অসমৰ পৰম্পৰাগত বাদ্যযন্ত্র লোক সংস্কৃতিৰ প্ৰাচুৰ্যৰে চহকী অসমত নৃত্য-গীতৰ চৰ্চা প্রাচীন কাল পৰাই হৈছিল আৰু ইয়াত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। অসমৰ প্রাচীন মঠ-মন্দিৰৰ গাত, শিলালিপি, তাম্রলিপি, ভাস্কর্য, চিত্রপুথি, ধর্মপুথি, সংগী শাস্ত্ৰ আৰু বুৰঞ্জী আদিত অসমৰ সংগীতশৈলী আৰু চৰ্চাৰ নিদৰ্শন পোৱা যায়। প্রাচীন মন্দিৰৰ গাত আৰু উদ্ধাৰ হোৱা ফলিত তাল, বাঁহী, বীণা, কালি, ঢোল ডম্বৰু আদি বজোৱা পুৰুষ-মহিলাৰ বিভিন্ন ভংগী দেখা যায়। বিভিন্ন জনগোষ্ঠীৰ মাজত পৰম্পৰাগতভাৱে উৎসৱ-অনুষ্ঠানত নৃত্য-গীতৰ প্ৰচলন আৰু তাত নিজা বাদ্যযন্ত্ৰ ব্যৱহাৰ অসমৰ লোক-সংস্কৃতিৰ এক অন্যতম অংগ। ভাৰতীয় শাস্ত্রমতে অসমৰ পৰম্পৰাগতভাৱে ব্যৱহৃত বাদ্যযন্ত্রসমূহ চাৰিটা শ্রেণীত বিভক্ত কৰিব পাৰি- তত বাদ্য, ঘন বাদ্য, সুষিৰ বাদ্য আৰু আনদ্ধ বাদ্য। তত বাদ্য: তাঁৰৰ দ্বাৰা সুৰ সঞ্চাৰ কৰা বাদ্যবোৰক তত বাদ্য হিচাপে শ্রেণীভুক্ত কৰা হয়। ইয়াৰ ভিতৰত বীণ বা বীণাই অতি প্রাচীন আৰু ই ভাৰতৰ জাতীয় বাদ্য। পুৰণি অসমীয়া সাহিত্যত বীণাক প্ৰকাৰ ভেদে বিভিন্ন নামাকৰণ কৰা হৈছে। যেনে- বিপঞ্চি, ৰুদ্রক, বিলাসবীণা, ৰুদ্রবীণা, ৰামবীণা আদি। অসমৰ সংগীতত ব্যৱহৃত অন্যান্য তত বাদ্যসমূহ হ'ল- ৰবাব, স্বৰমণ্ডল (একৈশডাল তাঁৰযুক্ত), চাৰিণ্ডা বা চেৰ্জা, টোকাৰী, লাউটোকাৰী বা একতাৰা, খমক, আনন্দলহৰী বা গোপীযন্ত্র, দোতাৰা আদি। এইবোৰৰ ভিতৰত উজনি অসমৰ টোকাৰী, নামনিৰ দোতাৰা, বড়োসকলৰ মাজত চেৰৰ্জা নামেৰে চাৰিণ্ডাৰ ব্যবহাৰ বেছি। টোকাৰী অসমৰ প্রাচীন লোকবাদ্য। অসমীয়া লোকসমাজে টোকাৰীক শিৱৰ বাদ্য হিচাপে বর্ণনা কৰিছে আৰু টোকাৰী বজাই গোৱা ভগৱানৰ নামৰ টোকাৰী গীত আজি জনপ্রিয়। ঘন বাদ্যঃ ঘন শ্ৰেণীৰ বাদ্যবোৰ বিশেষকৈ বিবিধ ধাতুৰে তৈয়াৰী। বাঁহ বা কাঠেৰেও তৈয়াৰ কৰা হয় আৰু তাল ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়। ধাতুৰে তৈয়াৰী ঘন বাদ্য হ'ল- তাল, কাঁহ আৰু ঘণ্টা। ইয়াৰ ভিতৰত বিবিধ তালৰ ব্যৱহাৰ বেছি। কাঁহ ধাতুৰে