শংকৰদেৱৰ জীৱনকালত আৰু শংকৰোত্তৰ যুগত অসমৰ ধৰ্মৰ ইতিহাস অধ্যয়ন কৰোঁতা বিভিন্ন চৰিতকাৰে বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনক মূল উপজীব্য কৰি ৰচনা কৰা চৰিত পুথিসমূহ এইক্ষেত্ৰত অন্যতম৷ শংকৰদেৱকে মুখ্য কৰি অন্যান্য বৈষ্ণৱ গুৰুসকলৰ জীৱনক লৈ ৰচিত চৰিত পুথিসমূহক বহু সময়ত অতিশয়োক্তি আৰু অন্ধ বীৰবন্দনাৰ দোষত বস্তুনিষ্ঠ ইতিহাসবিদে দোষাৰোপ কৰা দেখা যায়৷

কিন্তু কোনো ইতিহাসবিদেই তেনেবোৰ চৰিত পুথিৰ মাজেদি প্ৰতিফলিত হোৱা ঐতিহাসিক সত্যসমূহক আওকাণ নকৰে৷ সেই চৰিত পুথিবোৰৰ মাজেৰে বহুতো গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে৷ সেইবোৰ তথ্য কেৱল ধৰ্মীয় দিশতেই সীমাবদ্ধ বুলি কব নোৱাৰি৷

ধৰ্মৰ উপৰি অৰ্থ-সামাজিক জীৱনৰ বহু তাৎপৰ্যপূৰ্ণ কথা তেনে পুথিবোৰৰ যোগে প্ৰতিফলিত হয়৷ কেৱল প্ৰতিখন চৰিত পুথিকে একে মান্যতাৰ তুলাচনীতে বিশ্লেষণ কৰা অনুচিত৷ কাৰণ অৰ্বাচীন কালত ৰচিত বহুতো চৰিত পুথি ভৰি আছে কেৱল বিভ্ৰান্তিকৰ তথ্যৰে৷ তেনেবোৰ পুথিও ৰচনা হৈছে কেৱল এচাম ন্যস্তস্বাৰ্থৰ লোকৰ ব্যক্তিগত লাভালাভৰ বাবেহে৷

উদাহৰণস্বৰূপে হৰিদেৱক শংকৰদেৱতকৈ বয়োজ্যেষ্ঠ আৰু জ্ঞানজ্যেষ্ঠ হিচাপে দেখুৱাবলৈ প্ৰয়াস কৰা প্ৰায় তিনিখন গ্ৰন্থৰ ওপৰত প্ৰাচীনত্ব আৰোপ কৰা হৈছে৷ জাতিটোৰ বাবে দুৰ্ভাগ্যজনক কথা যে স্বয়ং গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰসিদ্ধ গৱেষকৰ (?) অধীনত গৱেষণা কৰি তেনে পুথিৰ ভিত্তিত ডক্টৰেট ডিগ্ৰী লোৱাৰ দৰে নোহোৱা নোপজা ঘটনাও অসমত ঘটিছে৷ তথাপি শংকৰী আৰু শংকৰোত্তৰ যুগৰ অধ্যয়ন সমলৰ অভাৱত বাধাগ্ৰস্ত নহয়৷

কিন্তু একেখিনি কথা প্ৰাক-শংকৰী যুগ, বিশেষকৈ দ্বাদশ শতিকাৰ পাছৰ কামৰূপৰ ধৰ্মৰ ইতিহাসৰ ক্ষেত্ৰত কব নোৱাৰি৷ পণ্ডিতপ্ৰৱৰ ড. মহেশ্বৰ নেওগেও এই সম্পৰ্কে তেওঁ সন্মুখীন হোৱা অসুবিধাৰ কথা কৈ গৈছে৷ ফলত তেওঁ এইক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ শংকৰদেৱ সম্বন্ধীয় গ্ৰন্থৰাজিৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰি চলিছে৷

এই সকলোৰে জ্ঞাত যে কুৰি শতিকাৰ আৰম্ভণিতে শংকৰদেৱক নামঘৰৰ মণিকূটৰ মাজৰ পৰা আনি অসমীয়া মানুহৰ হৃদয়ৰ মণিকূটত স্থাপন কৰিছিল বেজবৰুৱাই৷ অন্যান্য অনবদ্য বৰঙনিৰ বাহিৰেও বেজবৰুৱাক আধুনিক কালৰ শংকৰদেৱ চৰ্চাৰ অদ্বিতীয় বাটকটীয়া বুলি সকলোৱে অভিহিত কৰিছে৷

বেজবৰুৱাই মূলতঃ চৰিত পুথিসমূহৰ ভিত্তিতেই শংকৰ-মাধৱৰ জীৱন অংকন কৰিবলৈ চেষ্টা কৰিছে৷ তেওঁৰ লেখাৰ কোনো কোনো স্থানত মৃদু বীৰবন্দনাৰ প্ৰতিচ্ছবি ফুটি ওলালেও সামগ্ৰিকভাৱে নিৰীক্ষণ কৰিলে কোনো ছিদ্ৰান্বেষী পণ্ডিতেও বেজবৰুৱাৰ ৰচনাক সেইটো দোষৰ বাবে আওকাণ কৰিব নোৱাৰে৷

সেই গ্ৰন্থসমূহ ৰচনা কৰা সময়ৰ (বিংশ শতিকাৰ প্ৰথম দুটা দশক) অসমীয়া সমাজখনৰ প্ৰয়োজনীয়তাক যুক্তিসংগত কাৰণতে চকুৰ আগত ৰাখি লক্ষ্মীনাথ বেজবৰুৱাই কলম চলাইছিল৷

“মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ” গ্ৰন্থখনৰ পাতনিত বেজবৰুৱাই তেওঁ লাভ কৰা তথ্য আৰু তেওঁৰ লেখাৰ উদ্দেশ্য সম্বন্ধে মুক্তভাৱে কৈছে৷ সেয়েহে পাছৰ কালত নিৰলস সাধনাৰ জৰিয়তে সত্যানুসন্ধানৰ প্ৰয়াস কৰা ড. নেওগৰ দৰে বিদ্বান পণ্ডিতেও সেই কথাক মান্যতা দিছে৷

