পটভূমি ঊনবিংশ শতাব্দীৰ আৰম্ভণিৰ পৰাই ভাৰতত ইংৰাজৰ ক্ৰমবৰ্ধমান প্ৰভূত্বৰ বিৰুদ্ধে অসদন্ত্তষ্টিয়ে গা কৰি উঠিছিল। ইংৰাজে আক্ৰমণাত্মক নীতি গ্ৰহণ কৰি যুদ্ধ-বিগ্ৰহ আৰু চল চাতুৰিৰে ভাৰত উপমহাদেশৰ এক বৃহৎ অংশত নিজৰ দাখিলস্বত্ব সুদৃঢ় কৰি তুলিছিল। ইংৰাজে তেনে দাখিলকৃত অঞ্চলত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক বিজয়ৰ ধ্বজা উৰুৱাই ভাৰতবাসীক শোষণ কৰাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইংৰাজ কোম্পানী চৰকাৰে প্ৰশাসনিক বন্ধোন কট্কটীয়া কৰিছিল যদিও বহুতৰ মনত নানান সন্দেহ জাগিছিল। বিভিন্ন প্ৰকাৰে শোষিত ভাৰতবাসীৰ মনলৈ অসন্তষ্টিৰ ভাব আহিছিল। দেশ খনৰ বিভিন্ন প্ৰান্তৰত তেনে সঞ্চিত অসন্তষ্টিৰ ফলত ১৮৫৭ খ্ৰীষ্টাব্দত এক মুকলি বিদ্ৰোহে দেখা দিয়ে আৰু ই অতি ব্যাপক ৰুপ লৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰৰ বিৰুদ্ধে ইয়াৰ আগতেও সৰু-সুৰা কেইবাটাও বিদ্ৰোহ হৈছিল। ১৮৫৭ খ্ৰীষ্টাব্দৰ দেশব্যাপী হোৱা মুকলি বিদ্ৰোহৰ নামকৰণ লৈ বুৰঞ্জী বিদৰ মাজত মতভেদ আছে। তেওঁলোকৰ প্ৰত্যেকেই যুক্তি সহকাৰে এই বিদ্ৰোহৰ নামকৰণ, ব্যাপকতা আৰু তাৎপৰ্য বিচাৰ কৰি দেখুৱাইছে। মুঠৰ ওপৰত, ইংৰাজ প্ৰভূত্বৰ বিৰুদ্ধে দেখা দিয়া ব্যাপক বিদ্ৰোহৰ কাহিনীয়ে ভাৰত বুৰঞ্জীত ১৮৫৭ খ্ৰীষ্টাব্দটো আজিও স্মৰণীয় কৰি ৰাখিছে। অসন্তুষ্টিৰ কাৰণ কোম্পানী চৰকাৰৰ কাৰ্য-কলাপ ইংৰাজ বণিক কোম্পানীয়ে পলাচীৰ যুদ্ধৰ পিছৰ পৰা ভাৰতত শাসন-শোষণৰ স্বাৰ্থ পূৰণত উঠি পৰি লাগিছিল। ব্যৱসায়-বাণিজ্য, শিল্প-উদ্যোগ, ভূমি-ৰাজহ, কৃষি-নীতি, আইন-কানুন, শিক্ষা-দীক্ষা সকলো কথাত ইংৰাজৰ স্বাৰ্থ পূৰণ হোৱাকৈ পোনাই লোৱা হৈছিল। সকলো ক্ষেত্ৰতে সাম্ৰাজ্যবাদী, ঔপনিৱেশিক নীতিৰ কোবাল সোঁত বৈছিল। ফলত কোম্পানী চৰকাৰৰ অৰ্থনৈতিক, প্ৰশাসনিক, সামাজিক, ধৰ্মীয় নীতি-নিয়ম সমূহে সাধাৰণ ভাৰতীয় মানুহক তলে তলে বিক্ষুদ্ধ কৰি তোলে। ভাৰত ভূমি ইংৰাজৰ দখললৈ যোৱাৰ পিছৰ পৰাই পূৰ্বাপৰ চলি অহা ব্যৱস্থাৱলী ওলট-পালট হৈছিল। হিন্দু-মুছলমান সকলো শ্ৰেণীৰ লোক অসন্তষ্ট হৈছিল। তেনে অসন্তষ্টিৰ সময়ত অ-সামৰিক লোকৰ মাজৰ পৰা গৈ ইংৰাজ সামৰিক বাহিনীৰ ভাৰতীয় চিপাহীৰ মাজত ঘটনা প্ৰৱাহ আয়ত্বৰ বাহিৰলৈ গৈছিল। ৰজা আৰু প্ৰজাৰ মাজত ব্যৱধান ইমান বেছি হৈ পৰিছিল যে শেষত ভাৰতীয় মানুহে ফিৰিঙ্গিৰ শাসন উচ্ছেদ কৰাৰ বাবে মুকলি বিদ্ৰোহ কৰিব লগা হ’ল। ৰাজনৈতিক গ্ৰাস নীতি ঊনবিংশ প্ৰথমাৰ্ধত ইংৰাজে ভাৰতত যি ৰাজনৈতিক কাৰ্য-কলাপ চলাইছিল সি দেশীয় শাসক গোষ্ঠীক আৰু সৰ্বসাধাৰণ প্ৰজাক বিতুষ্ট কৰিছিল। বিশেষকৈ সমগ্ৰ উত্তৰ ভাৰত, মধ্য ভাৰত, দক্ষিণৰ কিছু অঞ্চলত, অসমত ইংৰাজ বিদ্বেষ চৰম পৰ্যায়লৈ গৈছিল। ডেলহাউছিৰ স্বত্ব-বিলোপ নীতিৰ প্ৰয়োগৰ তৎপৰতাই বহুতক পূৰ্বাপৰ ভোগ কৰি অহা সা-সুবিধাৰ পৰা বঞ্চিত কৰিছিল। তেনে বঞ্চিত ৰজা-মহাৰজাৰ উত্তৰাধিকাৰী সকল আৰু সেই ৰাজ্যৰ প্ৰজাৰ মনত অসন্ত্তষ্টি আৰু সন্দেহ দিনক দিনে ঘনীভূত হৈ পৰিছিল। গতিকে ইংৰাজৰ চৰম লক্ষ্য কি সেই কথাৰ উমান পাই সকলো সচকিত হৈ পৰিছিল। ইংৰাজ প্ৰশাসনিক ব্যৱস্থাৰ প্ৰতিক্ৰিয়া ভাৰতৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক ক্ষমতা হস্তগত কৰি ইংৰাজ কোম্পানীয়ে যি নতুন প্ৰশাসন ব্যৱস্থা প্ৰচলন কৰিছিল