সপ্তম শতিকাত দক্ষিণ ভাৰতত হিন্দু ধৰ্ম কেন্দ্ৰিক এক বিশেষ আধ্যাত্মিক আন্দোলনৰ আৰম্ভ হৈছিল, আৰু প্ৰায় ১৫-১৬ শতিকাৰ ভিতৰত এই আন্দোলন সমগ্ৰ ভাৰতত বিয়পি পৰে৷ এই আন্দোলনক আমি “ভক্তি- আন্দোলন“ বুলি জানো৷

এই সময়খিনিত ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো মহান পণ্ডিত, দাৰ্শনিক তথা কবি-সাধুৰ নেতৃত্বত ভক্তি আন্দোলন সৰ্ব-সাধাৰণৰ মাজত জনপ্ৰিয় হৈ উঠে৷

শঙ্কৰাচাৰ্য, কবিৰ দাস, জয়দেব, তুকাৰাম, চৈতন্য মহাপ্ৰভু, নামদেৱ আদিৰ দৰে আধ্যাত্মিক গুৰু আৰু দাৰ্শনিকৰ প্ৰচেষ্টাই জটিল আৰু অত্যধিক ৰক্ষণশীল হিন্দু ধৰ্মক একেশ্বৰবাদী দৰ্শনৰ যোগেদি এক নব্য উদাৰ ৰূপত সৰ্বসাধাৰণৰ মাজত গ্ৰহণযোগ্য হোৱাত সহায় কৰিছিল৷

ভক্তি আন্দোলনৰ প্ৰাথমিক উদ্দেশ্য -

ভক্তি আন্দোলনৰ প্ৰাথমিক উদ্দেশ্যই আছিল যাগ-যজ্ঞ, বলি-বিধান, অত্যধিক নিয়ম-নীতি পূৰ্ণ আৰু জটিলতাৰে ভৰা পূজা-পাতল, জাতি-ভেদ, মূৰ্তি পূজা আদিৰ পৰা মুক্ত কৰি হিন্দু ধৰ্মক এক সৰল আৰু উদাৰ ৰূপত প্ৰতিষ্ঠা কৰা৷

উল্লেখ্য যে ভক্তি আন্দোলনে যি নতুন দৰ্শন তথা চিন্তাধাৰাৰ বিকাশ আৰু প্ৰচাৰ ঘটাইছিল তাৰ ফলত সমগ্ৰ ভাৰতজুৰি ই এক আন্দোলনৰ ৰূপ লোৱাত সফল হয়৷ ব্ৰাহ্মণ আৰু পুৰোহিত প্ৰধান ধৰ্মীয় ব্যৱস্থাৰ পৃষ্ঠপোষকতাত ভক্তি আন্দোলনৰ আগলৈকে ভাৰতীয় হিন্দু সমাজব্যৱস্থাত যথেষ্ট নৈতিক অৱস্খলন আৰু সাংস্কৃতিক বিপন্ন অৱস্থাৰ সৃষ্টি হৈছিল৷

জাতি-ভেদ আৰু শ্ৰেণী বৈষম্যমূলক ভাৱধাৰা, ৰক্ষণশীলতা আৰু কুসংস্কাৰ আদিয়ে সমসাময়িক সমাজব্যৱস্থাক এক সংস্কৃতি ৰহিত অন্ধকাৰাচ্ছন্ন অৱস্থাত নিমজ্জিত কৰাই ৰাখিছিল, ধৰ্ম-কৰ্মৰ নামত যথেষ্ট পৰিমানে অপকৰ্মই পৃষ্ঠপোষকতা লাভ কৰিছিল৷