ড. মহেশ্বৰ নেওগে “ধৰ্মজগতৰ খেলিমেলিৰ দৃশ্যপট” আখ্যা দিয়া প্ৰাক-শংকৰী যুগৰ ধৰ্মীয় প্ৰেক্ষাপট সাহিত্যৰথীৰ কলমত প্ৰাণ পাই উঠিছে৷ কেৱল সেই পৃষ্ঠাকেইটা পঢ়ি উঠি আধুনিক অসমীয়াৰ মনবোৰ প্ৰাণ পাই নুঠি বিতৃষ্ণা আৰু অস্বস্তিত কোঁচ খাই যায়৷

কাৰণ প্ৰাকশংকৰী যুগৰ ধৰ্মৰ নামত চলা কাণ্ড-কাৰখানাবোৰে কোনো সুস্থ মানসিকতাৰ ব্যক্তিকেই বিতুষ্ট আৰু বিব্ৰত নকৰাকৈ নাৰাখে৷ বেজবৰুৱাই পূৰ্বোক্ত গ্ৰন্থত লিখিছে – “শংকৰদেৱৰ আৱিৰ্ভাৱৰ সময়ত অসমত তান্ত্ৰিক শক্তিপূজা প্ৰচলিত আছিল৷ হাঁহ, ছাগলী, পাৰ, ম’হ, আনকি মানুহ পৰ্যন্ত বলি দি দেৱী গোসাঁনীৰ পূজা কৰা হৈছিল৷

সম্ভৱতঃ সেই কালতে, বা তাৰ কিছু আগতে ৰচিত হোৱা কালিকা পুৰাণত মানুহ বলিৰ বিষয়ে বিশেষকৈ লেখা আছে৷ বলি-বিধানৰ বাবে উপযুক্ত মানুহৰ লক্ষণাদি কেনে হব লাগে, আৰু কেনেকৈ বলি দিব লাগে ইত্যাদি বিষয়ে তাত বহলকৈ বৰ্ণনা কৰা হৈছে৷ মুছলমানে ভঙা মন্দিৰ নৰনাৰায়ণ ৰজাই আকৌ সজাই দি কামাখ্যাৰ প্ৰতিষ্ঠা কৰোঁতে ১৪০ টা মানুহ বলি দিয়া হৈছিল৷

আনকি নৰনাৰায়ণ ৰজাৰ ভতিজাক কোঁচ ৰজা ৰঘুদেৱে কালাপাহাৰে ভঙা হাজোৰ হয়গ্ৰীৱ-মাধৱৰ মণিকূট নকৈ সজাই প্ৰতিষ্ঠা কৰাওঁতেও অনেক মানুহ বলি দিছিল, যদিও মন্দিৰৰ ভিতৰত শিলত কাটি লিখি থোৱা বিৱৰণত ৰঘুদেৱ ৰজাক কৃষ্ণভক্ত বুলি উল্লেখ কৰা হৈছে৷ সেই কালত কামাখ্যাত এক শ্ৰেণীৰ মানুহ আছিল, সিহঁতক ভোগী নাম দিয়া হৈছিল৷ সেই মানুহবোৰ নিজৰ ইচ্ছাতে দেৱীৰ আগত বলি হবৰ নিমিত্তে সাজু আছিল৷ যিদিনাৰ পৰা সিহঁতে সিহঁতক দেৱীয়ে বলি লবলৈ আদেশ দিছে বুলি প্ৰকাশ কৰিছিল, সেই দিনাৰ পৰা সিহঁতক লোকে মান্য সৎকাৰ কৰিছিল, আনকি সিহঁতে ইচ্ছামতে যিকোনো তিৰোতাক সম্ভোগ কৰিবৰ অধিকাৰ পাইছিল৷ বছৰেকৰ মূৰত দেৱী পূজাৰ সময়ত সেই মানুহবোৰ বলি দিয়া হৈছিল৷ ভৌতিক বিদ্যা, ঐন্দ্ৰজালিক বিদ্যা, মঙল চোওৱা, সুৰাপান, গৰ্ভৱতী তিৰোতাৰ গৰ্ভ ছিৰি ভ্ৰূণ পৰীক্ষা আদি জঘন্য কাৰ্যও তান্ত্ৰিকসকলৰ ভিতৰত প্ৰচলিত আছিল৷

শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ কাল আৰু তাৰ আগডোখৰত অসমত তান্ত্ৰিক শাক্ত ধৰ্ম যে খুব প্ৰচলিত আছিল সেইটো ভালকৈ জানিব পাৰি৷ তান্ত্ৰিক শাক্ত হিন্দু ধৰ্মই অসভ্য জাতিবোৰৰ জঘন্য ধৰ্ম প্ৰথাৰ লগত মিহলি হৈ অধোগতিপ্ৰাপ্ত হৈ কালক্ৰমত জঘন্য আকাৰ ধৰিছিল৷ ব্ৰাহ্মণসকল লোভী-অনাচাৰী হৈ বেদবিহিত ব্ৰাহ্মণ্য কৰ্মাদিৰ পৰা ভ্ৰষ্ট হৈ পৰিছিল৷ সেই দেখি নৰনাৰায়ণ ৰজাই কামাখ্যাৰ মন্দিৰ নতুনকৈ সজাই গোসাঁনী প্ৰতিষ্ঠা কৰি গোসাঁনী পূজাৰ নিমিত্তে বংগদেশৰ পৰা ভাল বামুণ অনাই কামাখ্যাত বহুৱাইছিল৷ সেইদেখি ইয়াৰ আগৰ কালত, কমলেশ্বৰ দুৰ্লভনাৰায়ণে গৌৰেশ্বৰ ধৰ্মনাৰায়ণৰ পৰা কনৌজৰ কৃষ্ণ পণ্ডিত প্ৰমুখ্যে সাতঘৰ বামুণ আৰু চণ্ডীবৰকে প্ৰমুখ্য কৰি সাতঘৰ কায়স্থ অনাই তেওঁৰ ৰাজ্যত পাতিছিল৷”