সি বহুতক বঞ্চিত আৰু অসন্ত্তষ্ট কৰি তোলে। সাৰ্বসাধাৰণ ভাৰতীয় মানুহে তেনে আচহুৱা ব্যৱস্থা এটিৰ লগত খাপ খুৱাব পৰা নাছিল। লগতে পূৰ্বৰ সুবিধা ভোগ কৰি অহা এচাম লোকে নতুন চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাইছিল। ইংৰাজৰ নতুন ৰাজহ প্ৰশাসনে ভূ-স্বামী আৰু ৰায়তৰ বাবে অনেক দুৰ্দশাৰ সৃষ্টি কৰিছিল। ইংৰাজ প্ৰশাসন ব্যৱস্থাই আইনৰ চকুত সকলো ভাৰতীয় প্ৰজাক এক কৰা কামটোত পূৰ্বৰ অভিজাতগোষ্ঠী অসন্তষ্ট হৈ পৰে। ইংৰাজৰ প্ৰশাসন ব্যৱস্থাৰ লগে লগে যি আৰক্ষী ব্যৱস্থা গঢ়ি উঠিছিল সি সাধাৰণ ৰাইজৰ মাজত শান্তি-নিৰাপত্তা নিশ্চিত কৰাত ব্যৰ্থ হৈছিল। ফলত মানুহ ক্ৰমান্বয়ে নতুন ব্যৱস্থাৰ প্ৰতি আস্থাহীন আৰু সন্দিহন হৈ পৰে। নতুন ইংৰাজ শাসন ব্যৱস্থাৰ আন কিছু কথায়ো ভাৰতীয় মানুহক অসন্তষ্ট কৰি তোলে। ইংৰাজ বিষয়াৰ সহজে কাষ চাপিব নোৱাৰা, ইংৰাজ প্ৰশাসন যন্ত্ৰবৎ চলাৰ নিয়ম, সাধাৰণ মানুহৰ বাবে দুৰ্বোধ্য ইংৰাজী ৰাজকীয় ভাষা হোৱাত ৰজা আৰু প্ৰজাৰ মাজৰ ব্যৱধান বাঢ়ি যোৱা কথাবোৰ অসন্ত্তষ্টিৰ মাত্ৰা বঢ়াই নিছিল। কোম্পানী চৰকাৰৰ আমোলত ভাৰতীয় মানুহক দায়িত্ব পূৰ্ণ চাকৰি দিয়া, উপযুক্ত দা-দৰমহা দিয়া, পদোন্নতি দিয়া বা উচ্চ পদৰ বাবে বাছনি আৰু নিযুক্তি আদিৰ ব্যৱস্থা নথকাত বহুতো গণ্য-মান্য ভাৰতীয় মানুহ বঞ্চিত হৈছিল। তাৰ উপৰিও প্ৰশাসনৰ নিম্ন পৰ্যায়ৰ দুৰ্ঘোৰ দুৰ্নীতিবোৰে সাধাৰণ প্ৰজাক জ্বলা-কলা কৰিছিল। গতিকে প্ৰায় সকলো শ্ৰেণীৰ ভাৰতীয় মানুহ অসন্ত্তষ্ট হৈ পৰে। অৰ্থনৈতিক তথা বাণিজ্যিক নীতি ভাৰতীয় মানুহ আৰম্ভণিৰে পৰা ইংৰাজৰ প্ৰতি বীতশ্ৰদ্ধ হোৱাৰ অন্যতম প্ৰধান কাৰণ হ’ল- অৰ্থনৈতিক। ইংৰাজ শাসনৰ এক পৰোক্ষ প্ৰতিক্ৰিয়া আছিল অৰ্থনৈতিক শোষণ। কোম্পানী চৰকাৰৰ আমোল আৰম্ভ হোৱাৰে পৰা ক্ৰমান্বয়ে সকলোবোৰ আভ্যন্তৰিণ আৰু বৰ্হি বাণিজ্য ইংৰাজ বণিকৰ সম্পূৰ্ণ দখললৈ গৈছিল। সফল ভাৰতীয় বণিক সকল একেবাৰে জুৰুলা হ’ল। পৰম্পৰাগত বস্ত্ৰ-শিল্প আৰু অন্যান্য কুটীৰ শিল্পবোৰ মষিমূৰ কৰাকৈ বিলাতী বস্ত্তৰ আমদানিৰে ভাৰতীয় বজাৰ ভৰাই পেলোৱা হৈছিল। ইয়াৰ ফল স্বৰুপে ভাৰতীয় শিল্পী, শিপিনী, খনিকৰ, বাঢ়ৈ, মহাজন, বেপাৰী সকলো অবৰ্ণনীয় দুৰ্দশাৰ সন্মুখীন হোৱাত দেশৰ অৰ্থনৈতিক অৱনতি ঘটিল। এনে এক অৱস্থাত ভাৰতীয় মানুহৰ মনলৈ অসন্ত্তষ্টিৰ ভাব অহাতো এক স্বাভাৱিক পৰিণতি। শিল্প-বণিজ্যক পোহ-পাল দি থকা কৃষিজীৱি মানুহ খিনিও ইংৰাজ প্ৰৱৰ্তিত অৰ্থনৈতিক ব্যৱস্থাত বিপৰ্যয়ৰ সন্মুখীন হ’ব লগা হৈছিল। সামাজিক আৰু ধৰ্মীয় ব্যৱস্থা বিজয়ী ইংৰাজে বিজিত ভাৰতীয়ৰ প্ৰতি কোনো সামাজিক সুবিচাৰ কৰা নাছিল। ইংৰাজৰ দাম্ভিকতাৰ সন্মুখত ভাৰতীয় মানুহ সন্ত্ৰত হৈ পৰিছিল। ইংৰাজে প্ৰকাশ্যে ভাৰতীয়ৰ প্ৰতি ঘৃণাৰ ভাব দেখুৱাবলৈ কুণ্ঠাবোধ কৰা নাছিল। ভাৰতীয় জাতিৰ নামত অপবাদো প্ৰচাৰ কৰিছিল। মিচনেৰী সকলে পশ্চিমীয়া শিক্ষা দিয়াৰ নাম লৈ বহু ক্ষেত্ৰত ধৰ্মান্তৰৰ ব্যৱস্থা কাৰ্যকৰী কৰিছিল। এনেদৰে কথাৰ বাবেই শাসক আৰু শাসিতৰ মাজৰ সামাজিক যোগাযোগ দিনক দিনে টুটি গৈছিল। চিপাহীৰ অসন্ত্তষ্টিৰ আৰু বীতৰাগ ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰৰ অধীনত গোড়া আৰু ভাৰতীয় এই দুই শ্ৰেণীৰ চিপাহী আছিল। কিন্ত গোড়া আৰু ভাৰতীয় চিপাহীৰ মাজত বিৰাট