অসমীয়া ভাষাৰ চমু পৰিচয় উত্তৰ-পূৱ ভাৰতৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰচলিত এটা প্ৰধান ভাষা হৈছে- অসমীয়া। অসমীয়া শব্দটোৰ মূল হৈছে- ‘অসম’। অসমীয়া শব্দটোৱে অসমীয়া ভাষা আৰু অসমীয়া জাতি উভয়কে বুজায়। অসমত বসবাস কৰা সকলো মানুহকে অসমীয়া বুলি কোৱা হয়। অৰ্থাৎ ‘অসমীয়া’ শব্দই অসমীয়া ভাষা-ভাষীৰ লগতে অসমৰ চাৰিসীমাত বসবাস কৰা সকলো মানুহকে সামৰি লয়। অসমীয়া ভাষাটো অসমৰ ৰাজ্যভাষা তথা প্ৰধান ভাষা আৰু ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীৰ অন্তৰ্ভূক্ত এটি সাংবিধান স্বীকৃত প্ৰধান চৰকাৰী ভাষা। ৩ অক্টোবৰ ২০২৪ তাৰিখে অসমীয়া ভাষাই ধ্ৰুপদী ভাষা (Classical Language) ৰ স্বীকৃতি লাভ কৰে। উত্তৰ-পূৱ ভাৰতত বহুতো ভাষাৰ প্ৰচলন আছে, ষদিও অসমীয়া ভাষাটো অসম ৰাজ্যৰ প্ৰধান ভাষা হোৱাৰ উপৰিও অন্যান্য ৰাজ্যসমূহৰো সংযোগী ভাষা(Lingua Fanka) হিচাপে প্ৰচলিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত ৪৮.৩৮ শতাংশ লোকে অসমীয়া ভাষা কয়। অসমীয়া ভাষাটো পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়াল ইণ্ডোইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত ভাৰতীয় আৰ্য শাখাৰ মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে। মাগধী প্ৰাকৃতৰপৰা উদ্ভৱ হোৱা আন দুটা ভাষা হৈছে- বাংলা আৰু উড়িয়া ভাষা। অসমীয়া ভাষাৰ স্বকীয় লিপি আছে। খ্ৰীষ্টিয় চতুৰ্থ- পঞ্চম শতিকাত উদ্ধাৰ হোৱা প্ৰথম খন অসমীয়া লিপি ‘উমাচল শিলালিপি’ত পোৱা গৈছিল। খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকাত উদ্ধাৰ হোৱা ‘কানাই বৰশী বোৱা’ শিলালিপিত আধুনিক অসমীয়া লিপিৰ নিদৰ্শন পোৱা গৈছে। অসমীয়া লিপি বাওঁফালৰপৰা সোঁফাললৈ লিখা হয়। অসমীয়া লিপিৰ ইতিহাসত অধ্যয়ন কৰিলে দেখা যায় যে- প্ৰথম অৱস্থাত শিল, তাম, তালপত্ৰ, কাপোৰ, গছৰ চাল(সাঁচিপাত) আদিতহে লিখা হৈছিল। ১৮৪৬ চনত অসমৰ প্ৰথমটো চপাশাল ‘মিছন প্ৰেচ’ স্থাপন কৰিছিল। তাৰপৰাই প্ৰথম অসমীয়া আলোচনী তথা বাতৰি কাকত ‘অৰুণোদয়’ (১৮৪৬) প্ৰকাশ পায়। অৰ্থাৎ ১৮৪৬ চনৰ পিছৰপৰাহে অসমত অসমীয়া লিপি ছপাশালত প্ৰকাশ হ’ৱলৈ ধৰে। অৱশ্যে ইয়াৰ আগতে ১৮১৩ চনত প্ৰথম অসমীয়া ছপাপুথি শ্ৰীৰামপুৰৰ পৰা আত্মৰাম শৰ্মাই ‘বাইবেল’ৰ অনুবাদ কৰি ‘ধৰ্মপুস্তক’ নামেৰে প্ৰকাশ কৰে। এইখনকেই অসমীয়া ভাষাৰ প্ৰথম ছপা পুথি বুলি ক’ব পাৰি। অসমীয়া ভাষাতো ভাৰতীয় আৰ্য শাখাৰ, নব্যভাৰতীয় আৰ্য্যভাষাৰ বিকাশৰ সময়ত, অৰ্থাৎ দশম শতিকাৰ পিছত মধ্যভাৰতীয় আৰ্য্য স্তৰৰ(খ্ৰী: পূ: ১০ শতিকা-খ্ৰী: ১০ শতিকা) মাগধী প্ৰাকৃতৰ পৰা বিকাশ হোৱা এটা স্বতন্ত্ৰ ভাষা। অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন চৰ্যাপদসমূহ (৮ শতিকা-১২ শতিকা) বুলি কোৱা হয় যদিও চৰ্যাপদসমূহত প্ৰাকৃত ভাষা আৰু বাংলাভাষাৰো ৰূপ পোৱা যায়। অৱশ্যে বডু চণ্ডীদাসৰ ‘শ্ৰীকৃষ্ণ কীৰ্তন’ (১৩-১৪ শতিকাত) তো অসমীয়া ভাষাৰ উপাদান পোৱা যায়। গতিকে অসমীয়া ভাষাৰ বিকাশ তথা উদ্ভৱ দশম শতিকাৰ আগৰ বুলি ক’ব পাৰি। অসমীয়া ভাষাটো যিহেতু ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত ভাৰত ইৰাণীয় শাখাৰ উপশাখা ভাৰতীয় আৰ্য ভাষা সংস্কৃতৰ পৰা উদ্ভুত, সেইবাবে অসমীয়া ভাষাত সংস্কৃত তৎসম, অৰ্ধতৎসম, তদ্ভৱ শব্দৰ সংখ্যা অধিক।তদুপৰি অসমৰ থলুৱা ভাষা অষ্টিক, দ্ৰাবিড়, মংগোলীয় শাখাৰ ভাষাসমূহৰ উপাদানো অসমীয়া ভাষাত আছে। অৰ্থাৎ অসমীয়া ভাষাত সংস্জৃত ভাষাৰ ওপৰিও অন্যান্য তিনিটা ভাষা পৰিয়াল (মংগোলীয়, দ্ৰাবিড়, অষ্টিক) ৰ ভাষসমূহৰো উপাদান সংমিশ্ৰিত হৈ আছে। ধ্বনি (phone), ৰূপ(Morph), শব্দ ইত্যাদি সকলো অৰ্থাৎ অসমীয়া ভাষাটো গঠনৰ ক্ষেত্ৰত এই ভাষাসমূহৰ উপাদান আছে। উক্ত ভাষাসমূহৰ উপাদানৰ সংমিশ্ৰনত অসমীয়া ভাষাটো গঠন হ’লেও কিছুমান সুকীয়া আৰু স্বকীয় উপাদানো আছে। অসমীয়া ভাষাত ধ্বনি উচ্চাৰণত হ্ৰস্ব-দীৰ্ঘৰ মাজত পাৰ্থক্য নাই। লিখিত ৰূপত ব্যৱহৃত হ’লেও উচ্চাৰণত ব্যৱহাৰ কৰা দেখা নাযায়। সেইবাবে অসমীয়া ভাষাত বৰ্ণ আৰু ধ্বনি সমান নহয়। যেনে- ব্যঞ্জন বৰ্ণ- ৪১ টা, স্বৰবৰ্ণ-১১ টা আৰু ব্যঞ্জন ধ্বনি-২৩ টা, স্বৰধ্বনি-৮ টা। অসমীয়া ভাষাত স্বৰধ্বনি (৮) কেইটা হৈছে- /অ/, /অ’/, /আ/, /ই/, /ঊ/,/এ/, /এ’/, /ও/; ব্যঞ্জন ধ্বনি (২৩) কেইটা হৈছে- /ক/, /খ/, /গ/, /ঘ/, /ঙ/, /ত/, /থ/, /দ/, /ধ/, /ন/, /প/, /ফ/, /ব/, /ভ/, /ম/, /চ/, /ছ/, /স/, /হ/, /ৰ/, /ল/ আৰু /য়/, /ৱ/ হৈছে অৰ্ধস্বৰ ধ্বনি। অসমীয়া ভাষাত বাক্যৰ গঠনৰ ক্ষেত্ৰত দেখা যায় যে- কৰ্তা+ কৰ্ম+ ক্ৰিয়া(Subject+ Object+ Verb)। বাক্যবোৰ সদায় সমাপিকা ক্ৰিয়াৰে শেয হয়। বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা দ্বিতীয় আৰু তৃতীয় পুৰুষৰ বিশেষণ পদবোৰত একবচন-বহুবচনত অধিক মান্যাৰ্থত, মান্যাৰ্থত আৰু তুচ্ছাৰ্থত তিনিধৰণে ব্যৱহাৰ হয়। যেনে- দ্বিতীয় পুৰুষৰ ক্ষেত্ৰত –তই (একবচন,তুচ্ছাৰ্থত), তহঁত (বহুবচন,তুচ্ছাৰ্থত), তুমি (একবচন,মান্যাৰ্থত), তোমালোক (বহুবচন,মান্যাৰ্থত), আপুনি (একবচন, অধিক মান্যাৰ্থত), আপোনালোক (বহুবচন,অধিক মান্যাৰ্থত)। তৃতীয় পুৰুষত- সি/তাই (একবচন,তুচ্ছাৰ্থত), সিহঁত (বহুবচন,তুচ্ছাৰ্থত), তেওঁ (একবচন,মান্যাৰ্থত), তেওঁলোক (বহুবচন,মান্যাৰ্থত), তেখেত (একবচন, অধিক মান্যাৰ্থত), তেখেতসকল (বহুবচন,অধিক মান্যাৰ্থত)। অসমীয়া ভাষাত প্ৰথম পুৰুষত একবচন বা বহুবচনত ক্ৰিয়াত ‘ঁ’ ব্যৱহাৰ হয়। যেনে- মই কৰোঁ, আমি কৰোঁ, মই খাওঁ, আমি খাওঁ। অসমীয়া ভাষাত নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ ব্যৱহাৰ অধিক বস্তুৰ সংখ্যা (Classified Numerals) বুজাবলৈ বস্তুৰ ধৰণ অনুসৰি বিবিধ প্ৰত্যয়ৰ প্ৰয়োগ হয়। ভাৰতীয় অন্যান্য ভাষাৰ তুলনাত অসমীয়া ভাষাতেই এনে প্ৰত্যয়ৰ প্ৰয়োগ অধিক বুলি ক’ব পাৰি। উদাহৰণস্বৰূপে—খন, -খনি, -জন, -জনি, -টা, -টো, -ডাল, -বোৰ, -চটা, -চকল, -খিলা, -যোৰ ইত্যাদি। অসমত বিভিন্ন জাতি জনগোষ্ঠী( আৰ্য, দ্ৰাবিড়, অষ্ট্ৰিক আৰু মংগলীয়) য়ে বসবাস কৰি আহিছে। সেইবাবে সেই লোক সকল দ্বিভাষী । কিয়নো ঘৰুৱা পৰিবেশত নিজৰ নিজৰ ভাষাসমূহত ব্যৱহাৰ কৰিলেও চৰকাৰী কামকাজ বা অন্যান্য ক্ষেত্ৰত অসমীয়া ভাষাৰ প্ৰয়োগ কৰিবলগীয়া হয়। গতিকে অন্যান্য নৃগোষ্ঠীসমূহে তেওঁলোকৰ ভাষাৰ সৈতে অসমীয়া ভাষা মিশ্ৰিত কৰি নৃগোষ্ঠীয় উপভাষা ব্যৱহাৰ কৰে। যেনে- বড়ো-অসমীয়া (Bodomese), মিছিং-অসমীয়া , তিৱা- অসমীয়া (Tiwamese), ৰাভা-অসমীয়া (Rabhamese) ইত্যাদি। অসমীয়া ভাষাটোৰ কথিত আৰু লিখিত (মান্য) দুয়োটা ৰূপে পোৱা যায়। তদুপৰি অঞ্চলভেদে অসমীয়া ভাষা বিভিন্ন ৰূপ তথা উপভাষা( Dialect) পোৱা যায়। যেনে- কামৰূপী উপভাযা, গোৱালপৰীয়া উপভাযা, বৰপেটীয়া উপভাযা, শিৱসাগৰীয়া উপভাযা, মৰিগাওঁৰ উপভাযা, যোৰহাটৰ উপভাযা ইত্যাদি। শেষত ক’ব পাৰি যে- অসমীয়া ভাষাটো এটা স্বতন্ত্ৰ আৰু চহকী ভাষা। আধুনিক ভাৰতীয় ভাষাসমূহৰ ভিতৰত দ্বিতীয় আৰু ভাৰতীয় আৰ্য ভাষাসমূহৰ ভিতৰত প্ৰথমে অসমীয়া ভাষাতে বাল্মিকীৰ মূল ‘ৰামায়ণ’ খন অনুবাদ হৈছিল। ১৪ শতিকাত মাধৱ কন্দলিয়ে ‘সপ্তকাণ্ড ৰামায়ণ’ নামেৰে কৰে। তদুপৰি দক্ষিণ ভাৰতত সুত্ৰপাত হোৱা ভক্তি আন্দোলনত ১৫ শতিকাত উত্তৰ-পূৱ ভাৰতৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ নেতৃত্ব প্ৰদান কৰিছিল। তেখেতে ভক্তিধৰ্ম প্ৰচাৰৰ জড়িয়তে অসমীয়া জাতি, ভাষা, সাহিত্য, সংস্কৃতি আদি সকলক্ষেত্ৰৰে উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অসমীয়া জাতিক সমৃদ্ধ কৰিছে।