বৰপেটাৰ আতচবাজী অসমৰ ক্ষুদ্র শিল্প-উদ্যোগসমূহৰ ভিতৰত বৰপেটাৰ আতচবাজীয়ে এক স্বকীয় স্থান অধিকাৰ কৰি আহিছে। কেৱল অসমৰ ইমূৰৰ পৰা সিমূৰলৈয়েই নহয়, দাঁতি-কাষৰীয়া ৰাজ্য অৰুণাচল প্রদেশ, মণিপুৰ, নাগালেণ্ড, মেঘালয় আৰু উত্তৰ বংগটো বৰপেটাৰ পৰা গৈ আতচবাজীৰ প্ৰদৰ্শন হৈ আছে। অৱশ্যে বৰপেটাত এই শিল্প-উদ্যোগ বিশেষ কেইটামান পৰিয়ালৰ মাজতহে আৰম্ভণিৰে পৰা সীমাবদ্ধ হৈ আছে। বৰপেটাৰ এই উদ্যোগ প্রায় ১০০ বছৰৰো অধিক পুৰণি। তথ্যমতে ইয়াৰ 'আগতী আতচবাজী উদ্যোগ'ক ১৯১০ চনতেই ইংৰাজ চৰকাৰৰ দ্বাৰা পোনপ্ৰথমে চৰকাৰীভাৱে পঞ্জীয়নভুক্ত কৰা হৈছিল। অৱশ্যে তাৰ আগৰ সঠিকভাৱে নজনা সময়ৰে পৰাই বৰপেটাৰ এই আতচবাজী চলি আছিল। বৰপেটাৰ চাৰিটামান পাঠক পৰিয়ালে বহু আগৰে পৰাই বিয়া, দৌল আদি উৎসৱ-অনুষ্ঠানত দর্শকক আনন্দ দিবৰ বাবে খাৰ-বাৰুদৰ খেল দেখুৱাই আহিছিল। এনে প্রদর্শনে ইংৰাজ শাসকসকলক যথেষ্ট আকৰ্ষিত কৰিছিল। বৰপেটাৰ বৃন্দাবনহাটীৰ আগতী পাঠকে শ্বিলঙত উদ্যাপিত বৰদিনৰ অনুষ্ঠানত বিভিন্ন খেল দেখুৱাই মুগ্ধ কৰাত ১৯১৩ চনত চিফ কমিছনাৰৰ পৰা মেডেল আৰু প্রশংসা পত্র পাইছিল। তেওঁৰেই উদ্যোগটো প্রথম চৰকাৰীভাৱে পঞ্জীয়নভুক্ত হয় আৰু ইংৰাজ চৰকাৰৰ পৰা বিস্ফোৰক সামগ্ৰী সংগ্ৰহ কৰিবৰ বাবে অনুজ্ঞা পত্র লাভ কৰে। সেই সময়ত ভাৰতৰ বিভিন্ন ঠাইত থকা আতচবাজী উদ্যোগত চীন দেশৰ কাৰিকৰে কাম কৰিছিল। প্ৰথমতে হেনো বৰপেটাৰ এজন ধনী ব্যৱসায়ীয়ে আতচবাজী প্ৰস্তুত কৰাৰ কিতাপ বাংলাদেশৰ ঢাকাৰ পৰা আনি স্থানীয় লোকৰ সহযোগত কেঁচামাল সংগ্ৰহ কৰি আতচবাজী প্ৰস্তুত কৰিছিল যদিও সেই সামগ্ৰীসমূহৰ প্ৰচলন নহ'ল। ইয়াৰ পিছত আগতী পাঠকৰ তত্ত্বাৱধানত বিহাৰৰ ফুলচান্দ নামৰ এজন লোকে পোনপ্রথমে তিনি বিধমান আতচবাজী তৈয়াৰ কৰি জনপ্ৰিয় কৰিছিল। এই কেইবিধ আছিল ফুলজাৰি, আফলাই মৰা (আফাল মাৰি ফুটুউৱা) ব'ম আৰু লোৰ চুঙাত গাঁজি মৰা হিলৈ। গাঁজি মৰা হিলৈৰ বাবে প্রয়োজনীয় এবিধ বিশেষ ধৰণৰ লোহাৰ চুঙা কলিকতাৰ পৰা অনা হৈছিল। ফুলজাৰিৰ বাবে হীৰামাটিৰ খুটি (ঘট বা সৰু টেকেলিৰ লেখীয়া) বৰপেটাৰ স্থানীয় হীৰামাটিৰ কাম কৰা লোকেই বর্তমানেও তৈয়াৰ কৰি আহিছে। নিষিদ্ধ বিস্ফোৰকৰ প্ৰয়োজন হোৱা বাবে আফলাই মৰা ব'ম আজিকালি ইয়াত তৈয়াৰ কৰা নহয়। বৰ্তমান বৰপেটাত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ আতচবাজীসমূহ হ'ল ম'তা, বিবিধ ৰকমৰ ম'তাৰ গছ (বগা, ৰঙীণ, এটা ব'মৰ, হাজাৰ ব'মৰ), ফুলজাৰি (সৰু, মাজু, ডাঙৰ), ৰকেট (তৰা দিয়া, মালা দিয়া), ৰকেটৰ গছ, নাৰিকলীয়া ব'ম, চাতোৱাল বাজী (চেৰেকী), চেৰেকী গছ, পটেবাজী (মাটিত ঘূৰা), উৰণ চেৰেকী, উৰণ চেৰেকী গছ, সূর্যবাজী, চন্দ্ৰবাজী, ভৈৰৱবাজী, ফানুছ, হাতহাবৈ, হাৱৈৰ গছ, পানী কাউৰী, আছমান গোলা আৰু আখৰৰ গছ আৰু বিভিন্ন জীৱ-জন্তু, অনুষ্ঠান-প্রতিস্থানৰ প্রতীক চিহ্ন (সোণালী বা ৰূপালী জয়ন্তী আদি উৎসৱৰ বাবে অৰ্ডাৰ পালে) ইত্যাদি। অৱশ্যে নিষিদ্ধ বিস্ফোৰক ব্যৱহাৰ কৰি প্ৰস্তুত কৰিবলগীয়া হোৱা আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুজ্ঞা পত্ৰ লাভ কৰিবলৈ বহু আহুকালৰ বাবে মেনা যুঁজ, মৌমাখি তাৰা আদি আতচবাজী প্ৰস্তুত কৰা বন্ধ হৈ গৈছে। মেনা যুঁজ, পানী কাউৰী, আছমান গোলা আদি আতচবাজীৰ প্ৰদৰ্শন অতি চমকপ্রদ। সেইদৰে আকাশলৈ উৰুৱাই দিয়া ডাঙৰ আকৃতিৰ নানা ৰঙৰ পাতল কাগজ (চিলা সজা কাগজ) ৰে বনোৱা উৰণীয়া চাকি 'ফানুছ' যাক আৰিয়া জ্বলাই দিয়া ধোঁৱাৰে ওপৰলৈ তুলি লৈ যায়, এক অতি আকর্ষণীয় বস্তু। বৰপেটাৰ দৌল উৎসৱত, ব'হাগৰ দোমাহীত দুই-চাৰিটামান ফানুছ বৰপেটা সত্ৰৰ তৰফৰ পৰাও উৰুওৱা হয়। পানী কাউৰী, আছমান গোলা আদি আতচবাজী তৈয়াৰ কৰোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন আৰু অধিক ধন খৰছ হোৱাৰ বাবে সততে পোৱা নাযায়। এই বাজীসমূহৰ বেছিভাগেই প্রস্তুতকাৰীসকলে নিজেই জ্বলাই দিয়ে বা সজাই দিয়েগৈ। বৰপেটাৰ আতচবাজী উদ্যোগত গোটেই বছৰ ধৰিয়েই কাম চলে। অবশ্যে প্রতিটো উদ্যোগতে কাম কৰা লোকসকল নিজ পৰিয়ালবেই হয়। ইয়াত স্থানীয়ভাবে পোবা সামগ্রীয়েই সাধাৰণতে ব্যবহাৰ কৰা হয়। আতচবাজী কনাওঁতে ব্যৱহাৰ কৰা মূল সামগ্রীসমূহ হ'ল জখৰ, গন্ধক, বেবিটা, এঙাৰ আক এলমুনিয়াম পাওদাৰ আদি। সাধাৰণতে বগৰী