বৈষম্য বিৰাজ কৰিছিল। দা-দৰমহা, সা-সুবিধা, পদোন্নতি, দায়িত্ব অৰ্পণ আদিৰ বেলিকা ভাৰতীয় চিপাহীক নানা ভাৱে বঞ্চিত কৰাৰ সীমা নাছিল। তাৰ উপৰিও দাম্ভিক, অবিবেচক ইংৰাজ বিষয়াই সততে হিন্দু-মুছলমান- এই দুয়ো সম্প্ৰদায়ৰ চিপাহী সকলে নিজ ধৰ্ম ৰক্ষা কৰি কাম কৰাত নানান বাধা আৰোপ কৰিছিল। গতিকে চিপাহীৰ নিজ ধৰ্মীয় অধিকাৰবোৰ কাঢ়ি লোৱাৰ প্ৰচেষ্টাত বিক্ষুদ্ধ হৈ পৰাতো স্বাভাৱিক কথা। তাৰ পৰিণতি স্বৰুপে সময়ত চিপাহীৰ ছাউনিতে বিদ্ৰোহৰ প্ৰথম স্ফুলিঙ্গ জ্বলি উঠিল। অসন্তুষ্টিৰ পৰিণতি উপৰোক্ত অসন্তষ্টি আৰু বীতৰাগ সময়ত অতি গভীৰ হৈ পৰাত ভাৰতত ইংৰাজ কোম্পানী চৰকাৰ ১৮৫৭ খ্ৰীষ্টাব্দত এক বিৰাত বিক্ষুব্ধতাৰ সন্মুখীন হ’ব লগা হ’ল। এই বিক্ষুব্ধতাক সাধাৰণতে চিপাহী বিদ্ৰোহ বুলি কোৱা হয়। এচাম লোকে এই বিদ্ৰোহক ভাৰতৰ স্বাধীনতা যুদ্ধৰ পতনি বুলি ক’ব খোজে। কিছু সংখ্যক লোকে এই বিদ্ৰোহৰ অন্তৰালত সামন্তবাদী সমাজ এখনৰ ভাঙোনৰ ফলত উদ্ভৱ হোৱা বিক্ষুদ্ধতাৰ প্ৰকাশ বুলিহে মাথোন ভাবে। এই বিদ্ৰোহৰ প্ৰতি জনতাৰ সঁহাৰি সম্পৰ্কেও বুৰঞ্জীবিদ সকলৰ মাজত মতভেদ আছে। তাৰ উপৰিও ই সৰ্বভাৰতীয় বিদ্ৰোহ আছিল নে নাছিল, এই কথাতো মতভেদ আছে। ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহ – ভাৰতীয় লোকৰ অসন্তষ্টি আৰু ইংৰাজ সাম্ৰাজ্যবাদী শোষণ-নীতিৰ চৰম পৰিণতি বুলিব পাৰি। বিদ্ৰোহৰ কাৰণবোৰ জুকিয়াই ক’বলৈ গ’লে ৰাজনৈতিক, ধৰ্মীয়, সামাজিক, আদিম জনজাতীয় প্ৰবৃত্তি হিচাপে ভাগ কৰিব পাৰি ৰাজনৈতিক কাৰণৰ ভিতৰত ব্যক্তিগত অভিযোগ, ইংৰাজ বিজয়ৰ প্ৰতিক্ৰিয়া আৰু আশ্ৰিত ৰাজ্য সমূহত চলা কু-শাসনৰ কথাবোৰেই প্ৰধনকৈ পৰে। ইংৰাজৰ প্ৰণালীবদ্ধ ৰাজনৈতিক কতৃত্ব দখল নীতিয়ে ভাৰতীয় ৰজা-মহাৰজাক ক্ষতিগ্ৰস্ত কৰিছিল। গতিকে এচাম অসন্তষ্ট শাসকে বিদ্ৰোহী সকলক সমৰ্থন জনাই বিদ্ৰোহৰ ব্যাপকতা আৰু বঢ়াইছিল। নৱাব ওৱাজিদ আলী, নানা চাহেব, লক্ষমীবাই, বাহাদুৰ শ্বাহ জাফৰ, বেগম হজৰৎ মহল, বিহাৰৰ কোঁৱৰ সিংহ আদি শাসক গোষ্ঠীৰ দৰে উল্লেখযোগ্য ব্যক্তি সকলৰ সমৰ্থনে বিদ্ৰোহী চিপাহীক সাহস যোগাইছিল। অৰ্থনৈতিক কাৰণৰ ভিতৰত ইংৰাজৰ শোষণ নীতিয়ে ভাৰতীয় মানুহৰ বাবে যি জুৰুলা লগা অৱস্থাৰ সৃষ্টি কৰিছিল তাৰ পৰা সকাহ পাবৰ বাবে পুৰণি ৰজা মহাৰজাক সংস্থাপন কৰি আৰু লগতে মোগল বাদছাহক স্বাধীন হিন্দুস্থানৰ সম্ৰাট ঘোষণা কৰি ডা-ডাঙৰীয়া, ভূ-স্বামী, নেতৃস্থানীয় অপসাৰিত ৰাজবিষয়া আদিয়ে বিদ্ৰোহী চিপাহীক সমৰ্থন দিবলৈ আগবাঢ়ি আহিছিল। ধৰ্মীয় আৰু সামাজিক দিশত কোম্পানী চৰকাৰৰ প্ৰতিষ্ঠাৰ দিনৰে পৰা যি নতুন ধাৰা ববলৈ লৈছিল সি পূৰ্বৰ সামাজিক গাঁথনি ভঙাৰ ষড়যন্ত্ৰ বুলিহে পৰিগণিত হৈছিল। গতিকে ফিৰিঙ্গি খেদোৱা আন্দোলনে তেনে ধৰণৰ কথাকো সামৰি লৈছিল। খ্ৰীষ্ট ধৰ্মক প্ৰতিৰোধ কৰাৰ সমৰ্থনকাৰীৰ অভাৱ হোৱা নাছিল। ইংৰাজে লাহে লাহে ভাৰতৰ বিভিন্ন অঞ্চলত নিজৰ ৰাজনৈতিক কতৃত্ব সুদৃঢ় কৰিবলৈ লোৱাত বহুত জনজাতীয় ৰাজ্য বিপদাপন্ন হৈছিল। তেনে জনজাতীয় লোক সকলে তেওঁলোকৰ স্বাধীনতা পুনৰ প্ৰতিষ্ঠাৰ হকে যুঁজ দিবলৈ আগবাঢ়ি অহা ভালেমান উদাহাৰণ আছে। ১৮৫৭ খ্ৰীষ্টাব্দৰ আগৰ কালছোৱাত তেনে কেইবাটাও বিদ্ৰোহ সংঘটিত হৈছিল। ১৮৫৭ খ্ৰীষ্টাব্দৰ অন্যান্য কাৰণ সমূহৰ ভিতৰত হিন্দুস্থানী চিপাহীক ব্ৰহ্মযুদ্ধৰ সময়ত