প্ৰাক্-আহোম যুগৰ অর্থনৈতিক ব্যৱস্থা: বৰ্তমানৰ দৰেই প্ৰাক্-আহোম যুগৰ অসমৰ সমাজ তথা অর্থনীতি আছিল মূলতঃ কৃষিভিত্তিক আৰু গ্রামীণ। ব্রহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহে কাষৰীয়া অঞ্চলত প্রত্যেক বছৰে পলস পেলাই মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিছিল আৰু নানা প্ৰকাৰৰ শস্যৰ খেতি ইয়াত হৈছিল। হিউয়েনচাঙৰ বিৱৰণীৰপৰা দেশত জলসিঞ্চন ব্যৱস্থা থকাৰো উল্লেখ পোৱা যায়। প্রাচীন সাহিত্য, লিপি আদি বিভিন্ন ঐতিহাসিক সমলৰপৰা জনা যায় যে ধান খেতিয়েই আছিল সৰহ সংখ্যক মানুহৰ মূল জীৱিকা। খ্ৰীষ্টীয় চতুর্থ শতিকাৰ পূৰ্বৰপৰাই নাঙল আৰু গৰু ব্যৱহাৰ কৰি খেতি কৰাৰ পদ্ধতি আৰম্ভ হৈছিল যদিও এনে পদ্ধতিৰে কৰা খেতিৰ পৰিসৰ প্ৰাচীন অসমত তেনেই সীমিত আছিল। পাহাৰ-ভৈয়াম উভয়তে প্ৰধানকৈ জুম পদ্ধতিৰ খেতিৰহে বহুল প্রচলন আছিল। বিভিন্ন প্ৰকাৰৰ ধানৰ উপৰি অন্যান্য শস্য, যেনে- সৰিয়হ, মাহ, কুঁহিয়াৰ, নানান ফলমূল আৰু পাচলিৰ খেতি মানুহে কৰিছিল। কুমাৰ ভাস্কৰ বৰ্মনে ৰজা হর্ষবর্দ্ধনলৈ পঠিওৱা উপহাৰ সামগ্ৰীৰ ভিতৰত মাটিৰ কলহত কুঁহিয়াৰৰপৰা প্ৰস্তুত কৰা গুৰ আৰু বাঁহৰ চুঙাত পঠিওৱা আমৰ ৰস অন্যতম আছিল। হিউয়েনচাঙৰ বিৱৰণী আৰু বাণভট্টৰ 'হৰ্ষচৰিত' ৰপৰা সেই কালৰ অসমত কঁঠাল, নাৰিকল আৰু তামোল-পাণৰ বিশাল উৎপাদনৰ বিষয়ে জনা যায়। কালিকাপুৰাণ আৰু কৌটিল্যৰ লেখনীত সেই কালৰ অসমৰ মূল্যৱান গছ-গছনি, যেনে- সৰল, শাল, চন্দন, অগৰু আদিৰ প্ৰাচুৰ্যৰ বিষয়ে উল্লেখ পোৱা যায়। মাছ মৰা আৰু বোৱা-কটা বহু মানুহৰ প্ৰধান জীৱিকা আছিল। দেশৰ বুজন সংখ্যক কৈৱৰ্ত সম্প্ৰদায়ৰ লোকে মাছ মৰাটোকে জীৱিকা বৃত্তি হিচাপে লৈছিল আৰু 'তন্তুবায়' নামৰ শ্ৰেণীটো আছিল বৃত্তিজীৱী তাঁতী। পাট-পলু পুহি ইয়াৰ পৰা বিভিন্ন প্ৰকাৰৰ সূতা উলিয়াই কাপোৰ বোৱাৰ কলা অসমবাসীয়ে ৰামায়ণ আৰু অর্থশাস্ত্ৰৰ কালতেই জানিছিল। কাপোৰত ফুল-বছা আৰু ৰং কৰাৰ পদ্ধতিও তেওঁলোকৰ জ্ঞাত