শিৱসাগৰ জিলাৰ কথা ভাবিলেই মনলৈ আহে আহোম স্বৰ্গদেউ সকলৰ দিনত খন্দা ডাঙৰ ডাঙৰ পুখুৰী আৰু তাৰ কাষত নিৰ্মান কৰা দ’ল দেৱালয়ৰে ভৰপূৰ এখন ঐতিহাসিক চহৰ।

ইংৰাজী ১৭৩৪ চনত ৰানী অম্বিকাই কলুঞ্চপাৰ (পুৰনি শিৱসাগৰ জিলাৰ নাম) শিৱদেৱতাৰ নামত উৎসৰ্গা কৰি এটা পুখুৰী খন্দায়। শিৱদেৱতাৰ নামত উৎৰ্সগা কৰাৰ বাবে পুখুৰীটোৰ নাম ৰাখে শিৱসাগৰ। শিৱসাগৰ পুখুৰীটোৰ দক্ষিন পাৰে তিনিটা পুখুৰী আছে। তাৰ ভিতৰত শিৱদৌলটোয়েই সৰ্ববৃহৎ। শিবদ’লৰ পূবে বিষ্ণু দ’ল আৰু পশ্চিমে দেৱীদ’ল। শিবদ’লত শিৱৰাত্ৰিৰ দিনা ডাঙৰ মেলা হয়। শিবদ’লত এইটোয়েই ডাঙৰ উৎসৱ।

দেবীদ’লত দূর্গাপূজাৰ দিনা প্রতিমা সজাই পূজা পতা হয়। আনহাতে বিষ্ণুদ’লৰপৰা চাৰি কিলোমিটাৰমান গলে পথৰ সোঁফালে এতা দেউঘৰ পোৱা যায়। ইয়াক বর্তমান হৰগৌৰী মন্দিৰ বুলি জনা যায়।

শিৱসাগৰ নগৰৰ পৰা দুই কি.মি. দক্ষিণে পুৰণি ৰংপুৰ নগৰৰ অস্তিত্ব বিৰাজমান। আহোম ৰাজ্যৰ একালৰ ৰাজধানী ইয়াতেই আছিল। ইয়াতেই আছিল ইতিহাস প্রসিদ্ধ তলাতল ঘৰ অৱস্থিত। আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনতেই তলাতল ঘৰ নির্মান কৰা হৈছিল (১৬৯৮-১৭১৪)। ইয়াক মাটিৰ তলৰ দূর্গও বোলা হৈছিল। উল্লেখযোগ্য যে তলাতল ঘৰৰ যি সাতোটা মহল আছিল তাৰ মাটিৰ তলৰমহলাৰ পৰা দিখৌ নদী আৰু গড়গাওঁৰ কাৰেং ঘৰলৈ দুটা সুৰংগ আছিল। প্রাকৃতিক দুযোর্গৰ বাবে এই পথটো বন্ধ হৈ যায়।

তলাতল ঘৰৰ পৰা পশ্ছিমে কিছু দূৰ গ’লেই ৩৭ নং ৰাষ্টীয় ঘাই পথৰ ওচৰতে ৰংঘৰ অৱস্থিত। ই এটা আঠকোনীয়া দুমহলীয়া ঘৰ। স্বৰ্গদেউ প্ৰমত্তসিংহই ১৭৪৪-৫১ পশুযুঁজ চাবৰ বাবে ৰংঘৰ নিৰ্মান কৰিছিল। তলাতল ঘৰৰ পৰা কিছুদূৰৈত দক্ষিনে আছে ৰংগনাথ দ’ল। স্বৰ্গদেও ৰুদ্ৰসিংহই ১৭০৩খৃঃ এই দ’ল সজাইছিল। এই দ’লত স্বৰ্গদেৱে শিৱপূজা কৰিছিল।

ৰংগনাথ দ’লৰ কাষতে দক্ষিন পশ্চিমে থকা কেইবাটাও খটখটিৰে মৈদাম আকৃতিৰ যি ধ্বংসাৱশেষ আছে সেয়া হ’ল “ফাকুৱা দ’ল”। কথিত আছে যে ৰুদ্ৰসিংহই তেখেতৰ মাক সতী জয়মতীৰ এখনি সোনৰ প্ৰতিমা সাজি দিয়ে।

ফাকুৱা দ’লৰ পৰা পৰা অলপ আতঁৰত উত্তৰে অৱস্থিত হৰগৌৰী দেৱালয়। এই দ’লটি ৰাজেশ্বৰ সিংহৰ দিনত সজোৱা হয়। কীৰ্তিচন্দ্ৰ ৰবৰুৱাই ৰহাৰ পৰা মনিপুৰী আৰু কছাৰী ৰজাক লৈ উভতি আহি থাকোঁতে পৰ্বতত হৰ-গৌৰীৰ মূৰ্ত্তি এজনা পায়, মূৰ্ত্তিজনা স্থাপন কৰিবলৈ এই দ’ল সজোৱা হয়।

ৰংগনাথ দ’লৰ পূবে আছে গৰুদ’ল। ইয়াৰ আন এটা নাম ‘ন গোঁসাই দ’ল’।

ন গোঁসাইদ’লৰ দক্ষিন ফালে অৱস্থিত জয়সাগৰ পুখুৰী আৰু জয়দৌল। লাই ৰুদ্ৰসিংহ স্বৰ্গদেৱে মাক জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙা পথাৰত ১৬১৯ শকৰ আঘোন মাহৰ তিনিদিন যোৱাত জয়সাগৰ পুখুৰী খন্দাবলৈ আৰম্ভ কৰে। ১৭৯৮ চনত জয়সাগৰৰ পাৰত পঞ্চদেৱতাৰ পাচোঁটা মন্দিৰ নিৰ্মান কৰে। ইয়াৰ ভিতৰত জয়দৌল শ্ৰেষ্ঠ। জয়দৌলৰ আন এটা নাম শ্ৰীকেশৱৰায় বিষ্ণু দৌল। জয়দৌলৰ দক্ষিনৰ পকী ঘৰটো ভোগ ঘৰ।

জয়সাগৰৰ উত্তৰ পশ্চিম চুকত দেৱীদ’ল অৱস্থিত। জয়সাগৰ পুখুৰীৰ পশ্চিমপাৰত এটি দ’ল আছে ঘনশ্যাম দ’ল। কাৰেংঘৰৰ নিৰ্মান কৰোতা বঙালী-মুছলমান সম্প্ৰদায়ৰ ঘনশ্যামউদ্দিনৰ ঘৰ। পিছলৈ তেঁও হিন্দু ধৰ্মত দীক্ষা গ্ৰহন কৰিছিল।

শিৱসাগৰ চহৰৰ পৰা বাৰ কি. মি. পশ্চিমত নামডাং নৈৰ ওপৰত থকা শিলৰ সাঁকো ১৭০৩ চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত নিৰ্মান কৰা হৈছিল। নগা পাহাৰৰ পৰা শিল সংগ্ৰহ কৰি আনি কাটিবৰ বাবে আহোমযুগত “শিলাকুটি” নামৰ খেলৰ সৃষ্টি হৈছিল। শিৱসাগৰ জিলাত থকা শিলাকুটি মৌজাই এতিয়াও তাৰ স্বাক্ষৰ বহন কৰিছে। এই সাঁকো খনৰ দৈৰ্ঘ্যতা প্ৰায় ২০০ ফুট। শিলৰ সাঁকো নিৰ্মানত থলুৱা কৃষিজাত সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। নিদিষ্ট অনুপাতত মিঠাতেল, শন, ধূনা, গুৰ, চূন, মাটিমাহ, বৰা চাউল, হাঁহকণী আদি মিহলাই কৰাল বনাই সাঁকো তৈয়াৰ কৰিছিল।

বগীদ’ল, জগদ্ধাত্ৰীদল, বৰপাত্ৰদ’ল

জয়সাগৰৰ পৰা চাৰি কিঃমিঃ পূবে বগীদ’ল অৱস্থিত। স্বৰ্গদেউ লক্ষ্মীসিংহৰ মাকে এই পুখুৰী খন্দাই পাৰত দ’ল নিৰ্মান কৰিছিল। এই গৰাকী ৰাজমাওৰ নাম আছিল বগী। তেখেতৰ নামৰেই এই দ’লটিৰ নাম বগীদ’ল ৰখা হয়।

জয়সাগৰৰ পূবফালে খৰিকটীয়া আলিয়েদি দুই কি.মি. আঁতৰত লখিমীসাগৰ পুখুৰী আৰু তাৰ পাৰত দুটা দ’ল পোৱা যায়। এই দুটা দ’লক বৰপাত্ৰ দ’ল বুলি কোৱা হয়। নাচনী ছোৱালী ফুলমতীক শিৱসিংহই ৰাণী আৰু বৰৰজা পতাৰ পাছত তেওঁ নিজ প্ৰভাৱেৰে বহুতো কাম কৰিছিল। ৰাণী ফুলেশ্বৰীয়ে ভায়েক হৰিনাৰায়নক বৰপাত্ৰগোহাঁই পাতিলে। তেৱেই লখিমীসাগৰ খন্দায় আৰু দুটা দ’ল বন্ধাইছিল। ইয়াৰে এটা জগদ্ধাত্ৰী দ’ল আৰু আনটো বৰপাত্ৰ দ’ল নামে জনা যায়।

লেখিকা: মধুমিতা শইকীয়া