উক্ত কথাখিনিয়ে শংকৰদেৱৰ জন্মৰ আগমুহুৰ্তৰ অসমৰ ধৰ্মীয় আৰু সামাজিক জীৱনৰ এখন সুস্পষ্ট ছবি দাঙি ধৰে৷ কিছু কথাত অতিৰঞ্জনৰ মৃদু পৰশ থাকিলেও সামগ্ৰিকভাৱে বেজবৰুৱাই তুলি ধৰা ছবিখন সকলো গৱেষক-পণ্ডিতে মানি লৈছে৷ বেজবৰুৱাই কেতবোৰ আৰ্যোত্তৰ জাতিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা “অসভ্য” শব্দটো অৱশ্যে বৰ্তমান কালত গ্ৰহণযোগ্য নহয়৷

মোৰ বিশ্বাস এনেবোৰ শব্দৰ ব্যৱহাৰৰ মাজেৰে লেখকজনৰ ব্যক্তিগত ভাৱতকৈ সেই যুগত ভাবাদৰ্শটোহে বেছি স্পষ্টকৈ ওলায়৷ প্ৰাকশংকৰী যুগৰ অসমৰ ধৰ্মীয় জীৱনৰ বিষয়ে আলোচনা কৰিলে আন এটা গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহে৷ শৈৱ-শক্তি দেৱী পূজাৰ মাজতে অসমত যুগ যুগ ধৰি বিষ্ণু উপাসনাৰ ধাৰা এটাও প্ৰবাহিত আছিল৷ খুব বেছি শক্তিশালী বা প্ৰভাৱশালী নহলেও সেই ধাৰাটোৱে পৰৱৰ্তী কালত শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ সময়ত কিছু সহায় কৰিছিল৷ সেই আদৰ্শৰ ঐতিহ্য আছিল বেছ পুৰণি৷

উল্লেখ্য, পঞ্চম খ্ৰীষ্টাব্দমানৰ পৰাই কামৰূপত সংস্কৃতায়ন বা আৰ্যীকৰণৰ প্ৰভাৱ দেখা পোৱা গৈছিল৷ এইক্ষেত্ৰত মূল ভূমিকা লৈছিল উত্তৰ ভাৰতৰ পৰা অহা ব্ৰাহ্মণসকলে৷ চীনা পৰিব্ৰাজক হিউয়েনচাঙৰ বিৱৰণীত পোৱা যায় কিদৰে ভাস্কৰ বৰ্মনে ভাৰতৰ আন আন ঠাইৰ পৰা বহু বেদজ্ঞ ব্ৰাহ্মণক আনি কামৰূপত সংস্থাপিত কৰিছিল৷

সেইসকল ব্ৰাহ্মণৰ যোগেদিয়েই বিষ্ণু পূজাই আন দেৱ-দেৱীৰ লগতে কামৰূপত ভুমুকি মাৰিছিল বুলি বহু গৱেষকে কৈছে৷ ভাস্কৰ বৰ্মন নিজে শৈৱ আছিল যদিও তেওঁৰ আজোককাক মহাভূতি বৰ্মন আছিল বিষ্ণুৰ উপাসক৷

বিশিষ্ট পণ্ডিত ড. লীলা গগৈয়ে ভাবে যে শংকৰাচাৰ্যই বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰৰূপে স্বীকৃতি দিয়াৰ পাছৰ পৰা সমগ্ৰ ভাৰততে বহুতে বৌদ্ধ মন্দিৰ হিন্দু উপাসনাথলীলৈ ৰূপান্তৰিত হয়৷ ড. গগৈৰ মতে অসমত অশ্বক্লান্ত শুক্ৰেশ্বৰ, হাজো, ডবকা আদি ঠাইৰ বৌদ্ধ মন্দিৰসমূহ হিন্দু মন্দিৰলৈ ৰূপান্তৰিত হৈছে৷

হাজোৰ মন্দিৰৰ বিগ্ৰহক এতিয়াও বৌদ্ধসকলে মহামুনি বুলি কয়৷ প্ৰাকশংকৰী যুগৰ হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী, মাধৱ কন্দলি আদিৰ ৰচনাতো বৈষ্ণৱ আদৰ্শ দেখিবলৈ পোৱা যায়৷ কিন্তু সম্পূৰ্ণভাৱে সংস্কৃত ভাষাৰ মাধ্যমেৰে অহা বাবে সেই বৈষ্ণৱ আদৰ্শই সাধাৰণ মানুহৰ অন্তৰ স্পৰ্শ কৰিব পৰা নাছিল৷

জনজাতি লোকসকলৰ অধিকাংশই এই প্ৰভাৱৰ পৰা প্ৰায় মুক্ত হৈ আছিল৷ কোনো কোনো জনগোষ্ঠীয়ে বৈষ্ণৱ আদৰ্শটো গ্ৰহণ কৰিলেও সমান্তৰালভাৱে নিজৰ আৰাধ্য দেৱ-দেৱীক পূজা কৰা বাদ দিয়া নাছিল বাবেও সেই আদৰ্শটো বেছি জনপ্ৰিয় হৈ উঠা নাছিল৷ তৎসত্বেও বৈষ্ণৱ আদৰ্শৰ সুতিটো অসমৰ ধৰ্ম জীৱনৰ নদীখনত সংযোজিত হৈছিল৷