সাগৰ যাত্ৰা, আফগান যুদ্ধৰ সময়ত সিন্ধু নদী অতিক্ৰম কৰিবলৈ বাধ্য কৰাৰ জোৰ-জুলুমৰ প্ৰতিক্ৰিয়া উল্লেখযোগ্য। ইতিমধ্যে ইংৰাজ চৰকাৰ ইৰাণ, চীন আৰু ক্ৰিমিয়াৰ যুদ্ধত লিপ্ত হৈ পৰাৰ সুযোগতে নানা চাহেব, মুন্সী আজিমুল্লা খাঁন, ৰঙ্গবাপু, তাঁতীয়া টোপী আদি এচাম লোকে সাধাৰণ হিন্দুস্থানী চিপাহীক বুজাই দিছিল যে ভাৰতত ইংৰাজ শাসন উকলিবৰ হ’ল। ইতিমধ্যে বিখ্যাত পলাচী যুদ্ধৰো এশ বছৰ পূৰ্ণ হৈছিল। ইংৰাজ জাতি ক্ৰিমিয়াৰ যুদ্ধত লিপ্ত হৈ পৰাত ভাৰতত গোড়া চিপাহীৰ সংখ্যা কমি যোৱাৰ কথা বিদ্ৰোহী নেতা সকলে গম পাই সেই সোণালী সুযোগত ফিৰিঙ্গিক খেদোৱাৰ বাবে সকলো ভাৰত বাসীক একমুঠ হ’বলৈ প্ৰচাৰ অভিযান চলাইছিল। অসমৰ মণিৰাম দেৱানেও কলিকতাৰ পৰা যোৰহাটৰ আহোম স্বৰ্গদেৱলৈ ভাটৰ যোগেদি তেনে বাৰ্তা পঠাইছিল। এনেবোৰ বাতৰিয়ে চিপাহী আৰু জনসাধাৰণৰ মনত বিজুলী সঞ্চাৰ কৰিছিল। বিদ্ৰোহৰ তৎকালীন কাৰণ হিন্দুস্থানী চিপাহীৰ মনত নানান অসন্তষ্টিয়ে বাঁহ লৈ থকাৰ মাজতে ‘এনফিল্ড ৰাইফল’ নামৰ এবিধ নতুন বন্দুক ব্যৱহাৰ কৰিবলৈ দিয়া হ’ল। এইবিধ বন্দুকৰ টোটা এখন গ্ৰীজ লগোৱা কাগজেৰে মেৰিওৱা আছিল। ব্যৱহাৰৰ সময়ত দাঁতেৰে কামুৰি সেই আৱৰণ আঁতৰাই ল’ব লাগিছিল। সেই গ্ৰীজ গৰু আৰু গাহৰিৰ চৰ্বিৰে নিৰ্মিত বুলি প্ৰচাৰ বুলি প্ৰচাৰ চলাই হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ চিপাহীক ধৰ্মীয় বাধা-নিষেধৰ দিশৰ পৰা ক্ষুণ্ণ কৰা হ’ল। ফলত হিন্দুস্থানী চিপাহীয়ে তৎকালে ইংৰাজ সেনা বিষয়াৰ নিৰ্দেশ মানিবলৈ অমান্তি হৈ প্ৰকাশ্যে বিদ্ৰোহ ঘোষণা কৰিলে। ‘এনফিল্ড ৰাইফলৰ’ গ্ৰীজ লগোৱা গুলিৰ ব্যৱহাৰৰ ফলত উদ্ভৱ হোৱা সমস্যাই অতি কম সময়ৰ ভিতৰত হিন্দুস্থানী চিপাহীক এক মহা বিদ্ৰোহৰ মাজলৈ গ’ল। বিদ্ৰোহৰ আৰম্ভণি আৰু বিস্তৃতি বঙ্গদেশৰ বেৰেকপুৰ আৰু বহৰমপুৰৰ সৈনিক ছাউনিত বিদ্ৰোহৰ প্ৰথম জুইকুৰা জ্বলে। ৩৪ নং আৰু ১৯ নং ‘নেটিভ ইনফেণ্ট্ৰি’ ডিভিজনৰ হিন্দুস্থানী চিপাহীয়ে গ্ৰীজ লগোৱা কাৰ্টিজ ব্যৱহাৰৰ নিৰ্দেশ অমান্য কৰি ফিৰিঙ্গিৰ বিৰুদ্ধে যুঁজিবলৈ ওলাই আহিল। সৈনিক ছাউনিৰ সেই বিদ্ৰোহৰ প্ৰথম শ্বহীদ হৈছিল চিপাহী মঙ্গল পাণ্ডে। বিদ্ৰোহাচৰণৰ অপৰাধৰত ১৮৫৭ খ্ৰীষ্টাব্দৰ ২৯ মাৰ্চত মঙ্গল পাণ্ডে ফাঁচিত ওলমিছিল। ইংৰাজ চৰকাৰে লগে লগে উক্ত দুয়োটা ৰেজিমেণ্ট ভঙ্গ কৰি দিছিল। ইয়াৰ পিছত আম্বালাত ঘটনাৰ পুনৰাবৃত্তি ঘটে। ব্ৰিটিছ ভাৰতৰ য’তে বেঙ্গল আৰ্মী আছিল তাতে হিন্দুস্থানী চিপাহী বিক্ষুব্ধতাত অস্থিৰ হৈ পৰিছিল। মে’ মাহৰ ২ আৰু ৩ তাৰিখে লক্ষ্ণৌত ‘আৱাধ ৰেজিমেণ্ট’ৰ হিন্দুস্থানী চিপাহী মুকলি বিদ্ৰোহৰ বাবে আগুৱাই আহিছিল যদিও অযোধ্যাৰ চীফ কমিচনাৰ হেন্ৰী লৰেঞ্চৰ তৎপৰতাত বিদ্ৰোহ্ৰ জুই বিয়পিব নোৱাৰিলে। মীৰাটৰ বিদ্ৰোহ বিদ্ৰোহৰ প্ৰকৃত সংগ্ৰাম ১৮৫৭ খ্ৰীষ্টাব্দৰ ১০ মে’ তাৰিখে মীৰাটৰ সৈনিক ছাউনিত সংঘটিত হৈছিল। মীৰাটৰ সৈনিক ছাউনিত হোৱা মুকলি বিদ্ৰোহ বন জুইৰ দৰে অতি কম সময়ৰ ভিতৰতে পঞ্জাৱ সীমান্তৰ পৰা বিহাৰ, বঙ্গদেশ আৰু দক্ষিণে নৰ্মদা নদীৰ পাৰ লৈকে বিয়পি পৰে। মীৰাটত থকা ‘তৃতীয় নেটিভ আশ্বাৰোহী ফৌজৰ’ ৯০ জন চিপাহীয়ে ২৪ এপ্ৰিল তাৰিখে ইংৰাজ অধিনায়কৰ নিৰ্দেশ প্ৰত্যাখান কৰাৰ অপৰাধত তেনে চিপাহীক বৰ্খাস্ত কৰি লোৰ শিকলিৰে বান্ধি কাৰাদণ্ড বিহাৰ যি ব্যৱস্থা হৈছিল সেই