অ আয়া বায়খোৰা অ আয়া খোকচিৰে চিঙি উৰ্গিৰা বিৰিজোৰে দ্যিমদাক চিমে নাঙো উৰ্গনা হকাচু গ্ৰিম মাজাৰি টয় নাং তুনু চাৰে আনা খাপে টংকায় ছাব্ৰাতাঙো প্ৰায়ওছাৰে আন বায়চাঙে জিমাঙি নাং নুকখু চিঙো আয়া কায় চাঙে নুকখুঠাৰি প্ৰাও চিঙো আয়া খাপে টংকায় ছাব্ৰাটাঙো নাছি চাৰে আন হে মা বায়খো দেৱী।তুমিয়ে খোকচি দেৱী,তুমিয়ে বনবাসী,তোমাৰ চৰন সেৱাৰ বাবে,তোমাৰ দৰ্শনৰ বাবে কান্দি-কাটি উদ্বাউল হোৱা এই পৃথিৱীৰ সন্তান সকলোক নৱৰুপে দিঠকতে আৰু দেৱীৰুপে সপোনতে দেখা দিব নোৱাৰেনে?কৃষিজীৱি আমি ৰাভাসকলক দেখা দিয়া,জগাই তোলা,শক্তি দিয়া,আমাৰ অৱচেতনা দুৰ কৰি জ্ঞানৰ পোহৰ দিয়া মা। অসমৰ লোক-সংস্কৃতিৰ পথাৰত ৰাভাসকলৰ লোক-কৃষ্টিৰ পৰম্পৰা অতি চহকী।এইক্ষেত্ৰত প্ৰ্ধানকৈ বায়খোৰ কথাকেই উল্লেখ কৰিব পাৰি।বায়খো উৎসৱত নৃত্য কৰা হয় জলন্ত জুই শিখাৰ ওপৰত।এই নৃত্যক ৰাভাসকলে বাৰ নাককায় বোলে।কোনো কাৰনতে কোনো শিল্পিক জুইৰ শিখাই পুৰিব নোবাৰে।যদিহে কোনোবা ডেকা ৰাভা পুৰোহিতে বা শিল্পিয়ে বায়খো পূজাত নৃত্য কৰিব খোজে তেনেহলে যথাযথ নিয়ম নীতিবোৰ মানি চলিব লাগিব।এই বায়খো পূজা বা উছৱত গাবুৰটাং দৰায়টাঙে(ডেকা-গাভৰুবে)প্ৰানচঞ্চল মনৰ আৱেগেৰে ছাথাৰ নৃত্য-গীত পৰিৱেশন কৰে।যি ছাথাৰ নৃত্য গীতৰ মাজেদি প্ৰকাশ পায় পুৰুষ আৰু প্ৰকৃতিৰ আকুল আহ্বানত ধৰনী শস্য-শ্যামলা হৈ উঠাৰ কথা,বুকুৰ মাজত আকোৱাঁলি লব খোজা প্ৰেমিক-প্ৰেমিকাৰ আকলুৱা মনৰ কথা।ছাথাৰ গীতত লৰাই ছোৱালীক আৰু ছোৱালীয়ে লৰাক উদ্দেশ্যি স্বত:ষ্ফূৰ্ত্ভাৱে গোৱা প্ৰ্নয়সুচক গীতবোৰ অতি মনপৰশা। ডেকা-গাভৰু উভয়ে গায়: বছৰ পিদান ৰিবিদং বায়খো মনি কিয়া নাঙি কাথা মনি কিদং ছালে, আমে টঙা জাংছাৰে আমে টেঙা জাংছা-হুৰছয়-হুৰছয়।।। (নতুন বছৰ পৰিলে তোমালৈ মোৰ মনত পৰে,তেতিয়া আৰু এখন্তেকো স্থিৰে থাকিব নোৱাৰো) গাভৰুৱে গায়: অ চেংৰা গাবুকায় আতো ইনা নামা আং নাঙো নুকবাৰা ছালে কানি দংকায় কাথাৰে—কানি দংকায় কাথা।। (এৰা ডেকা লৰা তুমি কি কবা খুজিছা---কোৱাচোন মই তোমাক পছন্দ কৰোঁ, সচাঁ কথা তুমি কোৱা মোৰ প্ৰতি তোমাৰ মনৰ ভাব কি?) ডেকাই গায়: গ্ৰিমিনি ট্যো ময়না নাথোৰাঙে ক্ৰিঙা অ গান্দা নাঙি খুৰাং ছালে দেহা গুলাই ৰেঙা ৰে-দেহা গুলাই ৰেঙা।।। (আৰু নকবা বনৰ মইনা চৰাইৰ মাতৰ দৰে তোমাৰ মাত শুনিলে মোৰ দেহ মন পমি যায়) গাভৰুৱে গায়: মিনি মিনি তা বোবায় অ আঙি সোনা ফাৰি হান্দাৰা চোক দঙান ছালে ৰিবা আংকা টাঙাৰে---ৰিবা আংকা টাঙা (হাহিঁ হাঁহি কথা নকবা সন্ধিয়াৰ পম খেদি মোৰ কাষলৈ আহিবা।।।) ডেকা-গাভৰুৱে উভয়ে গায়: বায়েখিনি চিকা হাপচি চিঙি বাদাং প্ৰঙা ৰাখু নাঙি তাচি ৰুমা ছালে