ড. লীলা গগৈয়ে এই সন্দৰ্ভত তেওঁৰ “অসমৰ সংস্কৃতি” গ্ৰন্থখনত লিখিছে— “অতি সূক্ষ্মভাৱে ধৰ্মীয় অনুষ্ঠান আৰু ধাৰণাসমূহ বিচাৰ কৰি চালে প্ৰাকশংকৰী যুগৰ ধৰ্মক আধুনিক নৃতাত্ত্বিক ভাষাৰে “মেজিক” বোলাই ভাল৷ অসমৰ ধৰ্মীয় ঐতিহ্যত শ্ৰীমন্ত শংকৰদেৱৰ অৱদান অনস্বীকাৰ্য৷ পঞ্চদশ শতিকাৰ ঠিক সোঁমাজত জন্মগ্ৰহণ কৰা শংকৰদেৱৰ পূৰ্বপুৰুষসকল শক্তি উপাসক আছিল৷ শিৱ আৰু দুৰ্গা দুয়োকে সমভাৱে শ্ৰদ্ধা আৰু পূজা কৰিছিল৷ ত্ৰয়োদশ – চতুৰ্দশ শতিকাতেই বৈষ্ণৱ আদৰ্শই নতুনকৈ মূৰ দাঙি উঠিছিল৷

হেম সৰস্বতীয়ে বামণ পুৰাণৰ পৰা বিষয়বস্তু লৈ “প্ৰহ্লাদ চৰিত” ৰচনা কৰি দৈত্যৰ ঘৰত বিষ্ণুৰ সৱল অনুপ্ৰৱেশৰ কাহিনী ৰূপায়ণ কৰে৷ “জৈমিনী অশ্বমেধ”ৰ বিষয়বস্তুৰ বৈষ্ণৱ আদৰ্শ জয়দ্ৰথ বধত ফুটি ওলাইছে৷ বৰ্তমান সহজলভ্য মাধৱ কন্দলিৰ ৰামায়ণত পোনপেটীয়াকৈ সোমোৱা বৈষ্ণৱ ভাবধাৰা মাধৱদেৱৰ সম্পাদনাত বৃদ্ধি পালেও বিষ্ণুৰ অৱতাৰ ৰামৰ কাহিনী থলুৱা ভাষালৈ ভাঙনি কৰাটোৱে ক্ৰমাগতভাৱে বৈষ্ণৱ প্ৰভাৱ বৃদ্ধি পোৱাৰেই ইংগিত দিয়ে৷

সেয়ে হলেও শংকৰদেৱে প্ৰতিষ্ঠা কৰা একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম কাৰোবাক অনুকৰণ কৰি বা কাৰোবাৰ দীক্ষা লৈ অসমত প্ৰৱৰ্তন কৰাৰ কোনো তথ্যনিৰ্ভৰ যুক্তি নাই৷ সেয়া শংকৰদেৱৰ শাস্ত্ৰ ভাগৱত পঢ়ি, তীৰ্থ ভ্ৰমণ কৰি, সাধুৰ সংগত অভিজ্ঞতা লাভ কৰি যি উপলব্ধি হৈছিল সেই উপলব্ধিপ্ৰসূত ফল মাত্ৰ৷

শংকৰদেৱ প্ৰৱৰ্তিত বৈষ্ণৱ আদৰ্শ যথাৰ্থতে মৌলিক আৰু বহিঃপ্ৰভাৱমুক্ত৷ শংকৰদেৱৰ ভাবাদৰ্শৰ মৌলিকতা সন্দৰ্ভত কিঞ্চিতমানো সন্দেহ নাই যদিহে ইয়াক ধৰ্ম, সাহিত্য, সংস্কৃতিৰ বৈচিত্ৰময় উপাদানৰ সমন্বিত প্ৰয়াসৰ মাজেদি চোৱা যায়৷

কিন্তু কেৱল ধৰ্মীয় দিশৰ পৰা আৱেগ বিৱৰ্জিতভাৱে নিৰীক্ষণ কৰিলে তেওঁৰ বৈষ্ণৱ আদৰ্শক সম্পূৰ্ণভাৱে মৌলিক বা বহিঃপ্ৰভাৱমুক্ত বুলি একাষাৰে কৈ দিবলৈ অসুবিধা৷ তেনে কৰিলে অতিৰঞ্জনৰ দোষত দোষী হব লাগিব৷

বিষ্ণু উপাসনাৰ মৃদু ধাৰাটোৱে পৰবৰ্তী কালত তেওঁ ধৰ্মপ্ৰচাৰ কৰোতে নিশ্চয়কৈ কিছু সহায় কৰিছিল৷ কিয়নো দুৰ্বলভাৱে হলেও সেই বিষ্ণু উপাসনাৰ সূতিটোৱে এক ধৰ্মীয় আন্তঃগাঁথনি নিৰ্মাণ কৰি তুলিছিল৷ শংকৰদেৱ যে এই বিষয়ে জ্ঞাত আছিল সেয়া তেওঁৰ মহাজীৱনলৈ ভূমুকি মাৰিলেই স্পষ্ট হৈ পৰে৷ মাধৱ কন্দলিৰ কাব্য প্ৰতিভা দেখি “পূৰ্বকবি অপ্ৰমাদী“ উপাধি দিছিল তেওঁ নিজেই৷

শংকৰদেৱৰ মহাপ্ৰতিভা আৰু অদ্বিতীয় ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি তেওঁ সেই ধৰ্মীয় আন্তঃগাঁথনি ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোলৈ চাই সেই বিষ্ণুভক্তিৰ ধাৰাটোকে সকলোফালৰ পৰা সংস্কাৰ সাধন কৰি তেওঁ ইয়াক এক প্ৰকৃত গণমুখী ধমীয় সাংস্কৃতিক আন্দোলনলৈ ৰূপান্তৰিত কৰিলে৷ কালক্ৰমত সেই আন্দোলনে অসমীয়া সমাজ-সভ্যতাৰ সকলো দিশ উজলাই তুলি তেওঁক জাতিটোৰ জনকৰূপে দৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰিলে৷