দৃশ্যই আন হিন্দিস্থানী চিপাহীক বিদ্ৰোহৰ মাজলৈ টানি লৈ গৈছিল। ফলত মীৰাটৰ সৈনিক ছাউনিত ১০ মে’ তাৰিখে চিপাহীয়ে বন্দী সকলক মুক্ত কৰি ইংৰাজৰ যাকে য’তে পালে কাটি-মাৰি ভয়াবহ পৰিস্থিৰ সৃষ্টি কৰিছিল। এই ধৰণে ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ হ’বলৈ পলে। ৰাতিটোৰ ভিতৰতে মীৰাটৰ ভিতৰতে মীৰাটৰ বিদ্ৰোহী সৈন্য ৬০ কি:মি:ৰ দূৰৰ দিল্লী অভিমুখে ৰাওণা হৈছিল। দিল্লিত বিদ্ৰোহ ১৮৫৭ খ্ৰীষ্টাব্দ্ৰৰ ১১ মে’ৰ পুৱাতে মীৰাটৰ বিদ্ৰোহী সকল দিল্লীৰ লালকিল্লাৰ সন্মুখত হাজিৰা হয়গৈ। তাতো পুনৰ বোদ্ৰোহী চিপাহী লগ লগাত বিদ্ৰোহীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি গ’ল। তেনে বিদ্ৰোহী চিপাহীবোৰে অক্ষম মোগল সম্ৰাট বাহাদুৰ শ্বাহক স্বাধীন হিন্দুস্থানৰ সম্ৰাট বুলি ঘোষণা কৰি বিদ্ৰোহী সকলৰ নেতৃত্ব ল’বলৈ বাধ্য কৰে। ইয়াৰ পিছত দিল্লীতো বিদ্ৰোহৰ নামত অৰাজকতা আৰম্ভ হয়। বিদ্ৰোহী সকলে ইংৰাজৰ যাকে য’তে পায় কাটি-মাৰি শেষ কৰাত লাগিল। লগে লগে ফিৰিঙ্গি খেদোৱা আন্দোলনটো ভৰ্পক্ হৈ উঠিল। ইয়াৰ পিছত বিদ্ৰোহী সকলে ৪ মাহ ৪ দিন ধৰি দিল্লী নিজৰ দখলত ৰাখিবলৈ সমৰ্থ হৈছিল। উত্তৰ আৰু মধ্য ভাৰতত বিদ্ৰোহ মীৰাট আৰু দিল্লীৰ ঘটনাৰ পিছত অতি কম সময়ৰ ভিতৰতে ফিৰোজপুৰ, মুজাফৰ নগৰ, বেৰিলি, মোৰদাবাদ, ছাহজাহানপুৰ, এটাৱা, মৈনপুৰী, ৰুৰ্কী, এটাহ, মথুৰা, বাডাউন, মাণপুৰ, লক্ষ্ণৌ, ফয়জাবাদ, অযোধ্যা, আজমগড়, সীতাপুৰ, গগ্ৰক্ষপুৰ, এলাহাবাদ, বাৰাণসী, ঝান্সী, গোৱালিয়ৰ, আলীগড়, হাথৰচ, দৰিয়দাবাদ, ফতেহপুৰ, ফতেহগড়, আৰাহ, দানাপুৰ আদি সমগ্ৰ উত্তৰ প্ৰদেশ আৰু বিহাৰ জুৰি বিদ্ৰোহৰ জুই জ্বলি উঠিছিল। সকলোতে মৃত্যু আৰু ধ্বংসৰ লীলা চলিছিল। ইংৰাজ নিধন যজ্ঞ আৰম্ভ হৈছিল। ঠায়ে ঠায়ে বিদ্ৰোহী চিপাহীৰ লগত অ-সামৰিক মানুহে যোগ দিয়াত অৱস্থা আয়ত্বৰ বাহিৰলৈ গৈছিল। উত্তৰ প্ৰদেশ আৰু বিহাৰৰ তুলনাত কিন্ত্ত বঙ্গদেশ, উৰিষ্যা আৰু অসম শান্ত আছিল। সেই ধৰণে দক্ষিণ ভাৰতো বিদ্ৰোহৰ জুইকুৰাৰ পৰা মুক্ত আছিল। বিদ্ৰোহকালীন আতিশয্য ১৮৫৭ খ্ৰীষ্টাব্দৰ কালছোৱাত ইংৰাজ আৰু বিদ্ৰোহী চিপাহী তথা তেওঁলোকৰ সমৰ্থক সকলৰ দ্বাৰা সংঘটিত আতিশয্যৰ বহুত বিৱৰণ পোৱা যায়। হত্যা, লুণ্ঠণ, অগ্নি সংযোগ আদি অপৰাধ মূলক কামবোৰ কি ধৰণে কৰা হৈছিল তাৰ বহুতো প্ৰত্যক্ষ দৰ্শীৰ বিৱৰণ নাইবা পিছত সংগৃহীত তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা টোকাৰ পৰা পোৱা যায়। সেইবোৰৰ ভিতৰত অসম্ভৱ আৰু অতিৰঞ্জিত বিৱৰণো নোহোৱা নহয়। বিদ্ৰোহ দমনত সফল হৈ বিভিন্ন ঠাইত ইংৰাজে কি ধৰণে নৃশংস ভাৱে ভাৰতীয় মানুহক হত্যা কৰিছিল, তেনে বিৱৰণো আছে। বিদ্ৰোহীৰ প্ৰথম লক্ষ্য আছিল ফিৰিঙ্গি সকল। মীৰাট, কাণপুৰ আৰু দিল্লীত ফিৰিঙ্গি সকলৰ তেনে নিধন কাৰ্য অতি সক্ৰিয় হৈ পৰিছিল। বিদ্ৰোহ দমন কৰিবলৈ গৈ ইংৰাজ সেনাৰ বৰ্বৰ আচৰণে বহু সময়ত সূড়ান্ত ৰুপ লৈছিল। মুঠৰ ওপৰত প্ৰতিহিংসা প্ৰবৃত্তিৰ প্ৰাধান্য অযোধ্যা আৰু ৰোহিল খণ্ডৰ বহু ঠাইত দেখা গৈছিল। কিন্ত আতিশয্যৰ লগতে মানৱীয় আচৰণৰ বহু দৃষ্টান্ত থকাতো মন কৰিবলগীয়া। বিদ্ৰোহৰ সীমাবদ্ধতা কিছু সংখ্যক বুৰঞ্জীবিদে ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহক এক বিৰাট জন জাগৰণ বুলি ক’ব বিচাৰে। আন কিছু সংখ্যকে ইয়াক