কামাখ্যা মন্দিৰ: গুৱাহাটীৰ পশ্চিমফালে নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। অসমৰ মন্দিৰবিলাকৰ ভিতৰত কামাখ্যা মন্দিৰ সকলোতকৈ প্ৰাচীন আৰু প্ৰসিদ্ধ। অসমৰ ইতিহাসৰ ধৰ্মীয় আৰু সামাজিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই এক গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। মূল কামাখ্যা মন্দিৰত কোনো দেৱীৰ মূৰ্তি নাই। মন্দিৰৰ অন্তৰভাগৰ এটা গুহাৰ ভিতৰত দেৱীৰ যোনীৰ আকৃতিৰ এডোখৰ শিলহে আছে। এই যোনীলৈ গুহাটোৰ পৰা ওলোৱা এটা নিজৰাৰ পৰা অবিৰাম পানী নিগৰি থাকে। দেৱীক উদ্দেশ্য কৰি ইয়াত পূজা-অৰ্চনা আৰু অন্যান্য ধৰ্মীয় কাম-কাজ সম্পন্ন কৰা হয়। কামাখ্যা মন্দিৰত অতি পুৰণি কালৰ পৰাই বলি-বিধান আৰু দেওধানী উঠা প্ৰথা প্ৰচলিত হৈ আহিছে। দেৱীৰ চৰণত মতা ম'হ, পঠা ছাগলী, পাৰ আদি বলি দিয়া হয়। কামাখ্যা মন্দিৰত অনুষ্ঠিত হোৱা ধৰ্মীয় উৎসৱ কামাখ্যা মন্দিৰত বছৰি অনুষ্ঠিত হোৱা ধৰ্মীয় উৎসৱসমূহৰ ভিতৰত আহাৰ মাহৰ অম্বুবাচী মেলা, ভাদ মাহৰ মনসা পূজা আৰু চ'তমাহৰ বাসন্তী পূজা উল্লেখযোগ্য। অম্বুবাচী মেলা বৰ উলহ মালহেৰে পালন কৰা হয়। লোকবিশ্বাসমতে, প্ৰতি বছৰে আহাৰ মাহৰ আৰম্ভণিতে সেই দিনকেইটাত কামাখ্যা দেৱী ৰজঃস্বলা হয়। সেই সময়ত মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয়। সাত ভঙাৰ দিনাখন দেৱী নিবৃত্তি হয় আৰু নিবৃত্তিৰ পিছত সকলোৰে বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হয়। অম্বুবাচী মেলা উপলক্ষে কামাখ্যাত প্ৰতি বছৰে ভাৰতৰ বিভিন্ন ঠাইৰপৰা ভক্তৰ সমাগম হোৱা দেখা যায়। বশিষ্ঠ মন্দিৰ: গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ১২ কি: মি: নিলগৰ সন্ধ্যাচল পাহাৰত বশিষ্ঠ মন্দিৰ অৱস্থিত। বশিষ্ঠ মন্দিৰতে সন্ধ্যা, ললিতা আৰু কান্তা এই তিনি জলাধাৰাৰ পবিত্ৰ ত্ৰিৱেণী সংগম হৈছে। বশিষ্ঠ হ'ল ব্ৰহ্মাই সৃষ্টি কৰা ন জন দিব্য জ্ঞানী মানস পুত্ৰৰ এজন। তেওঁ অগাধ পণ্ডিত, সৎ আৰু মহান মুনি আছিল। কালিকাপুৰাণৰ আখ্যানমতে সূৰ্য বংশৰ এজন ধৰ্মপৰায়ণ ৰজা নিমিয়ে এবাৰ যজ্ঞ কৰাৰ মানস কৰিছিল। তেওঁ কুলগুৰু বশিষ্ঠক এই যজ্ঞ সম্পাদান কৰিবলৈ অনুৰোধ কৰে। এই যজ্ঞৰ বাবে সময় লাগিব এহেজাৰ বছৰ। কিন্তু ইন্দ্ৰই আন এখন যজ্ঞ কৰিবলৈ মুনি বশিষ্ঠক ইতিমধ্যে আমন্ত্ৰণ জনাই থৈছিল আৰু সেই যজ্ঞ কৰিবলৈ ইন্দ্ৰক পাঁচশ বছৰ সময় লাগিব। সেয়েহে বশিষ্ঠই ইন্দ্ৰৰ যজ্ঞ শেষ কৰি অহালৈকে কিছুদিন ৰজাক নিমিক অপেক্ষা কৰিবলৈ ক'লে। নিমি ৰজাই বশিষ্ঠ মুনিৰ অপেক্ষাত ধৈৰ্য হেৰুৱাই গৌতম মুনিক