কুসংস্কাৰ পূৰ্ণ ধৰ্মীয় কৰালগ্ৰাসৰ প্ৰভাৱত হোৱা এই সামাজিক অৱক্ষয় ৰোধ কৰি হিন্দুধৰ্ম্মক এক উদাৰনৈতিক নব্য ৰূপত প্ৰতিষ্ঠা কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তত কেইবাজনো মহান মহিষীয়ে ভক্তি আন্দোলনৰ পৃষ্ঠপোষকতা আৰু প্ৰচাৰ আৰম্ভ কৰিছিল৷

এই বৈষ্ণব ভক্তি আন্দোলনে ভাৰতীয় জনসাধাৰণৰ ধৰ্মীয় তথা সামাজিক জীৱনলৈ এক নৱজাগৰণ আনিছিল, মূল আদৰ্শৰূপে প্ৰচাৰ কৰা হৈছিল যে মুক্তি লভিবৰ বাবে অত্যধিক জটিলতাৰ ভৰা, বহু সংখ্যক আৰাধ্যৰে পৰিপূৰ্ণ বিলাসী আৰু ৰক্ষণশীল নিয়ম নীতি, বলি-বিধান, যাগ-যজ্ঞ আদিৰ কোনো প্ৰয়োজন নাই, উদাৰ আৰু ত্যাগী মনোভাবেৰে কেৱল একক সত্তাক স্মৰণ কৰি মায়া-মোহ বিসৰ্জন দিব পাৰিলেই মুক্তি প্ৰাপ্ত হব৷

যিহেতু ভক্তি আন্দোলনৰ এই মাৰ্গ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিচাৰে সকলোৰে বাবে মুকলি আছিল সেই বাবে ই সমাজৰ সকলো স্তৰতে অভাৱনীয় ৰূপত জনপ্ৰিয় হৈছিল৷

নব্য-বৈষ্ণব আন্দোলন আৰু অসম –

ভাৰতৰ অন্য অংশৰ দৰেই ১২-১৫ শতিকাৰ অসমভূমিক যথেষ্ট ৰাজনৈতিক অস্থিৰতা, সামাজিক অবস্খলন আৰু ধৰ্মীয় কুসংস্কাৰে চানি ধৰিছিল৷

শক্তিমাৰ্গ আৰু তন্ত্ৰবাদৰ নামত অত্যধিক ধৰ্মীয় কুসংস্কাৰ আৰু অনৈতিক ক্ৰিয়া-কৰ্মই সমাজব্যৱস্থাক গ্ৰাস কৰিছিল৷

ইয়াৰ সমসাময়িক ভাবে শ্ৰেণী বৈষম্য আৰু সামন্ততান্ত্ৰিক ব্যৱস্থাৰ উত্তৰণ হৈছিল, বৈষয়িক সুবিধাবাদী পুৰোহিত শ্ৰেণীটোৱে ধৰ্মৰ নামত সাধাৰণ জনগণক অসাংস্কৃতিক অন্ধকাৰাচ্ছন্ন জীৱন শৈলীত আৱদ্ধ কৰাই ৰাখিছিল৷

ইয়াৰ ভিতৰত আটাইতকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছিল পুৰোহিত শ্ৰেণীৰ ষড়যন্ত্ৰমূলক পৃষ্ঠপোষকতাই সাৰ-পানী দি জীয়াই ৰখা জাতি-ভেদ প্ৰথা, যাৰ ফলত উপাসনা আৰু জ্ঞান লাভৰ সকলো পথেই নিম্ন শ্ৰেণীৰ লোকৰ বাবে বন্ধ আছিল৷

তদুপৰি দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ দিয়া নৰ-বলি, পশু-বলি, ভাং-সোমৰসৰ দৰে নিচা সেৱন, যোনি পূজা, কুমাৰী পূজা, দেৱদাসী প্ৰথা, লিংগ পূজা আদিৰ যোগেদি মন্দিৰ-দেৱালত, ৰজাঘৰত অনৈতিকতাই পীৰা পাৰি বহিছিল৷