মূলতঃ চিপাহী আৰু ঠায়ে ঠায়ে অ-সামৰিক জনতাৰ সন্মিলিত শক্তিয়ে ইংৰাজৰ বিৰুদ্ধে কৰা এক মুকলি সংগ্ৰাম বুলি ক’ব বিচাৰে। অ-সামৰিক জনতাৰ দেশ জুৰি ব্যাপক সমৰ্থন আছিল নে নাই সেই বিষয়ে বুৰঞ্জীবিদ সকলৰ মাজত মতভেদ আছে। বহুঅত ভাৰতীয় ৰজা-মহাৰজাই বিদ্ৰোহত অংশ গ্ৰহণ কৰা নাছিল। তেনেকৈ শিখ সকলে বিদ্ৰোহী সকলৰ পক্ষ লওক চাৰি ইংৰাজক সহায়হে কৰিছিল। সেই ধৰণে ডাঙৰ জমিদাৰ শ্ৰেণীৰ লোকেও ইংৰাজক বিদ্ৰোহ দমনত সমৰ্থন জনাইছিল। আনহাতেদি সকলো হিন্দুস্থানী চিপাহীয়েও বিদ্ৰোহ কৰা নাছিল। ভাৰতীয় চিপাহীক যি ঠাইতে ততাতৈয়াকৈ নিৰস্ত্ৰ কৰা হৈছিল সেই ঠাইত বিদ্ৰোহ কৰা নিৰৰ্থক হৈ পৰিছিল। বিদ্ৰোহ চিপাহীয়ে বাহাদুৰ শ্বাহক স্বাধীন হিন্দুস্থানৰ সম্ৰাট ঘোষণা কৰিলেও সম্ৰাটৰ কৰ্তৃত্ব কিমান দূৰ লৈকে আছিল সিও বিচাৰ্য বিষয়। দক্ষিণ ভাৰত, সিন্ধু, ৰাজপুতনা, পশ্চিম পঞ্জাৱ আদি ঠাইত বিদ্ৰোহ বুলি একো হোৱা নাছিল। উত্তৰ ভাৰতত নানা ধৰণে বঞ্চিত আৰু বিক্ষুদ্ধ লোকেহে প্ৰায় ঠাইতে বিদ্ৰোহত আগভাগ লৈছিল। হিন্দুস্থানী চিপাহীৰ ধৰ্মীয় স্বাধীনতা খৰ্ব কৰিবলৈ লোৱাত ইংৰাজৰ বিৰুদ্ধে অহিংস জাগৰণ হ’ল। তাত হিন্দু-মুছলমান দুয়ো সম্প্ৰদায় জড়িত হৈ পৰাতো অৱশ্যে মন কৰিব লগীয়া দিশ। বিদ্ৰোহৰ ভৌগোলিক সীমাবদ্ধতা আছিল যদিও সম্প্ৰদায়গত সীমাবদ্ধতা নাছিল। বিদ্ৰোহৰ নেতৃত্ব চিপাহীয়ে আৰম্ভ কৰা বিদ্ৰোহে যেতিয়া এক জন জাগৰণৰ ৰুপ লৈছিল সেই সময়ত উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত বিদ্ৰোহৰ মুখ্য নেতা বুলিবলৈ আছিল দ্বিতীয় বাহাদুৰ শ্বাহ, ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ, নানা চাহিব, তাঁতিয়া টোপী, কোঁৱৰ সিংহ, মৌলৱী আহমদুল্লা, বখ্ট খাঁন, খান বাহাদুৰ খাঁন, বেগম হজৰৎ মহল আদি। এই সকল নেতাই এক নিৰ্দিষ্ট এলেকাত বিদ্ৰোহী সকলক ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়াত পৰিচালনা কৰিছিল। তাৰে ভিতৰত দিল্লীৰ সম্ৰাট বাহাদুৰ শ্বাহ আৰু তেওঁৰ সেনাপতি প্ৰধান বখট খাঁনে, কাণপুৰত নানা চাহিবে, লক্ষ্ণৌত বেগম হজৰৎ মহলে, বিহাৰত কোঁৱৰ সিংহই, ফয়জাবাদত মৌলৱী আহমদুল্লাই, বেৰিলিত বখ্ট খাঁন আৰু খান বাহাদুৰ খাঁনে, গোৱালিয়ৰত তাঁতিয়া টোপীয়ে, ঝান্সীত ৰাণী লক্ষ্মীবায়ে অতি দক্ষতাৰেদ্বিদ্ৰোহী সকলক নেতৃত্ব দিছিল। ইয়াৰ উপৰিও অযোধ্যা, ৰোহিলা খণ্ড, বুন্দেলখণ্ড, ছোটনাগপুৰ, মাণাৰসী, এলাহাবাদ, সম্বলপুৰ, দানাপুৰ আদি বিভিন্ন ঠাইৰ সৰু-বৰ ভালেমান স্থানীয় নেতাই বিদ্ৰোহৰ নেতৃত্ব দিছিল। অসমতো মণিৰাম দেৱান, পিয়লী বৰুৱা, বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলীয়ে বিদ্ৰোহৰ নেতৃত্ব দিবলৈ ওলাই আহি আদবাটতে ধৰা পৰিছিল। বিদ্ৰোহৰ বিফলতাৰ কাৰণ ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ জুইকুৰা বঙ্গদেশৰ পৰা আৰম্ভ হৈ দিল্লী পাইছিলগৈ। এক প্ৰচণ্ড ধুমুহাৰ গতিৰে আগবাঢ়ি গৈ কেই মাহ মানৰ ভিতৰতে বিদ্ৰোহী সকল বিফল হৈছিল। তাৰ মুখ্য কাৰণবোৰ এনে ধৰণৰ : (১) প্ৰকৃত বিদ্ৰোহৰ কবলত পৰা অঞ্চল অতি সীমিত হোৱাত ইংৰাজে অতি কম সময়ৰ ভিতৰতে ভাৰতীয়ই ফিৰিঙ্গি খেদাবলৈ কৰা যুঁজ খন চম্ভালি ল’ব পাৰিছিল। ১৮৫৭ খ্ৰীষ্টাবৰ বিদ্ৰোহ দাক্ষিণাত্যলৈ মুঠেই বিয়পা নাছিল। তাৰ উপৰিও সিন্ধিয়া, হোলকাৰ, হায়দৰাবাদৰ নিজাম, জয়পুৰ, যোধপুৰ, আলোৱাৰ, বিকানেৰ, জয়চিলমীৰ আদি ৰাজ্যৰ মহাৰজাকে ধৰি আন সৰু সুৰা ৰাজপুত ৰাজন্যবৰ্গ, পাতিয়ালা, নাভা, ঝিন্দ আদি পঞ্জাৱৰ অন্তৰ্গত ৰাজ্যৰ মহাৰজা, জম্মু-কাশ্মীৰৰ মহাৰজা, নেপালৰ ৰাণা আদি বহুতো ভাৰতীয় শাসকৰ সহায় পাই ইংৰাজে বিদ্ৰোহী সকলক পৰাভূত কৰিব পাৰিছিল। তাৰ উপৰিও ডাঙৰ জমিদাৰ আৰু বণিক সকলে ইংৰাজকহে সহায় কৰিছিল। (২) বিদ্ৰোহী সকলৰ কোনো সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা নথকাৰ বাবে সমন্বয় আৰু সংঘবদ্ধতাৰ অভাৱ হৈছিল। বাহাদুৰ শ্বাহক বিদ্ৰোহী সকলে স্বাধীন হিন্দুস্থানৰ সম্ৰাট ঘোষণা কৰিছিল। কিন্ত তেওঁক নানা চাহিব, তাঁতিয়া টোপী, ৰাণী লক্ষ্মীবাই, কোঁৱৰ সিংহ, বেগম হজৰৎ মহল আদি কোনো নেতা বা নেত্ৰীয়ে যোগাযোগকৰা নাছিল। ফলত অতি কম সময়ৰ ভিতৰতে প্ৰায়বোৰ ঠাইতে বিদ্ৰোহী সকল ছেদেলি-ভেদেলি হৈ পৰিল। আনহতেদি অতি কম সংখ্যক গোড়া পল্টনে সংগঠন আৰু সুদক্ষ নেতৃত্বৰ বাবে বিদ্ৰোহী সকলক কৰায়ত্ব কৰিব পাৰিছিল। (৩) বিদ্ৰোহী সকলৰ জন সমৰ্থন কিমান আছিল সিও সন্দেহ জনক। গোটেই দেশবাসীয়ে বিদ্ৰোহী সকলক সমৰ্থন কৰা নাছিল। তেওঁলোকে মুখ্যত: ক্ষমতা আৰু সুযোগ-সুবিধাৰ পৰা বঞ্চিত হোৱা মুষ্টিমেয় শাসক গোষ্ঠীৰ সমৰ্থনতে ইংৰাজৰ বিৰুদ্ধে যুঁজিছিল। ধনী বণিক সকলে বিদ্ৰোহী সকলক সমৰ্থন কৰা নাছিল। গতিকে অৰ্থনৈতিক সমৰ্থনৰ অভাৱত বিদ্ৰোহী সকল অতি সোনকালেই দুৰ্বল হৈ পৰে। (৪) বিদ্ৰোহী সকলৰ কোটী কলীয়া সমৰ কৌশলো পৰাজয়ৰ কাৰণ হৈছিল। অথচ মুষ্টিমেয় গোড়া চিপাহীয়ে প্ৰশাসনিক দৃঢ়তা, উন্নত সমৰ কৌশলৰে প্ৰস্ত্তত হৈ প্ৰণালীবদ্ধ ভাৱে যুঁজি বিশৃঙ্খল বিদ্ৰোহীক সহজেই দমন কৰিব পাৰিছিল। (৫) লৰেঞ্চ, আউটৰাম, হেভলক, নেইল, নিকলচন, এডৱাৰ্ড আদি বিচক্ষণ সেনাপতি ইংৰাজৰ বাবে প্ৰধান জনসম্পদ স্বৰুপ আছিল। তাৰ তুলনাত বিদ্ৰোহী সকালৰ উপযুক্ত সেনাপতি নাছিল বুলিবই লাগে। গতিকে তেওঁলোকৰ শক্তিৰ অপচয় ঘটিছিল। (৬) সম্ৰাট বাহাদুৰ শ্বাহৰ অক্ষমতাৰ বাবেও বিদ্ৰোহী সকল আশানুৰুপ ভাৱে সংঘৱদ্ধ হ’ব পৰা নাছিল। গৱৰ্ণৰ-জেনেৰেল কেনিঙে যি ধৈৰ্য আৰু তৎপৰতাৰে বিদ্ৰোহ দমন কৰিবলৈ আঁচনি লৈছিল সি বিদ্ৰোহৰ সময়ত বহু ইংৰাজ নিধন হোৱা সত্বেও গোড়া পল্টনক সাহস যোগাইছিল। (৭) যোগাযোগৰ বিশেষ সুবিধা থকা বাবে ইংৰাজ সৈন্যই বেছি সুচল পাইছিল। তাৰ তুলনাত বিদ্ৰোহী সকলৰ তেনে যোগাযোগৰ সুবিধা নাছিল। ফলত তেওঁলোক সোনকালেই শলঠেকত পৰিছিল। (৮) বিদ্ৰোহী সকলৰ মাজত থকা ন্যস্ত স্বাৰ্থ আৰু মনোমালিন্য, গৃহশত্ৰু আদিৰ পৰাজয়ৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাঁতিয়া টোপী ধৰা পৰি ফাঁচি কাঠত ওলমিব লগা হৈছিল তেনে গৃহ শত্ৰুৰ বাবেই। বিদ্ৰোহৰ পৰিণতি ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ বিফলতাই ইংৰাজ শক্তিক পুনৰ তেওঁলোকৰ সাম্ৰজ্যবাদী উদ্দেশ্য পূৰণ কৰাত প্ৰেৰণা যোগাইছিল। চৰম বিপৰ্যয়ৰ সময়তো সাহস গোটাই ব্ৰিটিছ সাম্ৰাজ্যৰ স্বাৰ্থৰ হকে যুঁজিব পৰাতো ইংৰাজ জাতিৰ এক বৈশিষ্ট্য বুলি প্ৰমাণিত হৈছিল। এই বিদ্ৰোহৰ অগ্নি যি ধৰণে দপ্ দপ্কৈ জ্বলি উঠিছিল সেই ধৰণে অতি কম সময়ৰ ভিতৰতে শাম কটাটো মন কৰিব লগীয়া। এই বিদ্ৰোহৰ অন্তত ভৰতত সামন্ত যুগীয় ব্যৱস্থাৰ অৱসান ঘটে আৰু এক আধুনিক যুগৰ প্ৰকৃত আৰম্ভণি হৈছিল বুলিব