তাল সজা হয়। তাল কেইবা প্ৰকাৰৰ সৰু তালক পাতিতাল, খুটিতাল, খঞ্জৰি বা খঞ্জৰিকা বোলে। বৰগীতৰ লগত বজোৱা তালক পাতিতাল বা খেৰেঙী তাল বোলে। ই সৰু আৰু পাতল। ওজাপালিয়ে খুটিতাল ব্যৱহাৰ কৰে। শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা নামধৰ্মৰ প্ৰসংগ অনুষ্ঠান, নাগৰা নাম পৰিৱেশন কৰোঁতে ডাঙৰ তাল ভোৰতাল বা ৰামতাল বজোৱা হয়। ইয়াৰ বাহিৰেও বাঁহৰ কৰতাল আৰু কাঠৰ কড়িতাল গীত-পদৰ লগত ব্যৱহাৰ কৰা হয়। কাঁহ ধাতুৰে গঢ়া বৰকাঁহ আৰু সৰুকাঁহ মন্দিৰ আদিত ডবা আৰু ঢাক-ঢোলেৰে সৈতে বজোৱা হয়। লোকগীত পৰিৱেশন কৰোঁতে কাঠ আৰু চামৰাৰে বনোৱা খঞ্জৰী ব্যৱহাৰ কৰা হয়। কাঁহেৰে তৈয়াৰী সৰু-বৰ ঘণ্টা মন্দিৰ, দেৱ-দেৱালয়, নামঘৰত বজোৱা হয়। সৰু ঘণ্টাক টিলিঙা বোলে। কঁকালত বন্ধা সৰু সৰু ঘণ্টাক কিংকিনী আৰু ভৰিত বন্ধাবোৰক জুনুকা বোলে। জুনুকাৰ উন্নত ৰূপ নূপুৰ আৰু পাজোপ। বাঁহ ফালি বনোৱা টকা অসমৰ বিহুৰ অবিচ্ছেদ্য অংগ। জলকাঁহ বাদ্যৰ কথাও ক'ব পাৰি। খঞ্জৰিকা, মন্দিৰা, মঞ্জৰ, ঝঞ্জৰ বা ঝঞ্জিৰিকা আদি বাদ্যৰ কথা পুৰণি সাহিত্যৰ ঠায়ে ঠায়ে উল্লেখ পোৱা যায়। সুষিৰ বাদ্য: মুখেদি ফুঁ দি বজোৱা বাদ্যযন্ত্ৰবোৰক সুষিৰ শ্ৰেণীৰ বাদ্যৰ ভিতৰত ধৰা হয়। এনে ধৰণৰ বাদ্যৰ ভিতৰত ম'হৰ শিঙৰ শিঙা অসমৰ বিভিন্ন জাতিৰ মাজত প্রচলিত। ব্যৱহাৰৰ সময় আৰু প্ৰয়োজন অনুসৰি এই শিঙা ৰণশিঙা, খংশিঙা, ৰামশিঙা আদি বিভিন্ন নামেৰে পৰিচিত। সুষিৰ বাদ্যজাতীয় আন কিছুমান বাদ্য হৈছে- পেঁপা, শংখ, বাঁহী বা বংশী, বেণু বা মুৰুলী, বিবিধ কালি যেনে কালি, কালিয়া, জয়কালি, বীৰকালি আদি আৰু বিবিধ ভেৰী যেনে- ৰামভেৰী, ৰণভেৰী, মহৰি, গগনা, শানাই, মুখবাঁশী বা বম বাঁশী, সাপ, পেঁপা, সুতুলী ইত্যাদি। ম'হৰ শিঙৰ পেঁপা বিহুৰ বাদ্য হিচাপে অতি জনপ্রিয়। গোনা ম'হৰ পিঠিত উঠি পেঁপা বজাই আগৰ দিনত ডেকাই গাভৰুৰ মন ভুলাইছিল। ম'হৰ শিঙৰ পেঁপা খোলা, নলিচা, থুৰি আৰু চুপহিৰে গঠিত। মূল খোলা অংশটো গোটা আৰু ভীৰ খোৱা ম'হৰ শিং এটা। মূল যন্ত্ৰটো খাগৰি বা নলেৰে সাজি তাত