প্ৰাকশংকৰী যুগৰ অসমৰ সমাজ জীৱনত বৌদ্ধ ধৰ্মৰ কিছু বিকৃত ৰূপ পৰিলক্ষিত হয়৷ বৌদ্ধ ধৰ্মৰ মুল মানৱিক বাণীসমূহৰ ধ্বনি- প্ৰতিধ্বনি সেই যুগৰ ধৰ্মত প্ৰায় শুনা নগৈছিলেই বুলি কব পাৰি৷ সমগ্ৰ ভাৰতবৰ্ষত মূলতঃ শংকৰাচাৰ্যৰ বেদান্ত দৰ্শনৰ তত্ত্বৰ বাবে বৌদ্ধ ধৰ্ম ক্ৰমাৎ অন্তৰ্ধান হবলৈ ধৰাৰ কথা পূৰ্বতেও উল্লেখ কৰা হৈছে৷ কামৰূপত দক্ষিণাচাৰ আৰু বামাচাৰৰ ভিতৰত পাছৰ পন্থাটোৱে বিশেষ প্ৰাধান্য পোৱা বুলি ড. নেওগে কৈ গৈছে৷ শংকৰী যুগৰ বহুতো কবিৰ ৰচনাত বামানয় বা বামাচাৰ বুলি উল্লেখ থকা এই প্ৰথাটো বহুতো ক্ষেত্ৰত বৌদ্ধাচাৰৰ লগত একে হৈ পৰিছে৷

ড. নেওগৰ মতে সেই যুগৰ বৌদ্ধাচাৰ মানে প্ৰধানকৈ ব্ৰজযান আৰু কোনো কোনো ক্ষেত্ৰত মন্ত্ৰযান, তন্ত্ৰযান, কালচক্ৰযান, সহজযান আদি ৰূপকে বুজায়৷ প্ৰায় সপ্তম শতিকাতে উদ্ভৱ হোৱা এই ধৰ্মপ্ৰথাবোৰ কিছুসংখ্যক লোকৰ মাজত নিশ্চয়কৈ জনপ্ৰিয় হৈছিল বুলি ভবাৰ থল আছে৷ এই সকলোৰে মিশ্ৰণত বৌদ্ধ ধৰ্মই এক বিকৃত ৰূপ লৈ গা কৰি উঠিছিল৷ অৰ্থাৎ প্ৰাচীন কামৰূপৰ অঞ্চল বিশেষ হৈ পৰিছিল সেইবোৰ আচাৰ–নীতিৰ উৰ্বৰ ক্ষেত্ৰস্বৰূপ৷

অনুমান কৰিলে হয়তো ভুল নহব যে শংকৰদেৱে নিজ ধৰ্মত প্ৰচলন কৰিবলৈ প্ৰয়াস কৰাৰ সময়ত নিশ্চয়কৈ সেই আচাৰ নীতি মানি চলা বহু লোকৰ সন্মুখীন হৈছিল৷ সেই অৱশিষ্ট আৰু বিকৃত বৌদ্ধ ধৰ্মৰ ৰূপে দেখিয়ে তেওঁৰ মনত নেতিবাচক ভাবৰ সৃষ্টি হয় বুলি ভাবিব পাৰি৷ শংকৰদেৱে বৌদ্ধ টুটকীয়া লগ পোৱাৰ কথা “কথাগুৰু” চৰিতত পোৱা যায়৷

ৰাম সৰস্বতীৰ ‘বাসাশ্ৰম”আৰু বংশীগোপালদেৱৰ চৰিত পুথিতো তান্ত্ৰিক বৌদ্ধ ৰীতি-নীতিৰ কথা উল্লেখ আছে৷ এইক্ষেত্ৰত ড. লীলা গগৈয়ে তেওঁৰ পূৰ্বোক্ত গ্ৰন্থত কৰা মন্তব্য বিশেষভাবে প্ৰণিধানযোগ্য৷ তেওঁ লিখিছে- “শংকৰদেৱে নিজেই বৌদ্ধসকলক বেদবিৰোধী ৰামপন্থী” বুলি কীৰ্তনত মন্তব্য কৰিছে৷ বৈষ্ণৱৰ ভিতৰতে গোপনে চলি থকা ৰাতিসেৱা বা পূৰ্ণভগীয়া পন্থৰ আনুষংগিক ৰীতিসমূহে বৌদ্ধতন্ত্ৰৰেই প্ৰমাণ দিয়ে৷ গুৰুৰ নিৰ্দেশ মানি মহাসুখ- নিবাৰ্ণ বিচৰা কথাষাৰে মূল বৌদ্ধ আদৰ্শকে দাঙি ধৰে৷

কামৰূপকে ধৰি তিব্বত, নেপাল, ভূটান, ছিকিমত মহাযান পন্থাই গা কৰি উঠে, কিন্তু শংকৰদেৱৰ নামধৰ্মৰ প্ৰভাৱত বৌদ্ধ ধৰ্ম সম্পূৰ্ণৰূপে লোপ পায়৷” ড. গগৈয়ে সেই বৌদ্ধ ধৰ্মক মহাযান পন্থ বুলি কলেও আন গৱেষকসকলে সেই কথাটো তেনেদৰে গ্ৰহণ কৰা নাই৷ বৌদ্ধ ধৰ্মৰ অৱশিষ্ট ৰূপৰ লগত ইন্দ্ৰজাল আৰু ৰাতিশাস্ত্ৰৰ এক অদ্ভুত মিলন হৈ কামৰূপৰ এক ভিন্ন প্ৰকৃতিৰ ধৰ্মতে গঢ় লৈ উঠিছিল আৰু সেই মতকে শংকৰদেৱে বিৰোধিতা কৰিছিল৷ ড. মহেশ্বৰ নেওগে তেওঁৰ “অসমৰ ধৰ্মৰ বুৰঞ্জী : আন্ধাৰ আৰু পোহৰ” শীৰ্ষক গ্ৰন্থত শংকৰদেৱে ভগৱান বুদ্ধৰ বিষয়ে পোষণ কৰা মন্তব্য অদ্ভুত বুলি মন্তব্য কৰিছে৷