গছৰ এঙাৰ সকলোতে ব্যৱহাস কৰা হয়। মাটিত চাৰিচকীয়া গাঁত খান্দি বগৰী গছৰ ডাল জ্বলাই পুতি থোরা হয়। এদিন পিছত এঙাৰবোৰ উলিয়াই ঢেঁকীত খন্দি লোৱা হয় আৰু তাব পাছত কাঠৰ পীৰাত বুটি মিহি কৰা হয়। আজিকালি প্রচলন বন্ধ হৈ যোৱা মৌমাখি তাৰা প্রস্তুত কৰোঁতে দাদিগদিগা নামৰ এবিধ গছৰ এঙাৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি লোৰ গুৰি, বেৰ ইটা, চিলভাৰ গুৰি, পটাছ, চুণৰ গুৰি, হোকা বা ভীমকলৰ পানী আদি ব্যৱহাৰ কৰা হয়। আগতে কিছুমান আতচবাজীত পটাছ নাইট্রাছ, গান পাউদাৰ আদি ব্যৱহাৰ কৰা হৈছিল যদিও বহু বছৰ ধৰি নিষিদ্ধ সামগ্ৰী হোৱাৰ বাবে ইয়াৰ ব্যৱহাৰৰ পৰা বিৰত আছে। বাঁহ, বাঁহৰ চুঙা আৰু তাত মৰাপাটৰ ৰছী মেৰিয়াবলৈ ব্যৱহাৰ কৰা হয়। বাঁহৰ চুঙা জোখমতে কাটি চাঁচি-চুৰুকি শুকুৱাই তাক মৰাপাটেৰে মেৰিয়াই মজবুত কৰা হয়। ময়দাৰ আঠা ব্যৱহাৰ কৰা হয়। এই আতচবাজীবোৰ নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলীসমূহ হ'ল ঢেঁকী, কাঠৰ পীৰা, হাতুৰী, বিভিন্ন প্ৰকাৰৰ লোৰ গায়ন, - উৰল, ভৰ আদি। বৰপেটাৰ মৃৎ শিল্পৰ কিছু লোকো এই আতচবাজী উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰি বহু পৰিমাণে বৰ্তি আছে। মূলতঃ বৈষ্ণৱ সংস্কৃতি আৰু সত্ৰৰ প্ৰভাবেৰে বৰপেটাৰ জনজীৱনৰ লগতে ইয়াৰ সমূহ শিল্প-কলাও প্রভাৱিত। বৰপেটাৰ মৃৎশিল্প প্ৰস্তুতিৰ লগত জড়িত বৃত্তিজীৱী সম্প্রদায়টিক মথুৰা দাস বুঢ়াআতাই ঘাইকৈ কুমাৰহাটীত সংস্থাপিত কৰিছিল। কুমাৰ হাতেৰে সজা মাটিৰ পুতলা, মৃৎ পাত্র আদিৰ বাহিৰেও উন্নত হীৰা মাটিৰে সজা চৰু, মলা, থালী, মুটকি আদিও কুমাৰহাটীৰ লগতে বৰপেটাৰ সুন্দৰীদিয়া, বামুনা, বজালী আদি অঞ্চলৰ বিভিন্ন ঠাইত বাস কৰা হীৰা সম্প্ৰদায়ৰ লোকে সাজে। ফুলজাৰি আদি আতচবাজী বনাওঁতে ব্যৱহাৰ কৰা শংকু আকৃতিৰ পাত্ৰটো সদায় মাটিৰেই বনোৱা হয়। ইয়াৰ নির্মাণ পদ্ধতি আৰু অৱয়ব অতি সৰল, ৰঙৰ ব্যৱহাৰ বৰকৈ কৰা নহয়। বৰপেটাৰ মৃৎ শিল্পৰ মাটিৰ ঘূৰণীয়াকৈ ঘেৰ দি সজা কুঁৱা বা নাদৰ পাট বৰ্তমান বিলুপ্তিৰ পথত। উৎস : চিত্ৰ-বিচিত্ৰ অসম, প্ৰদীপ বৰুৱা