ম'হৰ শিং লগাই লোৱা হয়। দুটা পেঁপা একেলগ কৰিও বজায়। তেনে পেঁপা দুটিক যুৰীয়া পেঁপা বোলে। পিতলৰে তৈয়াৰী পেঁপাৰ দৰে বাদ্য কালিৰ ব্যৱহাৰ গোৱালপাৰা অঞ্চলত ব্যাপক। বাঁহেৰে নিৰ্মিত বাঁহী এটা জনপ্রিয় সুষিৰ বাদ্য। বৈষ্ণৱ সাহিত্য আৰু লোকগীতত শ্ৰীকৃষ্ণৰ লগত জড়িত হোৱা বাবে বাঁহী (বংশী, মুৰুলী, বেণু) বহুল প্রচলিত। অসমৰ বিভিন্ন জনজাতিসকলৰ মাজত বাঁহী বিভিন্ন নামেৰে অতি জনপ্রিয় - বড়োসকলৰ 'চিফুং', ৰাভাসকলৰ 'ব্ৰাংছি', ডিমাচাসকলৰ 'চুফিন', মিচিংসকলৰ 'কুৰুলি', 'পুলি' আদি নানা প্ৰকাৰৰ বাঁহীৰ প্রচলন আছে। মুখবাঁশী বা 'বম বাঁশী' বিশেষকৈ মনসা পূজাৰ লগত জড়িত এক বিশেষ ধৰণৰ বাঁহী। বাঁহেৰে তৈয়াৰী বাদ্য গগনা দুবিধ - লাহৰী গগনা আৰু বামধন। মাটিৰে তৈয়াৰী দুটা সৰু ফুটা থকা সুতুলি এটা সৰু বাদ্য। আনদ্ধ বাদ্য: মাটি, কাঠ, বাঁহ বা ধাতুৰ খোলা চামৰাৰে বন্ধ কৰি সজা ঢোল জাতীয় বাদ্যযন্ত্রসমূহক আনদ্ধ বাদ্য বুলি কোৱা হয়। অসমত এনে জাতীয় বাদ্যৰ বহুল প্রচলন আছে। ইয়াৰ ভিতৰত ঢোল সবাতোকৈ আদৰৰ। এই বাদ্যসমূহৰ ভিতৰত ঢোল, ডগৰ, ঢাক, নাগৰা, ডবা, পাখোৱাজ, ডম্বৰু, ঢোলক, মাদল, মৃদংগ, খোল, কুৰকুৰি, তবলা, দামা বা দামামা, গোমুখ, কহালা বা কহালি, পটহ, ডংকা, ডিণ্ডিম আৰু দুন্দুভি আদি উল্লেখযোগ্য। ঢোলে স্বকীয় বৈশিষ্ট্যৰে অসমৰ জনজীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে। ঢোল বহু প্ৰকাৰৰ আৰু ইয়াৰ আনুষ্ঠানিক পৰিৱেশনৰো ভিন্নতা আছে। জয়ঢোল, ঢেপাঢোল, বৰঢোল আৰু বিহুৰ ঢোল বা ওজাৰ ঢোল। ব'হাগ বিহুত হঁচৰি গোৱা আৰু বিহু মৰাৰ সময়ত বিহুনাম বা বিহু নাচৰ লগত ঢোল সংগত কৰা অপৰিহাৰ্য। আহোম স্বর্গদেউসকলে ঢুলীয়া অনুষ্ঠানক সম্মান জনাই আহিছে। ঢোল প্রস্তুত কৰোঁতে সাধাৰণতে গছৰ খোলা আৰু গৰুৰ ছাল ব্যৱহাৰ কৰা হয়। গছৰ খোলাৰ ভিতৰত আম, চাম আৰু কঁঠাল গছৰ খোলাহে ব্যৱহাৰ কৰা হয়। বিহুত বজোৱা এনে ঢোলৰ সোঁফাটো বাঁওফালৰ তুলনাত কিছু ঠেক আৰু সৰু হয়। ইয়াৰ সোঁফালৰ কোবনিত এডাল বাঁহৰ মাৰিৰে ইয়াক বজোৱা হয়। বাঁওফালৰ বেঁৱা বা তালি নামৰ ফালটোত হাতেৰে বজাই তাল মিলোৱা হয়। নামনি অসমৰ দৰং, অবিভক্ত কামৰূপ জিলাত বিভিন্ন ধৰণে ডাঙৰ বৰঢোল বজাই ভাৱৰীয়াসকলে পুতলা নাচ, হাস্য-ব্যংগ ৰসৰ গীত পৰিৱেশন কৰে। কামৰূপীয়া ঢুলীয়া এক লৌকিক আৰু জনপ্রিয় অনুষ্ঠান। ঢুলীয়া অনুষ্ঠানটিত ভাগ লোৱা লোকসকলৰ সাজ-পাৰ পৰিধান কৰি অভিনয় কৌশল আৰু হাস্য-ব্যংগ-কৌতুক অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ। পুতলা নাচৰ লগত সাদৃশ্যতালৈ চাই বহুতে ইয়াক পুতলা নাচৰ ক্ৰমবিকশিত ৰূপ বুলি কয়। দৰঙীয়া সংস্কৃতিৰ ভিতৰত পানী ভৰাই লৈ বজোৱা ঢেপাঢোল বাদনৰ লগত নাচন, গান আদিয়ে সকলোকে মোহিত কৰে। জয়ঢোল আকাৰত অলপ সৰু আৰু ইয়াক দেওধনী নৃত্যৰ লগত ঢুলীয়াই নিজেও নাচি নাচি বিভিন্ন হৃন্দত বজায়। এই বাদ্যযন্ত্ৰবোৰৰ উপৰি অসমৰ আন কিছুমান বাদ্যযন্ত্র আছে যিবোৰ এই চাৰিওটা শ্ৰেণীত থিৰাংকৈ অন্তর্ভুক্ত কৰিব নোৱাৰি। গগনা, বেণু বা ৰেপনি এনে বাদ্য। মুখৰ বতাহেৰে বজোৱা আৰু হাতেৰে লৰাই থকা গগনা নহ'লে বিহুবেই নহয়। অসমৰ জনজাতিসকলে ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰসমূহৰ ভিতৰত বড়োসকলৰ এবিধ দীঘলীয়া বাঁহী চিফুং অতি জনপ্রিয়। তেখেতসকলে নৃত্য-গীতৰ আনুষংগিক বাদ্য হিচাপে চিফুং, চৰিণ্ডা বা চেৰ্জা, ঢোল জাতীয় খাম, ৰামতাল, খঞ্জৰী, জথা বা তাল, গংগনা বা গগনা, বিঙি আদি ব্যৱহাৰ কৰে। মিচিংসকলৰ মাজত বিহুত ব্যৱহৃত অতি প্রিয় বাদ্যবিধ হ'ল ঢোল বা দুমদুম। তেওঁলোকে ব্যৱহাৰ কৰা অন্যান্য বাদ্যসমূহ হ'ল লে'লং বা বৰকাঁহ, কাঁহৰ বাদ্য বাৰবাং বা মাৰবাং, লুপি বা তাল, কত্তেৰ টকা, ৰামতাল, মিবুয়া, দেওঘণ্টা, কেকং বা বীণ, দেন্দুন, টোকাৰী, গগনা বা গুংগাং, পেম্পা বা ম'হৰ শিঙৰ পেঁপা, দুম্পে আৰু কুৰুলি বা বাঁহী আদি। ৰাভাসকলৰ জনপ্রিয় বাদ্য হ'ল ব্রাংছি বা বাঁহী। তেওঁলোকৰ অন্যান্য বাদ্যযন্ত্ৰসমূহৰ ভিতৰত জাপ খাৰা বাঁহী, খাম অর্থাৎ ঢাক বা ঢোল, ছিংগা মানে ম'হৰ শিঙৰ ডাঙৰ শিঙা, কাঁহৰ দায়ছি বা কামি, বাঁহৰ বাদুংদুগ্গা বা বাগাডুং উল্লেখযোগ্য।