ড. নেওগে লিখিছে—যদিও আমি স্পষ্ট বৰ্ণনা নাপাওঁ, তথাপি শংকৰদেৱৰ যুগতো বজ্ৰযানৰ লেখীয়া বৌদ্ধ ধৰণ–ধাৰণাই কামৰূপত বিস্তাৰ লাভ কৰিছিল আৰু হিন্দুতন্ত্ৰতো সি অনুপ্ৰৱেশ কৰিবৰ ছল বিচাৰি লৈছিল৷ নহলে ভগৱান বুদ্ধৰ বিষয়ে শংকৰদেৱৰ ধাৰণা অদ্ভুত বুলিয়ে কবলগীয়া হয়-

বুদ্ধ অৱতাৰে বেদ-পথ কৰি ছন৷

বামনয় শাস্ত্ৰে মুহি আছা সৰ্বজন৷

সদায়ে প্ৰমত্ত লোক পাষণ্ড আচাৰ৷

বুদ্ধদেৱে বেদৰ যজ্ঞ-বিধি উচ্ছন্ন কৰিছিল, ঠিকেই, কিন্তু তেওঁ বামাচাৰৰ শাস্ত্ৰ ব্যৱহাৰ, প্ৰচাৰ কৰি সৰ্বজনক বিমুখ কৰা নাছিল৷ বৰং বুদ্ধৰ ধৰ্মৰ সাধন-মাৰ্গৰ নাম দিয়া হৈছে আৰ্য অষ্টামগিক মাৰ্গ৷

শংকৰদেৱৰ সময়ত নিশ্চয় বামাচাৰীসকলৰ প্ৰাদুৰ্ভাৱ বেছি হৈছিল আৰু সেইসকলকহে মহাপুৰুষে বৌদ্ধ বুলি চিনাক্ত কৰিছে৷ কিন্তু প্ৰকৃত অৰ্থত সেয়া ভগৱান বুদ্ধৰ পবিত্ৰ ধৰ্ম নহয়৷ যি ধৰ্ম হয়তো সেই যুগত ভাৰতবৰ্ষৰ পৰাই সম্পূৰ্ণ সংখ্যাও হয়তো অৱহেলা কৰিবলগীয়া বিধৰ নাছিল৷ আনফালে তেওঁলোকৰ ধৰ্মত নানা ব্যভিচাৰ লক্ষ্য কৰি তাক পাষণ্ড বা পাখণ্ড (এটা ধৰ্মত বুজোৱা পাৰিভাষিকৰূপে) বুলিছিল৷

গুৰুচৰিতবোৰত শংকৰদেৱ যুগৰ বৌঠ বা বৌদ্ধ পাষণ্ডীসকলৰ ছবি আমি দেখা পাওঁ৷ এনেবোৰ বিষয় অসমৰ চিন্তশীল মহলত সৰ্বজনগ্ৰাহ্য বুলি ভবা হৈছিল যদিও দুবছৰমানৰ আগতে বি পি এফ দলৰ তদানীন্তন সাংসদ ছাঞ্চুমা খুংগুৰ বিছমুতিয়াৰীয়ে শংকৰদেৱৰ কীৰ্তন ঘোষাক নিষেধাজ্ঞা আৰোপ কৰিবলৈ কৰা অদ্ভুত দাবীয়ে পুনৰ এনেবোৰ কথালৈ মানুহৰ মন আকৰ্ষণ কৰে৷ গভীৰভাৱে চিন্তা কৰিব নোখোজা এচাম মানুহ বিভ্ৰান্ত হোৱাও দেখা গৈছিল৷

বিছমুতিয়াৰীৰ মতে শংকৰদেৱে বড়োকে আদি কৰি অন্যান্য ভূমিপুত্ৰসকলক ম্লেছ বুলি কৈ মাৰি-কাটি শেষ কৰিবলৈ কৈছিল৷ পাছত অৱশ্যে হাগ্ৰামা মহিলাৰীৰ হস্তক্ষেপত বিছমুতিয়াৰীয়ে নিজৰ ভাষ্যৰ ব্যাখ্যা অন্যধৰণে দিবলৈ লয়৷

আজি কেইমাহমানৰ আগতে ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে দিয়া গোচৰৰ সন্দৰ্ভত তেওঁ সেই সময়ত কৰা মন্তব্য ভুল আছিল বুলি কোৱাত সমগ্ৰ বিষয়টো ওৰ পৰে৷ কিন্তু বিছমুতিয়াৰীয়ে সৃষ্টি কৰা বিভ্ৰান্তিৰ সময়তে অসমৰ বিভিন্ন কাকতত শংকৰদেৱে বৌদ্ধ ধৰ্ম সন্দৰ্ভত কৰা ব্যাখ্যা সম্বন্ধ বহুতো অপব্যাখ্যা হোৱা দেখা গল৷

কিছু অপব্যাখ্যা যদি অজ্ঞানতাৰ বাবে হৈছিল, আন কিছু হৈছিল সেই লোককেইজনৰ নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে৷ মুঠৰ ওপৰত এটা কথা স্পষ্ট যে শংকৰদেৱৰ মনত গৌতম বুদ্ধই প্ৰচলন কৰা পবিত্ৰ বৌদ্ধ ধৰ্ম সম্বন্ধে থকা ভ্ৰান্ত ধাৰণাৰ উৎস আছিল সেই সময়ত প্ৰচলিত বিকৃত আচাৰ-নীতিসমূহহে৷ তদুপৰি বৌদ্ধ ধৰ্মৰ প্ৰাচীন পবিত্ৰ ৰূপত কামৰূপত প্ৰচলিত হৈ থকাৰ কথা কোনো গৱেষক-পণ্ডিতৰ লেখাতে পোৱা নাযায়৷