উল্লেখযোগ্য এই সমূহ ধৰ্মীয় আচাৰ কেৱল ৰজাঘৰীয়া, পুৰোহিত শ্ৰেণী আৰু উচ্চ বৰ্ণৰ লাভালাভ বা স্বাৰ্থসিদ্ধিৰ বাবেহে প্ৰচলিত আছিল, ইয়াৰ পৰা সাধাৰণ তথা নিম্নবৰ্ণজাতসকলৰ কোনো লাভ হোৱা নাছিল, বৰঞ্চ তেওঁলোকে ইয়াৰ বাবে যথেষ্ট ত্যাগ কৰিবলগীয়া হৈছিল, যেনে পুৰোহিত শ্ৰেণীটোৱে এনে নিয়মৰ প্ৰচাৰ কৰিছিল যে দেৱীৰ আগত উচ্চ-বৰ্ণৰ বলি দিয়াটো নিষেধ, দেৱীয়ে হেনো নিম্নবৰ্ণজাতসকলৰ ৰক্তৰেহে সহস্ৰ বছৰলৈ সন্তুষ্টি লাভ কৰে৷

আনহাতেদি ৰজাঘৰীয়াৰ মংগলৰ বাবে যি জাকে জাকে পশুবলি দিয়া হৈছিল সেয়াও সাধাৰণ জনসাধাৰণৰ পৰাই হস্তগত কৰা হৈছিল৷

গতিকে এনে এক সামাজিক ব্যৱস্থাত সৰ্বসাধাৰণৰ জীৱন এক ৰহস্যঘন অস্থিৰতা আৰু হতাশাগ্ৰস্ততাৰে ভৰি পৰিছিল, তাৰ ফলস্বৰূপে স্বাভাবিক ৰূপতেই সাধাৰণ জীৱন ব্যভিচাৰ আৰু কুসংস্কাৰে আৱৰি ৰাখিছিল৷

তেনে এক কাল সন্ধিক্ষণতেই নানান জাতি-জনজাতিৰে ভৰি থকা উত্তৰ-পূব ভাৰতৰ এই বিচিত্ৰ অসমভূমিত প্ৰকৃতাৰ্থত এজন কালজয়ী মহান পুৰুষ, বহু-প্ৰতিভাধৰ ব্যক্তি শ্ৰীমন্ত শংকৰদেৱে লুইতৰ দুইপাৰে এক সাংস্কৃতিক তথা আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে নব্য-বৈষ্ণব আন্দোলনক অসমত প্ৰসাৰ কৰিবলৈ আৰম্ভ কৰিছিল৷

এই আন্দোলনৰ নেতৃত্ব দিওঁতে শ্ৰীমন্ত শংকৰদেৱে এইটো কথা ভালদৰেই বুজি পাইছিল যে যেতিয়ালৈকে জনসাধাৰণে গীতা-ভাগৱত, বেদ-বেদান্তৰ অন্তৰ্নিহিত জ্ঞানৰ সন্ধান কৰিব নোৱাৰে তেতিয়ালৈকে এচাম সুবিধাবাদীয়ে ধৰ্মশাস্ত্ৰৰ নামত জনসাধাৰণক বিপথে পৰিচালিত কৰি থাকিব৷

তাৰ পৰিপ্ৰেক্ষিতত এই মহান পুৰুষজনাই এই সৰ্বভাৰতীয় ধৰ্মশাস্ত্ৰসমূহক মাতৃভাষাত প্ৰকাশ কৰি সৰ্বসাধাৰণক সেই সময়লৈকে অন্ধকাৰত ৰাখি নিজৰ স্বাৰ্থ পুৰণ কৰি অহা পুৰোহিত শ্ৰেণীৰ আভুৱা ভৰা, বৈষম্যমূলক ধৰ্মীয় জটিলতাৰ পৰা মুক্ত কৰিছিল৷

শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত এই নতুন সামাজিক ভাৱাদৰ্শ সমাজৰ সকলো শ্ৰেণীৰ লোকেই আকোৱালি লোৱাৰ আঁৰত যি কাৰণ আছিল তাৰ ভিতৰত আটাইতকৈ প্ৰভাৱকাৰী কাৰক আছিল যে শ্ৰীমন্ত শংকৰদেৱ তথাকথিত জাত্যভিমানী ধৰ্মগুৰু নাছিল; তাৰ পৰিবৰ্তে তেওঁ আছিল প্ৰকৃততেই এজন সংস্কাৰকামী সাম্যবাদী গুৰু৷

কিন্তু অন্য বহুত নেতাৰ দৰে শংকৰদেৱৰ সাম্যবাদ ৰাজনৈতিক নাছিল, তেওঁৰ সাম্যবাদ আছিল মানৱতাৰ ওপৰত আধাৰিত৷ এই নতুন ভাৱধাৰাত বৰ্ণাশ্ৰম অথবা জাত-কুলৰ, উচ্চ-নীচৰ বিচাৰ নাছিল৷

মানুহক মানুহৰ ৰূপতেই স্বীকৃতি দিয়া হৈছিল, তেওঁ প্ৰকাশ কৰি গৈছে –

“চাণ্ডালো হৰি নাম লৱে মাত্ৰ৷

কৰিবে উচিত যজ্ঞৰ পাত্ৰ৷৷

শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মৰ মুখ্য আদৰ্শ বিষয়ত সত্যেন্দ্ৰনাথ শৰ্মাদেৱে প্ৰকাশ কৰিছে যে –

“শংকৰদেৱে শাস্ত্ৰবৰ্ণিত ৯ বিধ ভক্তিৰ স্বীকৃতি দিছে যদিওঁ সহজে আৰু সকলোৱে আচৰণ কৰিব পৰা শ্ৰবণ আৰু কীৰ্ত্তনক প্ৰাধান্য দিছে৷

এই দুটা উপায় সকলোৰে কাৰণে মুক্ত, ইয়াৰ কাৰণে বংশ, বৰ্ণ, আভিজাত্য, পাণ্ডিত্য, ধন সম্পত্তি আৰু নিৰ্দিষ্ট সময়কালৰ প্ৰয়োজন নাই, পুৰোহিতৰ দৰে মধ্যস্থ ব্যক্তিৰো প্ৰয়োজন নাই, খৰচ সাপেক্ষও নহয়৷

শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিধৰ্মৰ অন্য এটা বৈশিষ্ট্য হৈছে আপোচহীনভাৱে এক উপাস্য দেৱতা কৃষ্ণ-বিষ্ণুত আশ্ৰয়, কিন্তু তেনে ধৰ্মাদৰ্শ প্ৰতিষ্ঠা আৰু প্ৰচাৰ কৰিবলৈ যাওঁতে শংকৰদেৱে অন্য তথাকথিত স্ব-ধৰ্ম গৌৰৱান্বিত ধৰ্মীয় নেতাৰ দৰে ৰক্ষণশীল আচৰণ কৰি অন্য দেৱ-দেৱীৰ অস্তিত্বক অস্বীকাৰ কৰা নাই, একেশ্বৰবাদৰ প্ৰচাৰ কৰাৰ প্ৰধান উদ্দেশ্য আছিল মনুষ্য মনৰ বিক্ষিপ্ততা আঁতৰ কৰি উপাস্যজনৰ প্ৰতি একাগ্ৰতা অনা আৰু ঐক্য ভাবত আবদ্ধ কৰা৷”

বৰ্তমান আধুনিক ভাৰততো বৰ্তি থকা বৰ্ণ বিদ্বেষ অথবা জাতি ভেদ প্ৰথাক শংকৰদেৱে সেই তাহানিতে প্ৰবাহিত সোতৰ বিপৰীতে গৈ কিদৰে বিৰোধিতা কৰিছিল সেয়া নিশ্চয়কৈ তবধ মানিবলগিয়া, সেই মহান মানৱজনাৰ সেই সময়সাপেক্ষ সৎ সাহস আৰু মানৱতাবাদে স্বাভাবিকতেই তেওঁক এজন আধুনিক সমাজ সংস্কাৰকৰ ৰূপত অধিষ্ঠিত কৰে৷

শংকৰদেৱৰ মনত পিছপৰা নিম্ন শ্ৰেনীৰ মানুহৰ প্ৰতি কেনে গভীৰ মানৱতাবোধ আৰু শ্ৰদ্ধা আছিল আৰু তেওঁলোকৰ সামাজিক মৰ্যাদাৰ বাবে কিদৰে সৰব হৈছিল তাক কীৰ্তনৰ দুটি পদৰ পৰাই বুজিব পাৰি:

চাণ্ডালে কৰিছে হৰি-কীৰ্তন

বুলিয়া নিন্দৈ যিটো অজ্ঞজন৷৷

তাক সম্ভাষণ যিজনে কৰৈ৷

আজন্মৰ পুণ্য তেখনে হৰৈ৷৷ ৮৯

বিষ্ণুৰ গুণ নাম অলংকৃত৷

অন্ত্যজে যিবা কৰি আছে গীত৷৷

তাক নিন্দা কৰৈ যিটো কুমতি৷

পুণ্যক নাশি যায় অধোগতি৷ ৯০ (পাষণ্ড মৰ্দ্দন)

শংকৰদেৱৰ বৈষ্ণব আন্দোলনৰ অন্য এটা মহান দিশ আছিল যে তেওঁ এই নতুন আধ্যাত্মিক জাগৰণৰ সৃষ্টি আৰু প্ৰচাৰ কৰিছিল সাধাৰণ মানুহৰ বাবে আৰু সাধাৰণ মানুহৰ দ্বাৰাই, শংকৰদেৱৰ প্ৰধান চাৰিজন শিষ্যই আছিল অনুসূচিত সম্প্ৰদায়ৰ, তেওঁলোক হ’ল –

*হৰিদাস বণিয়া,

*ভীমা কৈৱৰ্ত্ত,

*কৈৱৰ্ত্ত গন্ধীয়া,

*লক্ষ্মণ বণিয়া৷

মধ্যযুগৰ সেই ৰাজতন্ত্ৰৰ জয়জয় ময়ময়কাৰ সময়ত শংকৰদেৱে তেওঁৰ ভক্তিবাদৰ দুৱাৰ সকলোৰে বাবে সমানে খোলা ৰাখি যি সাম্যবাদী গণতান্ত্ৰিক প্ৰণালীৰ প্ৰতিষ্ঠা কৰিছিল সেয়া সেই সময় অনুযায়ী সচাকৈয়ে অভিনৱ আৰু সংস্কাৰবাহী আছিল৷

তেওঁ প্ৰচাৰ কৰা আদৰ্শ মতে শূদ্ৰ আনকি নিম্ন শ্ৰেনীৰ শূদ্ৰও উচ্চ শ্ৰেনীৰ লোকৰ গুৰু হ’ব পাৰে৷ ড. মহেশ্বৰ নেওগে তেঁওৰ “শ্ৰী শ্ৰী শংকৰদেৱ“ গ্ৰন্থত শংকৰদেৱৰ নৱ-বৈষ্ণব আন্দোলনে অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত যি সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল সেই বিষয়ে এইদৰে উল্লেখ কৰিছে -“ শ্ৰী শংকৰী আন্দোলনে ঘোৰ ৰাজনৈতিক আৰু জাতিগত বিভিন্নতাৰ মাজতো অসম দেশত পোনপ্ৰথম কৃষ্টিগত আৰু কিছু পৰিমাণে সামাজিক ঐক্য স্থাপন কৰে আৰু বৈষ্ণব ধৰ্ম মুখ্যভাৱে জাতীয় ধৰ্মৰ দৰে হৈ পৰে৷”

