পোৱামক্কা ঐতিহ্যমণ্ডিত হাজোৰ আটাইতকৈ ওখ টিলা গৰুড়াচলৰ ওপৰত (তলৰ পৰা প্রায় চাৰে তিনি কিলোমিটাৰমান বাট) অসমৰ মুছলমানসকলৰ পৱিত্ৰ তীৰ্থ পোৱামক্কা অৱস্থিত। ইয়াত ষোড়শ শতিকাৰ ধৰ্ম প্ৰচাৰক আৰু এই তীৰ্থৰ প্ৰতিষ্ঠাপক গিয়াছুদ্দিন আউলিয়াৰ সমাধি আৰু লগতে এটা মছজিদ আছে। গোটেই বছৰ জুৰি পোৱামক্কালৈ তীর্থযাত্ৰীৰ আগমন হয় আৰু মুছলমান লোকসকলৰ লগতে হিন্দু ধৰ্মাৱলম্বী লোকেও এই তীর্থ দৰ্শন কৰি আশিস লয়, দোৱা প্ৰাৰ্থনা কৰে। পীৰ গিয়াছুদ্দিনৰ বাহিৰেও ইয়াত আন কেইগৰাকীমান ধৰ্মপ্ৰাণ লোকৰো কবৰ আছে। পোৱামক্কা' নামটোৰ উৎপত্তি সম্পর্কে কেইবাটাও জনশ্রুতি প্রচলিত আছে।ইয়াৰে প্ৰথমটো প্রবাদমতে পোৱামক্কা তীর্থখন স্থাপনৰ সময়ত গিয়াজুদ্দিন আউলিয়াই ইয়াত নব্বৈটা মূর্তি উদ্ধাৰ কৰিছিল বুলি কোৱা হয়। এই সংখ্যা মক্কাত থকা তিনিশ ষাঠিটা মুৰ্তিৰ এক চতুর্থাংশ কাৰণে তীর্থখন পোৱামক্কা (অর্থাৎ মক্কাৰ চাৰি ভাগৰ এভাগ) বুলি খ্যাত হ'ল। দ্বিতীয়টো প্রবাদমতে পীৰ গিয়াছুদ্দিনে এই তীর্থ স্থাপনৰ সময়ত মক্কাৰ পৰা এপোৱা (২৫০ গ্রাম) মাটি আনি ইয়াত দিছিল কাৰণে ইয়াৰ নাম পোৱামক্কা হ'ল। তৃতীয়টো প্রবাদমতে, এই তীর্থ দর্শন কৰিলে মক্কা দৰ্শনৰ চাৰিভাগৰ এভাগ পুণ্য অর্জন হয়, বাবে ইয়াক পোৱামক্কা বোলা হয়। যি কি নহওক, মুছলমানসকলৰ মছজিদ হ'লেও আৰু মোগলৰ পৃষ্ঠপোষকতাত সজা হ'লেও অসমৰ হিন্দু ৰজাসকলেও বিশেষকৈ স্বৰ্গদেউ ৰুদ্ৰসিংহ, লক্ষ্মীসিংহ আৰু কমলেশ্বৰ সিংহ আদিয়ে পোৱামক্কা তীৰ্থৰ উন্নতিৰ হকে মাটি-বাৰী আদি দান কৰিছিল। পোৱামক্কাৰ প্ৰতিষ্ঠাতা পীৰ গিয়াছুদ্দিন আউলিয়া সম্পর্কেও কেবাটাও মত আছে যদিও তেওঁ নিঃসন্দেহে এজন ধর্মপ্রাণ মুছলমান লোক আছিল আৰু সম্ভৱতঃ ৰাজকীয় বংশৰ লোক আছিল। এটা কাহিনীমতে তেওঁৰ প্ৰকৃত নাম শেখ জালালুদ্দিন তাব্রিজী আছিল আৰু তেওঁ এজন চুলতান আছিল। তেওঁ ১১৯৩ খ্রীঃত তাব্রিজ চহৰত জন্ম গ্ৰহণ কৰিছিল। প্ৰায় ৩৫ বছৰকাল ৰাজত্ব কৰাৰ পিছত তেওঁ সন্ত হয় আৰু পৃথিৱীৰ চাৰিওফালে ঘূৰি ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ লয়। তেওঁ হাজোলৈ আহি ২০ বছৰকাল অসমতে কটাইছিল আৰু প ইয়াতে মৃত্যু হোৱাত তেওঁৰ কবৰৰ ওপৰতে পোৱামক্কা সজোৱা হয়। আন এটা কাহিনীমতে, ৬৪২ হিজৰি (১২২২ খ্ৰীঃ)ত আৰৱ দেশত হোৱা এক মহামাৰীৰ সময়ত হজৰত গিয়াছুদ্দিন ভাৰতলৈ আহি কিছু বছৰ বিভিন্ন ঠাইত কটাই তিনিজন সংগীৰে সৈতে হাজোলৈ আহি জীৱনৰ বাকী কালছোৱা হাজোৰ গৰুড়াচল পাহাৰতে মৃত্যুলৈকে কটায় বুলি বিশ্বাস। তৃতীয় কাহিনীমতে পোৱামক্কাৰ পীৰগৰাকী ৭২১-২২ হিজৰি (১৩০১-০২ খ্রীঃ) মানত অসম আক্ৰমণ কৰা চুলতান গিয়াছুদ্দিনৰ বিজয়ী সৈন্য বাহিনীৰ লগত আহিছিল আৰু হাজোত থাকি শেষত তেওঁৰ মৃত্যু হয় বুলি জনা যায়। পোৱামক্কাৰ কবৰটো এইজনা পীৰৰে বুলি বিশ্বাস কৰা হয়। চতুর্থটো কাহিনীমতে, ১৬১৪ খ্রীঃত মোগল সম্রাট জাহাংগীৰৰ ৰাজত্ব কালত কোঁচহাজো বা পূব কোচ ৰাজ্যৰ শাসনকর্তা মকৰম খাঁই চৈয়দ হাকিম, চৈয়দ আৰু বক্ক্কাৰ আৰু সত্ৰাজিত বৰুৱাৰ অধীনত এটা সৈন্য দল আহোমৰ বিৰুদ্ধে যুঁজিবলৈ পঠায়। যুদ্ধত মোগল বাহিনী বেয়াকৈ হাৰে আৰু আবু বক্কাৰ আৰু তেওঁৰ পুতেক গিয়াছুদ্দিনৰ যুদ্ধক্ষেত্ৰত মৃত্যু হয়। গিয়াছুদ্দিন অতি ধর্মপ্রাণ লোক আছিল আৰু তেওঁৰেই কবৰ গৰুড়াচলত আছে। এয়োদশ শতিকাৰ মুৰ ভ্ৰমণকাৰী ইবন বাটুতাৰ ভ্ৰমণ কাহিনীতো তেওঁ কামৰূপৰ কোনো এক পাহাৰৰ গুহাত এজন বিশিষ্ট মুছলমান পণ্ডিত, পীৰ জালালুদ্দিনক লগ ধৰাৰ কথা বর্ণনা আছে। কিছু পণ্ডিতে হাজোৰ এই পীৰজনকেই বাটুতাই লগ পাইছিল বুলি ধাৰণা কৰে। হাজো অঞ্চলৰ হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ জনবিশ্বাস-মতে এই পাহাৰখনত পূৰ্বতে গৰুড় পক্ষীয়ে আহাৰ গ্ৰহণ কৰিছিল বাবেই গৰুড়াচল নাম হ'ল। যোগিনীতন্ত্রত মদনাচলৰ কাষত গৰুড় নামৰ লিংগবিশিষ্ট তীর্থ এখনৰ উল্লেখ পোৱা যায়। প্রাচীন কালত ইয়াত হিন্দুৰ মন্দিৰৰ অস্তিত্বৰ কথাও নুই কৰিব নোৱাৰি। অসম বুৰঞ্জীৰ তথ্যমতে পোৱামক্কা মুছলমানসকলৰ তীৰ্থ বুলি ষোড়শ শতিকামানৰ পৰা পোৱা যায়। সেয়ে দেখা যায় যে পোৱামক্কা