অম্বুবাচী অসম তথা ভাৰতৰ বিভিন্ন স্থানত পালন কৰা এক বাৰ্ষিক হিন্দু উৎসৱ। এই উৎসৱ কামাখ্যা দেৱালয়ত বিশেষভাৱে উদযাপন কৰা হয়। অম্বুবাচীৰ তাৎপৰ্য কৃষি আৰু উৰ্বৰতাৰ সৈতে জড়িত। এই সময়ত পৃথিৱী মাতৃ ঋতুমতী হোৱা বুলি বিশ্বাস কৰা হয়, যাৰ ফলত পৃথিৱী শস্য উৎপাদনৰ বাবে অধিক উৰ্বৰ হয়। এই উৎসৱ প্ৰকৃতিৰ প্ৰতি সন্মান জনোৱাৰ এক মাধ্যম। অম্বুবাচীৰ সময়ত কামাখ্যা দেৱীৰ মন্দিৰ তিনিদিনৰ বাবে বন্ধ ৰখা হয়। আহাৰ মাহৰ সাত তাৰিখৰ পৰা আৰম্ভ হয় আৰু চাৰি দিন ধৰি চলে। এই সময়চোৱাত যিহেতু আই বসুমতী অৰ্থাৎ পৃথিৱী ৰজঃস্বলা হয় বুলি বিশ্বাস কৰা হয়, সেইবাবে এই কেইদিনত গছৰ ফলমূল ছিঙা, হাল বোৱা, কোৰ মৰা, মাটি খন্দা, আদি কামবোৰো নকৰে। এই সময়ত কোনো মাংগলিক অনুষ্ঠানো পতা নহয়। চাৰি দিনৰ শুদ্ধিৰ দিনা সকলো কাপোৰ-কানি ধুই পৰিস্কাৰ কৰা হয়। ঘৰৰ চৰু-কেৰাহী ধুই নতুন পাগ জোৰা হয়। ঘৰত ব্যৱহাৰ কৰা পুৰণি বাঢ়নী-শোঁতা পেলাই নতুন ব্যৱহাৰ কৰা হয়। ঘৰৰ সকলো ধুব পৰা সামগ্ৰী ধুই পখালি গোঁসাইলৈ শৰাই আগবঢ়োৱা হয়। অম্বুবাচীৰ এই দিনকেইটা কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয়। হিন্দুধৰ্মীয় বিশ্বাসমতে কামাখ্যা দেৱীও এই সময়ছোৱাৰ ভিতৰত ঋতুমতী হয়। কামাখ্যা দেৱীৰ নিবৃত্তিৰ দিনা সকলোৱে অম্বুবাচী ধুমধামেৰে পালন কৰে। তিনিদিনৰ পিছত মন্দিৰৰ দুৱাৰ পুনৰ খোলা হয়। দেৱীৰ স্নান আৰু পূজাৰ পিছত ভক্তসকলে দৰ্শন কৰিবলৈ পায়। এই সময়ত 'অম্বুবাচী মেলা' অনুষ্ঠিত হয়, য'ত বহু দূৰ-দূৰণিৰ পৰা ভক্তসকল আহে।কিছুমানৰ মতে, অম্বুবাচীৰ সময়ত পৃথিৱীত এক বিশেষ শক্তিৰ সঞ্চাৰ হয়, যি মানুহৰ মন আৰু শৰীৰক শুদ্ধ কৰে। এই সময়ত যোগ আৰু ধ্যান কৰিলে বিশেষ লাভ পোৱা যায় বুলি বিশ্বাস কৰা হয়।