শংকৰদেৱে তৃণমূল স্তৰত “নামঘৰ” আৰু শীৰ্ষ পৰ্যায়ত “সত্ৰ” প্ৰতিষ্ঠা কৰি এক নতুন (হয়তো প্ৰথমবাৰৰ বাবে) গণতান্ত্ৰিক ক্ৰমৰ পাতনি মেলিছিল৷

এই নতুন গণতান্ত্ৰিক মাধ্যমৰ যোগেদি শংকৰদেৱৰ নীতি-আদৰ্শ সমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ হোৱাত সহায়ক হৈছিল৷

“নামঘৰ” হৈ পৰিছিল নতুন ৰূপত গঢ় লৈ উঠা অসমীয়া সমাজৰ কেন্দ্ৰ স্বৰূপ৷ এই “নামঘৰ”ত গাঁৱৰ লোকসকল মাজে-মধ্যে মিলিত হৈ শংকৰী কলা-কৃষ্টিৰ চৰ্চা কৰাৰ লগতে প্ৰয়োজনবশত সামাজিক ন্যায় আৰু নৈতিকতা বৰ্তাই ৰখাত সহায়ক হৈছিল৷

ইয়াৰ যোগেদি পিছপৰা নিৰক্ষৰ সাধাৰণলোক সকল এক উচ্চ মাত্ৰাৰ সভ্যতাৰ অংশীদাৰ হৈ পৰিছিল৷

শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ-বৈষ্ণব আন্দোলনে অসমত ভাষা-সংস্কৃতি আৰু জাতীয় কলাৰ উত্তৰণৰ ক্ষেত্ৰত এক নতুন জাগৰণকাৰী মাত্ৰা প্ৰদান কৰিছিল, জাতীয় কৃষ্টিৰ ধাৰণা এটা ইয়াৰ যোগেদিয়েই সৃষ্টি হৈছিল বুলিলে অপলাপ কৰা নহ’ব চাগে৷

উদাহৰণ স্বৰুপে সৌন্দৰ্য্যাত্মিক ৰূপকাৰ সৈতে হৃদয় পৰশি যোৱাকৈ সৃষ্টি কৰা “বৰগীত” সমূহ, অভিনয় কলাক বিকশিত কৰাকৈ “ভাওনা”, নৃত্যৰ ক্ষেত্ৰত “সত্ৰীয়া নৃত্য”, চিত্ৰ-কলাৰ বিকাশৰ বাবে “চিহ্ন-যাত্ৰা” ইত্যাদি৷

“চিহ্ন-যাত্ৰা”ৰ যোগেদি কেৱল অসমতেই নহয় মধ্যযুগৰ ভাৰতবৰ্ষত এক নতুন সাংস্কৃতিক ইতিহাসৰ সূচনা হৈছিল৷ পৃথিবীৰ ভিতৰতেই “চিহ্ন-যাত্ৰা”ৰ যোগেদি পোনপ্ৰথমবাৰৰ বাবে ওখ মঞ্চ আৰু দৃশ্যপটৰ ব্যৱহাৰ কৰা হৈছিল৷

বৃহত্তৰ অসমীয়া জাতি গঠনৰ যি প্ৰক্ৰিয়া তাক সঠিক দিশত ত্বৰান্বিত কৰাত শংকৰদেৱৰ নৱ-বৈষ্ণব আন্দোলনৰ যে অপাৰ ভূমিকা আছে তাক কোনেও নুই কৰিব নোৱাৰে৷