“কালিকা পুৰাণ”ৰ মতেও কামৰূপত শাক্তধৰ্মহে বেছি পুৰণি আছিল বুলি ভাবিব পাৰি৷ আনকি “কালিকা পুৰাণ”ত থকা বিষ্ণুৰ কথাৰ মাজতো অন্তৰ্লীন হৈ আছিল তান্ত্ৰিক বিধি-বিধানৰ কথাহে৷ সেইটো যুগৰ ৰাজনৈতিক অস্থিৰতাই মানুহৰ ধৰ্মীয় আৰু সামাজিক জীৱনত প্ৰভাৱ পেলাইছিল৷ ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চলত নিজৰ আধিপত্য সুদৃঢ় কৰিবলৈ বাৰভুঞাঁকে আদি কৰি অন্যান্য গোষ্ঠীসমূহে কৰা প্ৰয়াসৰ কথাৰে সেইটো কালৰ ৰাজনৈতিক বুৰঞ্জী ভৰি আছে৷

তেওঁলোকৰ মাজত চলি থকা দ্বন্দ্ব-খৰিয়ালৰ বাবেও দেশৰ অৱস্থা অস্থিৰ হৈ পৰিছিল৷ এনেবোৰ কাৰণতে বিভিন্ন অঞ্চলত ভিন-ভিন সৰু সৰু ধৰ্মীয় পন্থ-উপপন্থই গা কৰি উঠিছিল৷ হিন্দু ধৰ্ম আৰু বিভিন্ন জনজাতীয় ধৰ্মবোৰে ইটোৱে সিটোক যথেষ্ট প্ৰভাৱিত কৰিছিল৷ প্ৰায়বোৰ সৰু সৰু ধৰ্মতে তন্ত্ৰ-মন্ত্ৰ আৰু ইন্দ্ৰজাল বিদ্যাৰ প্ৰাধান্য আছিল অত্যন্ত গভীৰ৷

হিন্দু শাক্ত তন্ত্ৰ আৰু বৌদ্ধ তন্ত্ৰ উভয়তে নানা মন্ত্ৰ আৰু বিদ্যাৰ কথা পোৱা যায়৷ এনেবোৰ ৰীতি–নীতিৰ অবাধ প্ৰচলন আৰু বিপুল জনপ্ৰিয়তাৰ বাবে বাহিৰৰ মানুহে কামৰূপক কিছু ভিন্ন দৃষ্টিৰে চোৱা কথা সেই সময়ৰ বিভিন্ন ঐতিহাসিক সমলত পোৱা যায়৷ সমগ্ৰ কামৰূপখন একেধৰণৰ মায়া ৰাজ্যলৈ ৰূপান্তৰিত হৈছিল৷ সেইটো পটভূমিত শংকৰদেৱে যিখন নতুন সমাজ নিৰ্মাণ কৰি উলিয়ালে, তাত মানৱতাবোধৰ নৱউদ্ভুদয় হোৱা বুলি ড. নেওগে অভিহিত কৰিছে৷

পূৰ্বোক্ত গ্ৰন্থত তেওঁ লিখিছে- “সময়ে এক পৰিবৰ্তন আহ্বান কৰিলে৷ নানা তন্ত্ৰ-মন্ত্ৰৰ ঐন্দ্ৰজালিকতাৰ মাজত পৰিষ্কাৰ আলোকৰ আহ্বান শুনা গ’ল৷ বলি-বিধানৰ নামত জীৱ হত্যাৰ নিষ্ঠুৰতাই এক নতুন মানৱতাবোধক জগাই মাতি আনিলে৷

নানা দেৱতাৰ মাজত এজন আধ্যাত্মিক নেতা আগবাঢ়ি আহিল৷” তেওঁ যি ফুলাৰ মন্ত্ৰ মাতিলে সেই মন্ত্ৰ শুনি আমাৰ ইমান ফুল প্ৰভাতে প্ৰভাতে সাৰ পাই উঠিল— সাহিত্যৰ, সংগীতৰ, নৃত্যৰ, নাটৰ, চিত্ৰকলা আৰু কিহৰ নহয়? এক নৱ অভিনৱ সংস্কৃতিৰ৷ এটি সৰল ধৰ্মৰ নামত জাতিটোৱে এক নৱ অভ্যুদয়, ৰেঁনাছী দেখা পালে৷ ড. নেওগৰ যুক্তিসংগত উচ্ছাসৰ ধল কিন্তু আজিও অন্তহীন প্ৰবাহৰ দৰে সামগ্ৰিক অসমীয়া বৌদ্ধিক সত্তাটোৰ মাজেৰে বৈ আছে৷

মাজে মাজে এই স্ৰোত কিছু দুৰ্বল হোৱা যেন লাগিলেও সেয়া সম্পূৰ্ণ সাময়িক৷ কিয়নো কথা অধিক জ্যোতিষ্মান হৈ উঠিছে৷ কেনে এক ধৰ্মীয় আৰু সামাজিক প্ৰেক্ষাপটৰ পৰা আহি শংকৰদেৱে একশৰণ নামৰ বাণীৰে অসমভূমিক ধন্য কৰিছিল, সেই বিষয়ে ড. শইকীয়াই তেওঁৰ বিষয় শংকৰদেৱ গ্ৰন্থত সুন্দৰকৈ ব্যক্তি কৰিছে৷

তেওঁ লিখিছে শংকৰদেৱৰ বহু আগতেই যে ভাৰতীয় ভাষা-সংস্কৃতিয়ে আহি অসমত নিজৰ ঠাই উলিয়াই লৈ উমৈহতীয়া জাতীয় ভাষা- সংস্কৃতিৰ আৰু সমাজ জীৱনৰ সূচনা কৰিলে আৰু প্ৰতিষ্ঠাও দিলে সেই কথা ইতিপূৰ্বে উল্লিখিত হৈছে৷ কিন্তু ই সকলো লোকক সাংস্কৃতিক সমঅধিকাৰ দিয়া বুলি কব নোৱাৰি৷ এতেকে ধৰ্ম-কৰ্মৰ অধিকাৰ কেৱল পুৰোহিতসকলৰ হাততে থাকিল৷ তদুপৰি হিন্দু শাক্ত তান্ত্ৰিকতা আৰু বৌদ্ধ ধৰ্মীয় তান্ত্ৰিকতাই ধৰ্ম গঠনত ঘটোৱা বিকাৰ ক্ষতিকাৰক হৈ উঠিল৷