পাৰি। বিদ্ৰোহ শাম কটাৰ লগে লগে মহাৰাণী ভিক্টোৰীয়াৰ ঘোষণা পত্ৰৰ দ্বাৰা ইংলেণ্ডৰ চৰকাৰ আৰু ভাৰতৰ দেশীয় ৰাজ্য সমূহৰ মাজত এক নতুন সম্পৰ্ক গঢ়ি উঠিছিল। অধীনতা মূলক নিঃসঙ্গতা নীতিৰ সলনি অধীনতা মূলক সংঘবদ্ধ নীতিৰ অৱতাৰণা কৰা হৈছিল। লগতে ভাৰতীয় লোকৰ প্ৰতি ইংৰাজৰ সন্দেহ আৰু বাঢ়িছিল। বিদ্ৰোহৰ বৈশিষ্ট্য ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ ব্যাপকতা সম্পৰ্কত বুৰঞ্জীবিদ সকলৰ মাজত মতভেদ আছে। এচাম বুৰঞ্জীবিদে ক’ব খোজে যে উত্তৰ ভাৰতত চাপাতি আৰু ৰঙাপদুম বিলোৱা কথাষাৰে দেশজুৰি জন সাধাৰণৰ মাজত বিদ্ৰোহী বিয়পি পৰা কথাষাৰকে প্ৰতিপন্ন কৰে। সেই সময়ত সন্ন্যাসী, ফকিৰ, মাদাৰী শ্ৰেণীৰ মানুহে বিদ্ৰোহৰ বাণী দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ কৰা কামত লাগিছিল। কলিকতাৰ পৰা মণিৰাম দেৱানে তেনে ভাটৰ হাততে স্বৰ্গদেউ কন্দৰ্পেশ্বৰ সিংহলৈ বাতৰি পঠাইছিল। উত্তৰ আৰু মধ্য ভাৰতত চিপাহী বিদ্ৰোহৰ লগে লগে অ-সামৰিক লোকেও বিদ্ৰোহ কৰাৰ ফলত অতি কম সময়তে সমগ্ৰ উত্তৰ ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য প্ৰায় বিলুপ্ত হৈছিল। তথ্যমতে, অযোধ্যাত সংগ্ৰাম কৰি প্ৰায় ডেৰ লাখ মানুহ মৰিছিল। তাৰে ভিতৰত এক লাখ মান অ-সামৰিক লোক আছিল। ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ এটি উল্লেখযোগ্য দিশ আছিল- হিন্দু-মুছলমানৰ সন্মিলিত সংগ্ৰাম। বিদ্ৰোহী হিন্দুস্থানী চিপাহীয়ে স্বাধীন হিচাপে নাম মাত্ৰ ক্ষমতাত থকা বাহাদুৰ শ্বাহক মুক্ত কণ্ঠে গ্ৰহণ কৰিছিল। বিদ্ৰোহৰ ভালেকেইজন আগশাৰীৰ নেতা মুছলমান আছিল। তাৰ উপৰিও বিদ্ৰোহৰ কালছোৱাত ক’তো কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাছিল। সৰ্বতোপৰি এই বিদ্ৰোহত হিন্দুস্থানী চিপাহীৰ দেশ-প্ৰেম স্পষ্ট ভাৱে ফুটি উঠিছিল। ফিৰিঙ্গিক খেদোৱাৰ এক ব্যাপক সংগ্ৰামৰ পৰাজয় হৈছিল সঁচা। কিন্ত ভাৰতীয়ৰ মনত বিদেশী ইংৰাজ শাসনৰ বিৰুদ্ধে ক্ৰোধ শেষ হোৱা নাছিল। তাতেই লুকাই আছিল ভৱিষ্যতৰ ইঙ্গিত। বিদ্ৰোহৰ সম্পৰ্কত মতামত ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ তাৎপৰ্য সম্পৰ্কে বুৰঞ্জীবিদ সকলৰ মতামতৰ পাৰ্থক্য আছে। পণ্ডিত নেহেৰুৰ ভাষাত ক’বলৈ গ’লে এই বিপ্লৱ আৰু ইয়াক কেনেকৈ মষিমূৰ কৰা হ’ল সেই বিষয়ে বহুতো অসত্য আৰু বিকৃত বুৰঞ্জী লেখা হৈছে। ইংৰাজ সকলে ‘চিপাহী বিদ্ৰোহ’ বুলি আখ্যা দি গৈছে। তেওঁলোকৰ মতে একমাত্ৰ ভাৰতীয় চিপাহীবোৰে বিদ্ৰোহত আগভাগ লৈ বিশেষ বিশেষ অঞ্চল আৰু সৈনিকৰ ছাউনিত কটা-মৰা আৰু অৰাজকতাৰ সৃষ্টি কৰিছিল। চাভাৰকাৰৰ নিচিনা ব্যক্তিয়ে ইয়াক ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ বুলি আখ্যা দিছে। আন কিছু সংখ্যক বুৰঞ্জীবিদে ইয়াক এক শ্ৰেণীৰ ভূ-স্বামীৰ অসন্তষ্টি আৰু লৰ্ড ডেলহাউছিৰ স্বত্ব-বিলোপ নীতিৰ কঠোৰ প্ৰয়োগৰ পৰিণতি বুলি ক’ব খোজে। ই কোনো পূৰ্ব পৰিকল্পিত জন বিদ্ৰোহ নাছিল। ঐতিহাসিক সুৰেন্দ্ৰ নাথ সেন আৰু ৰমেশ চন্দ্ৰ মজুমদাৰৰ মতে ই কোনো জাতীয় যুদ্ধ নাছিল। মাঁথো পৰৱৰ্তী কালছোৱাত স্বাধীনতা সংগ্ৰামৰ বাবে ৫৭ চনৰ বিদ্ৰোহে প্ৰেৰণাহে যোগাইছিল। কোনো কোনোৱে এই বিদ্ৰোহৰ অন্তৰালত সামন্তবাদী সমাজ এখনৰ ভাঙোনৰ ফলত দেখা দিয়া বিক্ষুদ্ধতাৰ এক মূৰ্ত প্ৰকাশ দেখা যায়। উৎস: ভাৰত বুৰঞ্জী।