ্যত ধৰ্মপ্ৰচাৰত যথেষ্ট প্রতিকূলতাই দেখা দিছিল। এনে পৰিস্থিতিত শঙ্কৰদেৱে সশিষ্যে কোঁচ ৰাজ্যলৈ যায়। প্রাচীন হিন্দু ৰাজ্য কামৰূপৰ মূল অংশসমূহক লৈ গঠিত কোঁচ ৰাজ্যত শঙ্কৰে নিজ নৱ ধৰ্মমত প্ৰচাৰৰ বাবে এক অনুকূল পৰিৱেশ লাভ কৰে। কোঁচ ৰজা মহাৰাজ নৰনাৰায়ণেও শংকৰৰ প্ৰতিভা, পাণ্ডিত্য আৰু ধর্মভাবত মোহিত হৈ তেওঁৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়ালে। প্ৰকৃততে এই কোঁচ ৰাজ্যতে শ্ৰীমন্ত শংকৰদেৱে নাম-কীৰ্তন, সত্ৰ আৰু নামঘৰ-এই তিনিটা মূল বিষয়বস্তুৰে বৈষ্ণৱ সামাজিক সংগঠন বিকশিত কৰিছিল। প্ৰায় ছয়কুৰি বছৰ বয়সত ১৫৬৯ খ্ৰীঃত কোচবিহাৰৰ ওচৰৰ কাকতকুটা নামে ঠাইত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে নশ্বৰ দেহ ত্যাগ কৰে। বৈষ্ণৱ সামাজিক সংগঠনৰ অন্যতম প্রধান অংগ হ'ল সত্র অনুষ্ঠান। সত্রসমূহ হ'ল বৈষ্ণৱ গুৰুসকলৰ মুখ্য কাৰ্যালয়। এইবোৰ আধ্যাত্মিক শিক্ষা প্ৰদানৰ প্ৰাণকেন্দ্ৰ হোৱাৰ উপৰি বিভিন্ন শিল্প কলাৰ প্ৰশিক্ষণ কেন্দ্ৰতো পৰিণত হৈছিল। প্ৰথম সত্ৰখন শ্রীমন্ত শংকৰদেৱে নিজে তেওঁৰ পূৰ্বপুৰুষৰ গাঁও বৰদোৱাত প্রায় ১৪৯৪ খ্রীঃত প্রতিষ্ঠা কৰিছিল। পিছলৈ তেওঁ বৰদোৱাৰপৰা বৰপেটা আৰু তাৰপৰা পাটবাউসীলৈ যাওঁতে যিবোৰ ঠাইত থাকিছিল, সেই সকলোবোৰ ঠাইতে সত্র স্থাপন হৈছিল। নরবৈষ্ণব আন্দোলনৰ প্রবল অগ্রগতিব লগে লগে অসমৰ বিভিন্ন অংশত অসংখ্য সত্র প্রতিষ্ঠা হৈছিল। অৱশ্যে এই সত্রসমূহত এক সুনির্দিষ্ট সংগঠন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল শ্রীমন্ত শংকৰৰ দুই প্রধান শিষ্য-মাধৱদেৱ আৰু দামোদৰদেৱে।। সত্ৰাধিকাৰ, ভকত আৰু শিষ্যসকলক লৈ সত্রসমূহ গঠন হৈছিল। সত্ৰাধিকাৰ বা সত্ৰৰ মুৰব্বীজনক গোসাঁই বা মহন্ত বোলা হৈছিল। তেওঁলোেক সাধাৰণতে চিৰকুমাৰ আছিল যদিও লাহে লাহে বহু সত্ৰৰ সত্ৰাধিকাৰে সাংসাৰিক জীৱন আৰম্ভ কৰিবলৈ লয়। সত্রাধিকাৰে শিষ্যসকলক শৰণ দিছিল আৰু বিভিন্ন ধর্মীয় অনুষ্ঠান পৰিচালনা কৰিছিল। ভকতসকলে সত্ৰৰ চৌহদৰ ভিতৰত থাকি এক সম্পূর্ণ ভক্তিমূলক জীৱন-যাপন কৰিছিল আৰু বিভিন্ন ধর্মীয় বিষয়বাব লৈ দায়িত্ব পালন কৰিছিল। তেওঁলোকে সাধাৰণতে অবিবাহিত জীৱন যাপন কৰিছিল আৰু কিছুমান সত্ৰত এই ভকতৰ চিৰকৌমাৰ্যৰ ব্যৱস্থাক কঠোৰতাৰে পালন কৰা হৈছিল। এনে চিৰকুমাৰ ভকতসকলক কেৱলীয়া ভকত বোলা হৈছিল। সত্ৰৰ সৰ্বসাধাৰণ লোকসকলক শিষ্য বোলা হৈছিল। তেওঁলোকে ভিন্ ভিন্ গাঁৱত সাংসাৰিক জীৱন-যাপন কৰি বসবাস কৰিছিল। সত্ৰসমূহৰ প্ৰশাসন সত্ৰাধিকাৰে চলাইছিল। সত্ৰৰ অন্যান্য বিষয়ববীয়াসকল হ'ল ভাগৱতী (যিজনে ভাগৱত পাঠ আৰু ব্যাখ্যা কৰিছিল), পাঠক (যিজনে ধর্মপুথিসমূহ পঢ়িছিল), দেউৰী (যিজনে নাম-কীৰ্ত্তনৰ পিছত প্ৰসাদ বিতৰণ কৰিছিল), ভঁৰালী (যি সত্ৰৰ ভঁড়ালৰ দায়িত্বত আছিল), শ্ৰাৱণী (যি ধৰ্মগ্রন্থসমূহ পাঠ কৰা দৈনিক শুনিছিল আৰু প্ৰত্যক্ষ কৰিছিল), গায়ন (যি ধৰ্মীয় গীত পৰিৱেশন কৰিছিল) আৰু বায়ন (যি বাদ্যযন্ত্র বজাইছিল)। উৎসঃ তচদ্দুক আমানুল হুছেইন : অসমৰ সংক্ষিপ্ত ইতিহাস মহেশ্বৰ নেওগ : অসমৰ ধৰ্মৰ বুৰঞ্জী : আন্ধাৰ আৰু পোহৰ