নিমন্ত্ৰণ জনাই যজ্ঞ সম্পাদন কৰে। ইফালে বশিষ্ঠ মুনিয়ে ইন্দ্ৰৰ যজ্ঞ শেষ কৰি আহি নিমি ৰজাৰ যজ্ঞ ইতিমধ্যে সম্পাদন হৈছে বুলি জানিব পাৰি নিমি ৰজাৰ ওপৰত ক্ৰোধান্বিত হৈ ৰজাক সেই ঠাইতে দেহহীন হ'বলৈ অভিশাপ দিয়ে। ৰজায়ো বশিষ্ঠক দেহহীন হ'বলৈ অভিশাপ দিয়ে। দেহহীন হৈ মুনি ব্ৰহ্মাৰ কাষ চাপে। তেতিয়া ব্ৰহ্মাই সন্ধ্যাচল পাহাৰত তেওঁক তপস্যা কৰিবলৈ কয়। গভীৰ অৰণ্যত পানীৰ অভাৱ হোৱাৰ বাবে মুনিয়ে শিৱক তপস্যা কৰে। মুনিৰ তপস্যাত শিৱ সন্তুষ্ট হৈ তেওঁ জঁটাত থকা গংগা সন্ধ্যাচললৈ বোঁৱাই দিয়ে। সন্ধ্যা, ললিতা আৰু কান্তা এই তিনি ধাৰাৰে পবিত্ৰ বশিষ্ঠ গংগা সৃষ্টি হ’ল। ত্ৰিবেণী সংগমত স্নান কৰি বশিষ্ঠ মুনিয়ে পূৰ্বৰ দেহ ঘূৰাই পায় আৰু বশিষ্ঠ গংগাৰ পাৰত বশিষ্ঠাশ্ৰম নিৰ্মাণ কৰে। পিছত আহোম ৰজাসকলৰ দিনত এদিন স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সপোনত বশিষ্ঠাশ্ৰম খন অৱহেলিত হোৱাৰ কথা দেখা পায়। পৰবৰ্তী সময়ত কামৰূপ ভ্ৰমণলৈ অহা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বশিষ্ঠাশ্ৰমৰ সন্ধান লৈ তাতে এটি মন্দিৰ নিৰ্মাণ কৰে। এই মন্দিৰ আৰু মন্দিৰৰ গাতে লাগি থকা স্বৰ্গদেউৰ শিলালিপি আজিও বিৰাজমান। উমানন্দ মন্দিৰ গুৱাহাটী মহানগৰীৰ কাছাৰী ঘাটৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ মন্দিৰ অৱস্থিত। নাৱেৰে ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত এই মন্দিৰলৈ যাব পাৰি। উমানন্দ হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ। উমানন্দ দ্বীপত কেইবাটাও মন্দিৰ আছে। মন্দিৰৰ চাৰিসীমাৰ মূল প্ৰৱেশদ্বাৰখনৰ ওচৰতে সোঁফালে গণেশৰ সৰু মূৰ্তি এটা আছে। উমানন্দ মন্দিৰটো ১৬৯৪-৯৫ খ্ৰী:ত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত গড়গঞা সন্দিকৈ বৰফুকনে নিৰ্মাণ কৰিছিল। মন্দিৰৰ ভিতৰত শিৱলিংগৰ পূজা কৰা হয়। ইয়াত স্বৰ্গদেউ শিৱসিংহই দান কৰা ১৩০০ তোলা ওজনৰ এটি ৰূপৰ বৃষভ বাহন দশভূজবিশিষ্ট উমানন্দৰ চলন্তা প্ৰতিমূৰ্তি আছিল। পিছত এই মূৰ্তি কোনো দুষ্কৃতিকাৰীয়ে চুৰি কৰি লৈ যায়। শিৱৰাত্ৰিৰ দিনা উমানন্দ মন্দিৰত উলহ-মালহেৰে শিৱৰাত্ৰি পালন কৰা হয়। সেইদিনা ৰাতি তাত ডাঙৰ মেলা হয় আৰু যথেষ্ট সংখ্যক ভক্তৰ সমাগম হয়। এই মন্দিৰৰ আশে-পাশে পুৰাতাত্ত্বিক ভাস্কৰ্য, প্ৰাচীন অসমীয়া শিলালেখ পোৱা গৈছিল। উমানন্দৰ সৌন্দৰ্য গুৱাহাটী মহানগৰীৰ মাজৰ পৰা চাবলৈ অতি মনোমোহা। বৰ্তমান প্ৰায় দুস্পাপ্য হ'বলৈ ধৰা সোণালী বান্দৰ মন্দিৰৰ অন্য এক আকৰ্ষণ। বাৰেৰহণীয়া চৰাইবোৰৰো আবাসস্থলী।