হিন্দু আৰু মুছলমান উভয় ধৰ্মৰ লগতে জড়িত হৈ আছে। পোৱামক্কাৰ মছজিদৰ বেৰত নবাব চুজাউদ্দিনৰ নাম খোদিত পার্টী ভাষাত লিখা এখন ফলি আছে। এই ফলিব লিপিমতে গিয়াছুদ্দিনৰ সমাধিৰ কাষতে দিল্লীৰ বাদছাহ ছাহজাহানৰ ৰাজত্ব কালত পুত্র আবুল গাজী চুজাউদ্দিনে এটি মছজিদ সজাই দিয়ে। মছজিদ নির্মাণৰ তত্ত্বাৱধানত আছিল ফৌজদাৰ লুটফুল্লা আছে। চিৰাজী আৰু তেওঁৰ পুত্ৰ নিয়ামতুল্লা। মছজিদটোৰ নিৰ্মাণ কাৰ্য ১৬৫৭ খ্রীঃ বা ছুদ্দিন ১০৭৭ হিজৰিৰ ৰমজান মাহত নিয়ামতুল্লাই সম্পূৰ্ণ কৰে। গিয়াছুদ্দিনৰ দৰগাহৰ বাবে মাটি আৰু মানুহ ১৬৫৫ খ্রীঃত চুজাউদ্দিনে দান কৰে। আহোম ৰজা স্বৰ্গদেৱ ৰুদ্ৰসিংহ, লক্ষ্মীসিংহ আৰু কমলেশ্বৰ সিংহই এই তীৰ্থৰ সু-পৰিচালনাৰ হকে ব্যৱস্থা লোৱা আৰু মাটি-বাৰী দান কৰাৰ কথা পোৱা যায়। এই মছজিদটো ১৮৯৭খ্ৰীঃৰ ভূমিকম্পত ধ্বংসপ্রাপ্ত হোৱাত তাত আন এটা মছজিদ সজা হয়। ৰাইজৰ দান-খাইৰাতেৰে সজা নতুন মছজিদটো ১৯৮৫ চনত মুকলি কৰা হয়। ভক্তসকলে গিয়াছুদ্দিনৰ সমাধিত 'ফতিহা' পাঠ আৰু দোৱা প্ৰাৰ্থনাৰ পাছত আৰু মছজিদত নামাজ পঢ়ে। তীর্থযাত্রীসকলে আগবঢ়োৱা ছাগলী, কুকুৰা আদি মোল্লাই কোৰবানী দি মছজিদৰ কাষতে ৰান্ধি 'চিন্নী' হিচাপে ভক্তসকলৰ মাজত বিতৰণ কৰে। প্ৰতি নিশা সমাধিৰ সন্মুখত প্রদীপ জ্বলোৱা হয়। মছজিদত পালন কৰা উৎসৱসমূহৰ ভিতৰত গিয়াছুদ্দিন আউলিয়াৰ উৰুচ উৎসৱ উল্লেখযোগ্য। এই উৎসৱ মাঘৰ পৰা ব'হাগ মাহলৈ চলে। জেঠ মাহৰ পূৰ্ণিমা তিথিত পূৰ্ণ উৰুচ পালন কৰা হয়। সেইদিনা মুছলমান লোকৰ লগতে বহুসংখ্যক হিন্দু লোকেও এই তীর্থ দৰ্শন কৰিবলৈ যায়। সম্প্ৰীতিৰ আন এটি তাৎপর্যপূর্ণ দিশ হ'ল যে হিন্দু তীর্থ তেওঁ যাত্ৰীসকলে হয়গ্ৰীৱ-মাধৱ মন্দিৰৰ পৰা গৰুড়াচল পাহাৰলৈ মুখ কৰি পক্ষীৰাজ গৰুড়ক উদ্দেশ্যি প্রণাম-মন্ত্র গায়। পোৱামক্কা তীৰ্থ পৰিচালনাৰ অৰ্থে নিযুক্ত বিশেষ লোকসকলৰ ১৫০টা মান আৰু পৰিয়াল পাহাৰৰ তলৰ ফকিৰটোলাত বাস কৰে। এওঁলোকে পাল পাতি মছজিদৰ এটা পৰিচালনা আৰু তত্ত্বাৱধানৰ দায়িত্ব পালন কৰি আহিছে।