আছিল। ৰজাঘৰৰ পৰা ব্রাহ্মণসকলে লাভ কৰা ভূমি সম্পত্তি বা 'অগ্ৰহৰ' অঞ্চলসমূহে সমসাময়িক কালৰ আৰ্থ-সামাজিক জীৱনধাৰাক বহুদূৰ প্ৰভাৱিত কৰিছিল। ব্রাহ্মণক ভূমি-সম্পত্তি দান কৰা ফলিসমূহ লক্ষ্য কৰিলে দেখা যায় যে ৰজাঘৰৰপৰা ব্ৰাহ্মণক একোখনকৈ গাঁও কাম কৰা বনুৱাসহ দান কৰা হৈছিল। ব্রাহ্মণসকলে তেওঁলোকৰ কৃষি তথা পশুপালন সম্পৰ্কে থকা উন্নত জ্ঞানেৰে স্থানীয় লোকসকলক প্রভাবিত কৰি দেশৰ উৎপাদন বৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল। অৱশ্যে এনেদৰে ব্ৰাহ্মণ তথা মন্দিৰৰ বাবে ভূমি সম্পত্তিৰ লগতে দান কৰা মানুহখিনি গৰাকীৰ সম্পূৰ্ণ অধীন হৈ পৰি একপ্ৰকাৰ দাস শ্ৰেণীলৈ পৰিৱৰ্তিত হৈছিল। এনেদৰে ক্ৰমে দাস আৰু সামন্তভিত্তিক অর্থনীতি এটাই গা কৰি উঠিছিল। ইফালে ৰজাঘৰীয়া মাটিবোৰতো খেতি কৰিবৰ বাবে মানুহ ৰখা হৈছিল আৰু তেওঁলোকে জীৱন নির্বাহৰ বাবে এটা অংশ লাভ কৰিছিল। ক্রমে ব্যাপক পৰিমাণৰ মাটি খেতিৰ বাবে মুকলি হোৱাত এইবোৰ সাংগঠনিক ৰূপত শাসনৰ তললৈ অনা হৈছিল। লাহে লাহে খেতিৰ মাটিৰে ৰাজ কৰ্মচাৰী বা বিষয়াসকলক বেতন দিয়াৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ ফলশ্রুতি স্বৰূপে জনজাতীয় সামন্ত ৰজা আৰু ৰজাঘৰীয়া উচ্চ বিষয়াসকলৰ মাজৰ পাৰ্থক্যসমূহ নোহোৱা হৈছিল। এনে বিষয়াসকলে নিজ মাটিত খেতি কৰিবৰ বাবে নিজাববীয়াকৈ বনুৱা নিয়োগ কৰিছিল। দেশৰ সকলো ভূমি-সম্পত্তি, হাবি-বন, ঘাট, খনি আদিৰ নীতিগতভাবে মালিকানা স্বত্ব আছিল ৰজাৰ হাতত। অগ্রহৰ ভূমিসমূহ ব্রাহ্মণক দান দিয়া হৈছিল আৰু এইবোৰ আছিল খাজনামুক্ত। দান গ্রহণ কৰাজনৰ পৰিয়ালে উত্তৰাধিকাৰী সূত্রে এনে ভূমি-সম্পত্তিৰ ওপৰত দাবী কৰিব পাৰিছিল যদিও ৰজাই ইচ্ছা কৰিলে সেই সম্পত্তি বাজেয়াপ্ত কৰিব পাৰিছিল। সম্ভৱতঃ ৰজাই এনে দান কৰা সম্পত্তি কেতিয়াও ঘূৰাই লোৱা নাছিল। বেতনৰ পৰিৱৰ্তে ৰাজবিষয়াসকলে ভূমি-সম্পত্তি ভোগ কৰিবলৈ পাইছিল যদিও এনে মাটিৰ ওপৰত বিষয়াসকলৰ সম্পূৰ্ণ অধিকাৰ সাব্যস্ত হোৱা নাছিল। 