বিভিন্ন জাতি-জনজাতিৰে পৰিপূৰ্ণ উত্তৰ-পূব ভাৰতৰ এই ভূ-খণ্ডৰ মানৱ গোট সমূহৰ মাজত ঐক্য আৰু একতাৰ বীজ ৰোপণ কৰিবলৈ হ’লে যে তেওঁলোকক একেখন ধাৰ্মিক-সামাজিক আৰু সাংস্কৃতিক মঞ্চলৈ আনিব লাগিব সেই কথা শংকৰদেৱে ভালদৰেই অনুধাৱন কৰিছিল, সেই বাবেই তেওঁ এক-শৰণ-ভাগৱতী সমাজৰ মজিয়া সকলো শ্ৰেণীৰ লোকৰ বাবে খোলা ৰাখিছিল৷

ভক্তি আন্দোলনৰ সময়লৈ “মনুস্মৃতি” জাতীয় শাস্ত্ৰ সমূহৰ প্ৰভাৱত জাত-পাত-কুল বিচাৰৰ যোগেদি হিন্দু ধৰ্মই কেনে এক পংকিলময় অমানৱীয় ৰূপ পাইছিল সেই কথা সৰ্বজন বিদিত, তাৰ প্ৰভাৱৰ পৰা আধুনিক ভাৰতো সম্পূৰ্ণৰূপে মুক্ত নহয়৷

সেই বাবেই ভাৰতৰ সংবিধান প্ৰণেতা বি: আৰ: আম্বেদকাৰৰ দৰে মহিষীয়ে “মনুস্মৃতি” দাহনৰ নেতৃত্ব দিছিল যাতে ভাৰতীয় জাতীয় জীৱনৰ পৰা তাৰ জাত-পাতৰ ভেদ-ভাৱ চিৰদিনৰ বাবে নাইকিয়া হয়৷

“মনুস্মৃতি” বা তেনে আন শাস্ত্ৰ বা সংহিতা সমূহৰ বিধি-বিধান সন্দৰ্ভত অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যদেৱে এইদৰে প্ৰকাশ কৰিছে – “মনু আদি যিবিলাক পুৰণি সংহিতাত যি লিখা আছে যে শূদিৰে বেদ-মন্ত্ৰ উচ্চাৰণ কৰিলে জিভাখন কাটি পেলাই দিব লাগে, কাণেৰে শুনিলে কাণত তপত সীহ ঢালি দিব পায়, তাকে আমি মানি আছো৷ কিন্তু এতিয়া সেই দিন আৰু নাই৷

আমাক জাতি-ভেদ নালাগে, আমাক এটা মহা জাতি লাগে৷’’ এইখিনিতে এইটো কথা উল্লেখ কৰিব পাৰি যে বৰ্তমান আধুনিক সময়তো বৰ্তি থকা এই জাত-পাতৰ বিচাৰৰ বিৰুদ্ধে সেই মধ্যযুগতেই শংকৰদেৱে যি সাম্যবাদী আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে তাৰ ফলতেই আজিৰ তাৰিখত অন্তত: ভাৰতৰ অন্য অংশৰ তুলনাত অসমত এই ভেদ-ভাৱৰ প্ৰভাৱ কম৷

শংকৰদেৱৰ সেই মানবতাবাদী চিন্তাধাৰাৰ প্ৰতি সন্মান আৰু স্বীকৃতি প্ৰদান কৰিয়েই পিছৰ পৰ্যায়ত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, পীতাম্বৰ দেবগোস্বামীৰ দৰে বৰেণ্যসকলে নানা স্মৃতি সংহিতাসমূহৰ পাশৱিক-অমানৱীয় দিশসমূহৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি সেই সমূহৰ বিধি-বিধান ত্যাগ কৰি শংকৰদেৱৰ পথ অনুসৰণ কৰিবলৈ অসমৰ ৰাইজক বাৰম্বাৰ আহ্বান জনাইছিল৷

কিন্তু এইটো বিড়ম্বনাৰ বিষয় যে শংকৰদেৱৰ আদৰ্শৰ প্ৰতিনিধিত্বকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান সমূহে শংকৰদেৱৰ সাম্যবাদী আদৰ্শৰ প্ৰতি ভেঙুচালি প্ৰদৰ্শন কৰি নিজৰ নিজৰ ভিন্ন পন্থা সৃষ্টি কৰি এক ব্যাপক অনৈক্যৰ জন্ম দিছে৷

সামাজিক ঐক্য প্ৰতিষ্ঠাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা একো একোটা নামঘৰতেই কেইবাটাও “খেল”ৰ সৃষ্টি হৈছে৷

যিসকল জনজাতি ভাতৃ-ভগ্নিক নিজৰ বুলি আপোন কৰি শৰণ দিছিল বৰ্তমান এই সংস্থাসমূহৰ মইমতালি আৰু ভেদ-ভাব প্ৰদৰ্শনত অতিষ্ঠ হৈ ক্ৰমান্বয়ে মূল অসমীয়া জাতিৰ বুকুৰ পৰা আতৰি পৃথক পৰিছয় প্ৰতিষ্ঠাৰ বাবে বাধ্য হৈ পৰিছে৷

গতিকে এনে এক সন্ধিক্ষণত শংকৰদেৱৰ সাম্যবাদী আদৰ্শক পুনৰ প্ৰচাৰ আৰু প্ৰতিষ্ঠা কৰি ক্ৰমান্বয়ে ভাগিব ধৰা বৃহত্তৰ অসমীয়া জাতিৰ ভেঁটিটোক সবল কৰি তোলাটো প্ৰতিজন জাতিপ্ৰেমীৰ অৱশ্য কৰ্তব্য৷
এইটো সত্য যে যুক্তিবাদী দৃষ্টিকোনেৰে কোনো ধৰ্মক অনুসৰণ কৰা অথবা ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰাটোক সমৰ্থন নকৰে, লাগিলে সেয়া বৈষ্ণব ধৰ্মৰ দৰে উদাৰনৈতিক ধৰ্মই হওক৷ এই লেখাটোৰ উদ্দেশ্যও বৈষ্ণব ধৰ্মৰ গ্ৰহণযোগ্যতাক প্ৰচাৰ কৰা নহয়৷

মূল উদ্দেশ্য -

লেখাটোৰ মূল উদ্দেশ্য হ’ল শংকৰদেৱে নৱ-বৈষ্ণব ধৰ্মৰ যোগেদি যি মানৱতাবাদ আৰু সাম্যবাদৰ প্ৰচাৰ কৰিছিল সেয়াৰ ওপৰত আলোকপাত কৰা৷ মধ্যযুগৰ সেই অসমত, যেতিয়া ৰাজতন্ত্ৰৰ প্ৰচলন আছিল, কোনো বাক অথবা মত প্ৰকাশৰ স্বাধীনতা নাছিল আৰু সাধাৰণ একোটা কথাতেই ডিঙি কটা যোৱাৰ ভয় আছিল, প্ৰচলিত একো একোটা পৰম্পৰা অথবা নীতি-নিয়মৰ বিপৰীতে মত প্ৰকাশ কৰাতো যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল, তেনে প্ৰেক্ষাপটত নতুন আৰু পৰিবৰ্তনকামী এজন সংস্কাৰকৰ ভূমিকা পালন কৰাতো সচাকৈয়ে তবধ মানিবলগিয়া৷ আজিৰ তাৰিখতো প্ৰচলিত ধৰ্মীয় বিশ্বাসৰ বিৰুদ্ধাচৰণ কৰাতো যথেষ্ট প্ৰত্যাহ্বানমূলক, গতিকে সেই অল্প-আলোকিত দিনতেই শংকৰদেৱে জাত-পাতৰ বিচাৰ আঁতৰাই সাম্যবাদী চিন্তাধাৰাৰ প্ৰচাৰৰ বাবে যি প্ৰচেষ্টা কৰিছিল সেয়া বৰ্তমান সময়তো অনুকৰণীয়৷

লেখক: আৰহান ইনামূল

উৎস: সাহিত্য.অৰ্গ