বুৰঞ্জীৰ শ্ৰেণী বিভাগ আহোম যুগৰ বুৰঞ্জীবিলাকৰ বিষয়-বস্তুৰ অনুধাবন অনুসৰি কেইটামান ভাগত ভগাব পাৰি: (ক) প্রাক্-আহোম যুগৰ বুৰঞ্জী, (খ) আহোম যুগৰ বা আহোম ৰজাৰ বুৰঞ্জী, (গ) দাঁতিঅলীয়া বুৰঞ্জী, (ঘ) অন্য ৰাজ্যৰ বুৰঞ্জী, (ঙ) কটকী বুৰঞ্জী, (চ) চকীয়ালৰ বুৰঞ্জী, (ছ) চাং-কং ফুকনৰ বুৰঞ্জী। প্রাচীন কামৰূপত বুৰঞ্জী লিখি ৰখাৰ ৰীতি নাছিল যদিও ৰজাৰ বংশ-পৰম্পৰা লিখিতভাৱে ৰক্ষিত হৈছিল। তাম্ৰশাসনৰ যুগৰ ৰজাসকলে নিয়মীয়াকৈ পূৰ্বপুৰুষৰ হিচাপ দিছে আৰু সেইবোৰ তালিকাৰ মিল আছে। আহোম যুগৰ বুৰঞ্জীকাৰে এনে মূলৰপৰাই তথ্য আহৰণ কৰি আৰু জনশ্রুতি মিহলাই প্রাচীন কামৰূপৰ বিষয়ে বুৰঞ্জী লিখিছিল। এইবিধ বুৰঞ্জী তথ্য-পাতিৰ দিশৰপৰা তিমান নিৰ্ভৰযোগ্য নহ'লেও বৈজ্ঞানিক বুৰঞ্জী ৰচনাৰ বাবে সমল যোগাব পাৰে। দ্বিতীয় বিধ বুৰঞ্জীৰ সংখ্যাই সৰহ। এইবিধ বুৰঞ্জীত আহোম ৰাজত্বৰ নিৰ্ভৰযোগ্য তথ্য-বহুল বিৱৰণ পোৱা যায়। বুৰঞ্জীৰ প্ৰয়োজনীয় ঠাইত সন্নিৱিষ্ট ৰজাঘৰীয়া চিঠিবোৰ আৰু শক, মাহ, বাৰ, তাৰিখ আদি মন কৰিবলগীয়া। আহোম ৰাজ্যৰ সীমাত থকা কোচ, কছাৰী, চুতীয়া, জয়ন্তা, মণিপুৰ আদি ৰাজ্যবিলাকৰ লগত ৰাজনৈতিক কাৰণত যুদ্ধ-বিগ্রহ-সন্ধি আদি হৈছিল আৰু অনেক সময়ত বৈবাহিক সম্বন্ধও সংঘটিত হৈছিল। আহোম যুগৰ বুৰঞ্জীবোৰে এইবোৰ কথাও লিখি ৰাখিছিল ফলত একশ্রেণী বুৰঞ্জীৰ সৃষ্টি হৈছিল। এইবিধ বুৰঞ্জীক পাছলৈ দাঁতিঅলীয়া বুৰঞ্জী বুলিছিল। আহোম স্বৰ্গদেৱসকলে পূবে নৰা, খাময়াং, ম্যুং-কং আদি দেশলৈ আৰু পশ্চিে ত্ৰিপুৰা, বর্ধমান, কৃষ্ণ নগৰ, দিল্লী, কাশ্মীৰ পৰ্যন্ত কটকী পঠাইছিল। নঙঠা বৈৰাগী খেলৰ বিষয়াই সন্ন্যাসী বেশেৰে গৈ সেই সেই ৰাজ্যৰ কথা শুনি-বুজি আহি ৰজা লিখিতভাৱে জনাইছিল। এনেকৈয়ে 'ত্ৰিপুৰা বুৰঞ্জী', 'পাদশাহ বুৰঞ্জী', 'বর্ধমানৰ বুৰঞ্জী আদি ৰচিত হৈছিল। বিভিন্ন ৰাজ্যলৈ অহা-যোৱা কৰা কটকীসকলেও তেওঁবিলাল অভিজ্ঞতাৰ বিৱৰণ লিখিতভাবে দাখিল কৰিছিল। এইদৰেই একশ্রেণী বুৰঞ্জীৰ সু হৈছিল। 'ত্ৰিপুৰা বুৰঞ্জী'ও প্রকৃততে ৰত্ন কন্দলি আৰু অর্জুনদাস বৈৰাগী নামৰ দু কটকীৰ যুটীয়া প্রতিবেদন মাত্র। সেইদৰেই ৰাজ্যৰ চাৰিসীমাৰ গুৰুত্বপূৰ্ণ চকীসমূ থকা চকীয়াল বিষয়াসকলেও চকীৰ আয়-ব্যয়, কাম-বন আৰু ৰাজনৈতিক কার্যকল বিষয়ে ৰজাক জনাব লাগিছিল। কোনো কোনো চকীয়ালৰ প্ৰতিবেদনৰপৰাও বুৰঞ্জীমূলক তথ্য সংৰক্ষণ কৰিছিল, সেইবাবে এনে প্রতিবেদনক চকীয়ালৰ বুৰঞ্জী বুলিছিল। চাং-ৰুং ফুকন স্বৰ্গদেৱৰ মুখ্য অভিযন্তা। তেওঁ ৰজাৰ কাৰেং, হোলো শিঙৰিঘৰ, পাটঘৰ, বৰঘৰ, চৰাঘৰ, খাৰঘৰ, মঠ-মন্দিৰ, গড়-গড়খাৱৈ, আলি-প মৈদাম, সাঁকো, ধোন্দ আদি নিৰ্মাণ কৰিছিল আৰু তাৰ সমুদায় হিচাপ আৰু তথ্য--লিখি থৈছিল। ইয়াকে চাং-কং ফুকনৰ বুৰঞ্জী বুলিছিল।