আহোম স্থাপত্য কলা : মৈদাম মৈদাম আহোমমূলীয় শব্দ। প্ৰাচীন অসমত আহোম ৰাজত্বৰ সময়ত আহোমৰ ৰাজ পৰিয়ালৰ লগতে আহোমৰ ডা-ডাঙৰীয়াসকলৰ মৃত্যুৰ পিছত মৃতদেহ সংৰক্ষণ কৰি ৰখা পৰম্পৰাগত শ’ সৎকাৰ পদ্ধতিক মৈদাম দিয়া বুলি জনা যায়। এই মৈদামসমূহে ইতিহাসৰ বহু কথাৰ সাক্ষ্য বহন কৰি আহিছে। আহোম স্বৰ্গদেউ চাওলং ছ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি অসমৰ চৰাইদেউত ৰাজধানী পাতিছিল। অসমলৈ আহোঁতে ছ্যুকাফাই টাই-আহোমৰ মৈদাম পৰম্পৰা নিজৰ লগত লৈ আহিছিল। তেতিয়াই নিৰ্মাণ কৰা মৈদামসমূহ বৰ্তমান অসমৰ উৎকৃষ্ট স্থাপত্যৰ নিদৰ্শন। আহোমৰ মৈদাম দিয়া পদ্ধতি হিন্দু, মুছলমান, খ্ৰীষ্টান কোনো ধৰ্মল লগত নিমিলে। ই আহোমৰ একক পৰম্পৰা। মৈদামৰ অৰ্থ হৈছে মৃতকৰ ভেঁটি। টাই-আহোম শব্দ ফ্ৰাং-মৈ-দাম -ৰপৰা মৈদাম শব্দটো আহিছে। ফ্ৰাং-মৈ মানে সমাধি দিয়া আৰু দাম মানে মৃতক। অসমৰ ভিন্ন প্ৰান্তত মৈদাম পোৱা যায় যদিও চৰাইদেউত মৈদামৰ ঘনত্ব আটাইতকৈ বেছি। মৃত্যু হোৱাৰ লগে লগে মৃত ব্যক্তিজনক মৈদাম দিয়া হোৱা নাছিল, কাৰণ মৈদাম তৈয়াৰ কৰিবলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল। মৃতদেহ ৰাখিবৰ বাবে মাটিৰ তলত গাঁত খান্দি, গাঁতৰ ওপৰত অস্থায়ী ঘৰ নিৰ্মাণ কৰা হৈছিল। মৃত্যুৰ পিছতো মৃতকক জীৱিত মানুহৰ নিচিনা জ্ঞান কৰি তেওঁ জীৱিতকালত ব্যৱহাৰ কৰা সা-সামগ্ৰী সেই ঘৰটোত ৰখা হৈছিল। অস্থায়ী ঘৰ নিৰ্মাণ হৈ যোৱাৰ পিছত ঘৰৰ ভিতৰত খন্দা গাঁতটোত মৃতকক শুৱাই ঘৰটোৰ ওপৰত মাটিৰ ভেঁটি তুলি মৈদাম সজা হৈছিল। যিহেতু মৈদাম নিৰ্মাণ হোৱা দিনলৈকে শৱদেহটো গেলি নোযোৱাকৈ ৰাখিব লাগিব। বুৰঞ্জীত পোৱা তথ্য অনুসৰি গেলি নাযাবৰ বাবে এক প্ৰকাৰৰ ৰহ জৈৱ-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছিল। সেই দ্ৰব্যবিধ শৱদেহৰ গাত ঢালি ৰাখিলে শ’টো গেলি-পচি দুৰ্গন্ধময় নহয়। পৰৱৰ্ত্তী সময়ত কৰা অনুসন্ধানৰপৰা এটা কথা জানিব পৰা কৈছে যে সেই বিশেষ ৰাসায়নিক দ্ৰব্য বিধ আছিল মৌ-জোল। মৌ-জোলত ৰাখিলে মৃত জীৱ কেইবাদিনলৈ ভাল হৈ থাকে। ৰাজ-পদবী অনুসৰি মৈদামৰ আকাৰ-আকৃতি আৰু কিছু নিময় বেলেগ আছিল। ৰজা, ৰাণী আৰু ৰাজমাওৰ মৈদামত জীৱিত কালত ব্যৱহৃত সা-সামগ্ৰী দিয়াৰ উপৰিও আলপৈচান ধৰিবৰ বাবে এজন জীৱন্ত পুৰুষ নিয়োগ কৰা হৈছিল। তেওঁলোকক লুখুৰাখন নামৰ বিশেষ খেলৰ মানুহেহে সমাধি স্থলিলৈকে কঢ়িয়াই নিব পাৰিছিল। কিন্তু আন আন ডা-ডাঙৰীয়াসকলৰ মৃতদেহ পৰিয়ালৰ যিকোনো লোকে কঢ়িয়াইছিল। তেওঁলোকক প্ৰয়োজনীয় সামগ্ৰী কিছু পৰিমাণে দিয়া হৈছিল যদিও আলপৈচানৰ বাবে জীৱন্ত পুৰুষ দিয়া হোৱা নাছিল। আহোমৰ অভিযন্ত্ৰা চাংৰুং ফুকনে নিজৰ বুৰঞ্জীত মৈদাম স্থাপত্যৰ জোখ-মাখৰ লগতে মৈদাম নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ কথা লিপিবদ্ধ কৰি গৈছে। শ্ৰী বিশ্ব মহন ফুকনৰ ‘চৰাইদেউৰ ইতিবৃত্ত’ নামৰ প্ৰবন্ধত পোৱা তথ্য অনুযায়ী-‘আহোমসকলৰ মৈদাম দিয়া পদ্ধতি হ’ল উত্তৰ-পশ্চিম দিশত ৬ হাত দীঘল আৰু ৪ হাত বহলকৈ এবুকু গাঁত খান্দি মৰাশটো তুংখুঙত ভৰাই ওপৰত কাঠ দি ৰাখে। উক্ত মৰাশটো যদি ৰজা বা বিষয়াৰ হয়, তেতিয়া সেই কাঠ দিয়া চাৰিসীমাৰ ব্যাসৰ ৮ টা কোণ পৰিধিৰে ঘূৰণীয়াকৈ ওপৰত এটা ঘৰ সজা হয়। মৈদামটো ওপৰলৈ জোঙা আকাৰৰ হয়। মৈদাম দি শেষ হোৱাৰ পিছত শ’ থ’বলৈ যোৱা সকলো ৰাইজে মৈদামত সেৱা জনাই সেই সমাধিতে তেল চোৱাৰ বাবে পণ্ডিতে মন্ত্ৰ পাঠ কৰি তেল ৰাইজক দিয়ে আৰু ৰাইজে গা-পা ধুই তেল চুই ঘৰাঘৰি যায়।’ ২০২৪ চনৰ ২৬ জুলাই তাৰিখে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। UNESCO -ৰ ঘোষণাৰ লগে লগে চৰাইদেউ মৈদাম হৈ পৰিল ভাৰতৰ ৪৩ তম আৰু অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।