'বাস্তু' ভূমি বা গৃহ আদি নিৰ্মাণ কৰা মাটিসমূহ ব্যক্তিগত মালিকীস্বত্বৰ তলত আছিল আৰু এনে মাটিৰ অধিকাৰী ব্যক্তিক আনকি ৰজাইও সহজে উৎখাত কৰিব নোৱাৰিছিল। ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে অসমৰ সেইকালৰ গাঁওসমূহৰো তিনিটা মূল অংশ আছিল- মূল গাঁওখন, খেতি-পথাৰ আৰু পশুচৰা ঘাঁহনি ভূমি। প্রত্যেক ব্যক্তিৰ খেতি মাটিবোৰ সৰু নলা খান্দি সীমা মৰা হৈছিল। গাঁৱৰ সীমাত আছিল বাঁহনি, কাঠনি আৰু পতিত মাটি। পশুচৰা ঘাঁহনি মাটিবোৰ গাঁওখনৰ উমৈহতীয়া ভূমি আছিল। গাঁওসমূহ সংগঠিত ৰূপত গঢ় লৈ উঠাত কৃষিজাত আৰু ক্ষুদ্র তথা কুটীৰ শিল্পৰ উৎপাদিত সামগ্ৰীৰ পৰিমাণো বৃদ্ধিপ্রাপ্ত হয়। এনে পণ্যদ্রব্যৰ ক্রয়-বিক্রয় আৰু দেশৰ প্ৰশাসনৰ কেন্দ্ৰবিন্দুৰূপে দুই-এখন নগৰ গঢ় লৈ উঠিছিল। এনে নগৰৰ ভিতৰত হৰুপেশ্বৰ, প্ৰাগজ্যোতিষপুৰ, দুৰ্জয় আৰু কামৰূপ নগৰ প্ৰধান। এই নগৰসমূহ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত আছিল আৰু কামৰূপ নগৰ প্ৰধান। এই নগৰসমূহ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত আছিল আৰু এইবোৰত বণিক-সদাগৰসকলে অৱস্থান কৰিছিল। নগৰৰ বাট-পথসমূহৰ কাষত অসংখ্য দোকান-পোহাৰ আছিল। ব্রহ্মপুত্র নদীয়েদি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা সামগ্ৰীৰ সৰবৰাহ হৈছিল। বেহা-বেপাৰৰ ডাঙৰ নাওবোৰৰ বেছিভাগেই আছিল ৰজাঘৰীয়া। ৰজা ভাস্কৰ বৰ্মনৰ প্ৰায় ৩০,০০০ জাহাজ (নাও) আছিল। সম্ভৱতঃ ইয়াৰ বুজন সংখ্যক নাও বাণিজ্যিক ক্ষেত্ৰত ব্যৱহৃত হৈছিল। স্বাভাৱিকতে এই ব্যৱয়াস-বাণিজ্যই ৰাজকোষ টনকিয়াল কৰিছিল। সমসাময়িক অসমত উৎপাদিত বিভিন্ন পণ্যদ্রব্য, বিশেষকৈ বনজ আৰু খনিজ দ্রব্য চুবুৰীয়া ৰাজ্য আৰু শ্ৰীলংকা, ব্রহ্মদেশ, চীন, তিব্বত আদি দেশলৈও ৰপ্তানি হৈছিল। চুবুৰীয়া ৰাজ্যসমূহৰ লগত বাণিজ্য প্ৰধানকৈ ব্ৰহ্মপুত্ৰ আৰু গংগানদীৰ জলপথেৰে হৈছিল। বিভিন্ন সমলৰপৰা জনা যায় যে, ভাস্কৰ বৰ্মন আৰু পূৰ্বৰ কামৰূপৰ ৰজাসকলে চীনদেশলৈ যোৱা সমুদ্রপথ নিজ নিয়ন্ত্রণত ৰাখিবলৈ সক্ষম হৈছিল। ডাকৰ বচনসমূহত আৰাকান উপকূল আৰু শ্রীলংকাৰ লগত অসমৰ সমুদ্রবাহী বাণিজ্যব বিষয়ে উল্লেখ পোৱা যায়। পেৰিপ্লাছৰ (Periplus) বিৱৰণীৰপৰা জনা যায় যে অসমৰ পাট কাপোৰ স্থল আৰু জলপথেৰে বিদেশলৈ ৰপ্তানি হৈছিল আৰু অসমৰ বিভিন্ন নদীৰপৰা আহৰণ কৰা সোণ ত্ৰিপৰাৰ মাজেৰে চীনদেশলৈ পঠোৱা হৈছিল। সেইকালৰ অসমৰ ৰপ্তানি সামগ্ৰীৰ ভিতৰত প্ৰধান আছিল পাট আৰু পাটৰ কাপোৰ, সোণ, তাম, গন্ধকলাই, তেজপাত, ম'হৰ চামৰা আৰু শিঙ, গঁড়ৰ ছাল আৰু খড়গ, লা, হাতীৰ দাঁত আদি। আনহাতে অসমে তিব্বত আৰু চীনৰপৰা বিশাল পৰিমাণৰ ৰূপ আমদানি কৰিছিল বুলি জনা যায়। ব্যৱসায়-বাণিজ্য সাধাৰণতে বিনিময় প্ৰথাৰে কৰা হৈছিল। স্বর্ণ মুদ্রা সেইকালত প্রচলন থকাৰ উল্লেখ পোৱা যায় যদিও, বৰ্তমান পর্যন্ত প্রাচীন অসমৰ কোনো মুদ্রা আৱিষ্কৃত হোৱা নাই। হর্ষচৰিত আৰু হৰ্জৰ বৰ্মনৰ তেজপুৰ শিলালিপিত কড়ীৰ ব্যৱহাৰ থকাৰ বিষয়ে উল্লেখ আছে। সেই কালত জোখ-মাপ ব্যৱস্থাৰ প্ৰচলন সম্পর্কে বিশেষ তথ্য বর্তমান পর্যন্ত পোহৰলৈ অহা নাই। প্রাক্-আহোম যুগৰ অসমৰ অর্থনীতি আছিল অনুন্নত আৰু আদি সামন্ত চৰিত্ৰীয়। ৰজা আছিল দেশৰ সকলো ভূমি-সম্পত্তিৰ গৰাকী। ব্ৰাহ্মণ, পুৰোহিত, ৰাজবিষয়া আদিয়ে ৰজাঘৰৰপৰা বিশাল মাটি ভোগ কৰিবলৈ পাইছিল আৰু সেই মাটিত বসবাস কৰা প্ৰজাসকল হৈ পৰিছিল সেই সামন্ত প্ৰভুৰ দাস বা প্রদত্ত বনুৱা স্বৰূপ। অগ্ৰহৰ অঞ্চলসমূহত ব্রাহ্মণসকলে উন্নত কৃষি আৰু পশুপালন পদ্ধতিৰ সূচনা কৰিছিল যদিও এইবোৰৰপৰা সাধাৰণ প্রজা লাভবান হোৱা নাছিল। খেতিয়কে কোনোমতে জীৱন নিৰ্বাহ কৰিব পৰাকৈ খেতি মাটি বা উৎপাদনৰ এটা অংশহে লাভ কৰিছিল। উৎসঃ প্রতাপচন্দ্ৰ চৌধুৰী : The History of civilization of the people of Assam to the Twelfth Century A.D, 1966 স্বৰ্ণলতা বৰুৱা : A Comprehensive History of Assam ড० তচদ্দুক আমানুল হুছেইন : অসমৰ সংক্ষিপ্ত ইতিহাস , ২০১৬