এইবিলাকৰ সম্পৰ্কে ইতিমধ্যে আলোচনা আৰু অধ্যয়ন হৈছে (ড. বাণীকান্ত কাকতিৰ পূৰণি কামৰূপৰ ধৰ্মৰ ধাৰা, ড. মহেশ্বৰ নেওগৰ পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি দ্ৰষ্টব্য)৷ আনহাতে, প্ৰাচীন জনগোষ্ঠীসমূহৰ সামূহিক জীৱন যাত্ৰাৰ মাজত ফুটি উঠা সামূহিক দায়বদ্ধতাৰ মনোভাব প্ৰশংসনীয় আৰু গ্ৰহণীয় হলেও অপৰিশীলিত বিশ্বাস, সংস্কাৰ আৰু কেতবোৰ আচাৰ ব্যৱহাৰৰ মাজৰ থকা অমানুষিকতা আৰু নিষ্ঠুৰতা কোনো প্ৰকাৰে গ্ৰহণীয় নাছিল৷

অৱশ্যে তেওঁলোকে তেনে আচাৰ আৰু ৰীতি-নীতি গভীৰ বিশ্বাসেৰেই পালন কৰিছিল৷ ব্ৰাহ্মণ ধৰ্মত সকলোৰে অধিকাৰ থকাৰ প্ৰশ্নই আছিল, আৰু বৰ্ণ-বিভাজন স্পষ্টত: প্ৰৱল আছিল৷ এনে এক সামাজিক- ঐতিহাসিক পটভূমিত মানুহৰ কথা বাদেই অন্যান্য ইতৰ প্ৰাণীকো সমান জীৱস্বৰূপে জ্ঞান কৰিবলৈ শিকনি দিয়াটো এটা অভূতপূৰ্ব ঘটনা৷

‘সকল প্ৰাণীক দেখিবাহা আত্মসম’ নাইবা ‘কুকুৰ চণ্ডাল গদৰ্ভৰো আত্মাৰাম’ নাইবা ‘ব্ৰাহ্মণৰ- চণ্ডালৰ নিবিচাৰি কুল’ আদি সিঁচৰতি হৈ থকা শিকনিসমূহে এটা নতুন জীৱন দৃষ্টিৰ নতুন বোধৰ নিৰ্যাস কঢ়িয়াই আনিলে৷ এনে দৃষ্টি আৰু বোধৰ ঘাই শিপাডাল পোত গৈ আছে উপনিষদত৷

শংকৰদেৱে তেওঁৰ ছাত্ৰৱস্থাতে বেদ-উপনিষদ কাব্য-মহাকাব্য, পুৰাণ-উপপুৰাণকে ধৰি সমগ্ৰ ভাৰতীয় চিন্তা-চৰ্চা আৰু শিল্প-সাহিত্যৰ লগত গভীৰ পৰিচয় স্থাপন কৰি লোৱাৰ বাবেই স্বচ্ছ জীৱনদৃষ্টি আৰু জীৱনবোধ দাঙি ধৰিব পাৰিছিল৷

শংকৰদেৱৰ আগলৈকে অসমৰ আন কাৰো মাজত বিশ্ব চৰাচৰৰ সৃষ্টিৰ ঘাই কাৰণ সম্পৰ্কীয় এনে বোধৰ প্ৰকাশ ঘটা নাছিল৷

ড. শইকীয়াৰ ভাষ্যৰ জৰিয়তে প্ৰাকশংকৰী যুগৰ চিন্তা-চেতনা যে ভিন্ন মাত্ৰাত শংকৰদেৱৰ হৃদয়ৰ মাজত প্ৰতিধ্বনিত হৈছিল সেই কথা বুজিব পাৰি৷ সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ অংশীদাৰিত্ব শংকৰদেৱৰ ক্ষেত্ৰত কোনো লোকেই নস্যাৎ কৰিব নোৱাৰে৷

ই সূৰ্যৰ পোহৰৰ দৰেই স্পষ্ট৷ বাৰ বছৰজোৰা তীৰ্থ ভ্ৰমণৰ সময়ত তেওঁ সকলো প্ৰধান ধমীয় পন্থ আৰু উপপন্থৰ পৰা সাৰভাগ গ্ৰহণ কৰিছিল৷ সংস্কৃত সাহিত্যৰ ভাণ্ডাৰো তেওঁ মথি পেলাইছিল৷

কিন্তু তেনেবোৰ কথা অসমীয়ালৈ ভাঙোতে তেওঁ অসমৰ সমাজ জীৱন আৰু সংস্কৃতিৰ কথা কাহানিও পাহৰা নাছিল৷ সকলো ক্ষেত্ৰতে তেওঁ হয় ভাবানুবাদ নাইবা অনুবাদৰ মাধ্যমেৰে নতুন সৃষ্টি সৃষ্টিৰ মূলতেই আছিল দুখীয়া, খাটিখোৱা সাধাৰণ মানুহৰ বৌদ্ধিক, সামাজিক আৰু আধ্যাত্মিক উত্তৰণৰ কথাবোৰ৷

কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে বৰ্তমান অসমত বিদিক হেৰুৱাই তেওঁৰ ওপৰত ঈশ্বৰত্ব আৰোপ কৰি নিজৰ অজ্ঞাতসাৰেই মানুহৰ মাজৰ পৰা শংকৰদেৱক আঁতৰাই নিছে৷

কিছুসংখ্যক সত্ৰাধিকাৰ আৰু সংগঠনৰ শীৰ্ষ একাংশ নেতাই শংকৰদেৱৰ ধৰ্মমতক সংকীৰ্ণভাৱে সংজ্ঞায়িত কৰি নিজৰ এদনীয়া ঐতিহ্য বঢ়াবলৈ উঠি পৰি লগাটো বৰ দুখৰ কথা৷

লেখক: ময়ুৰ বৰা

উৎস: সাহিত্য.অৰ্গ