কামকায় মিলি ট্ৰ্ঙাৰে—কামকায় মিলি ট্ৰ্ঙা (বায়খো তলিৰ বোকা পানীও চিটিকি পৰে- তোমাৰ হাতত হাত ধৰি দুয়ো নাচো আহাচোন) বৈশাগ ৰাংগ্ৰে কীজৰে জেঠ ৰাংগ্ৰে কিয়া দৰে গাবুৰ বিজান ছালে কাকায় কাকায় বিয়া ৰে-কাকায় কাকায় বিয়া।। (বহাগ-জেঠ মাহ পৰিলে ডেকা-গাভৰুৰ মনবোৰ নিজে নিজে আনমনা হৈ পৰে) জেঠমাচি বায়খোদামি দৰে-গাবুৰ ট্ৰ্ঙা নাঙান আঙান যোৰা চাংদং ছালে ৰিচিছে ফামানাৰে—ৰিচিছে ফামনা (জেঠ মাহৰ বায়খো তলিত কেনেবাকৈ তোমাৰ মোৰ যোৰা হলে কিমান সুখদায়ক হব সেয়া ইশ্বৰৰে জানে) বায়খো পূজানো ৰাভাসকলৰ মাজলৈ কেনেকৈ আহিছিল?এই সম্পৰ্কীয় পৰম্পৰাগত কাহিনীয়ো এনেধৰনৰ- লোক পৰম্পৰা বা কিম্বদন্তি অনুসৰি আজিৰপৰা প্ৰায় তিনি পুৰুষে ঢ়ুকি পোৱালৈকে এসময়ত এখন গাঁৱৰ গাওঁবাসীয়ে দেৱকংনাং নামে বিলত পুৰুষ মহিলা উভয়ে মাছ মাৰি আছিল।আজিও এই বিলখনত অস্তিত্ব আছে ৰাভা বসতিপ্ৰধান গাওঁ ফেডাৰদোবাৰ ওচৰত।মাছ ধৰা সমূহীয়া প্ৰথা আজিও কিছু স্ংখ্যক গাৱতঁ আছে।এদিনাখনৰ কথা।দেৱকংনাং বিলত গাঁৱৰ ডেকা-বুঢ়া গাভৰু তিৰোতা সকলোৱে মাছ মাৰি আছিল।গাঁওবাসী মাছমৰীয়া সকলোৰে জাল-জাকৈত মাছ উঠিছে।কিন্ত দুগৰাকী ভাই-ভনী থপে আৰু নেচেৰ জাল-জাকৈত এটিও মাছ নুঠে।মনৰ বেজাৰত অৱশেষত দুয়ো ঘৰলৈ উভতি আহিবলৈ ঠিৰাং কৰোতেঁ শিল এটাহে জালত উঠিল।জালৰপৰা শিলছটা পানীত পেলাই দিয়া সত্বেও বাৰেপতি শিলছটাহে সিহতৰ জালত উঠি আহে।উপায় নাপায় খঙৰ ভমকত দুয়ো শিলছটাকৈ খালৈত ভৰাই উভতি আহিছিল।দুয়ো মনৰ বেজাৰত আমন-জিমনকৈ থকা দেখি ককাক আৰু আইতাকে সুধিছিল---তোমালোকৰনো হৈছে কি?তেতিয়া দুয়ো ভাই ভনীয়ে বিলত মাছ মাৰিবলৈ গৈ মাছ নাপাই সেই শিলছটাকে খালৈত লৈ আহাৰ কথা বিৱৰি কৈছিল।বৃদ্ধ ককাই শিলছটা দেখি কৈছিল—তোমালোকৰ জালত উঠা শিলছটা দেখোন বৰ উজ্জল।এই শিলছটাৰ পৰা দেখোন ইমান উজ্জল ৰশ্মি উলাইছে।ঠিক আছে শিলছটা খউব ভালকৈ ধানৰ ভৰালতঁ থৈ দিয়াচোন।কথামতে শিলছটা ভঁৰালতে থৈ দিয়া হৈছিল।অৱশেষত ৰাতি থপে আৰু নচে দুয়ো সপোনত দেখিছিল যে এগৰাকী দেৱীয়ে সকীয়াই দিছিল---মই শিল নহয়,লক্ষ্মি দেৱীহে।তোমালোকে ভালদৰে পুজা কৰি ধানৰ ভঁৰালতে থৈ দিবা।মোক ভালদৰে পূজা অৰ্চনা কৰিলে তোমালোকৰ লগতে গাওঁবাসীৰো ম্ংগল হব।। পিছদিনা থপে আৰু নেচে দুয়ো বাই-ভনী ভঁৰালত উঠি দেখিবলৈ পালে যে শিলছটা নাই।কেৱল তেজেৰে ভঁৰাল ভৰি আছে।তেতিয়া বৃদ্ধ ককাই অলৌকিক ৰহস্যৰ উমান পাই কৈছিল যে—আচলতে সেইটো প্ৰ্কৃততে শিল নাছিল।সেয়া আছিল লক্ষ্মীদেৱী।বৃদ্ধ ককাই শিলছটা বিছাৰি পাই বাহেৰেঁ নিৰ্মিত খোক নামৰ পাত্ৰত ভৰাই শিলছটা ভঁৰালত ৰাখিবলৈ পৰামৰ্শ দিছিল।তেতিয়াৰ পৰা ধানৰ ভৰালতঁ ৰাভাসকলে এছটা শিল লক্ষ্মী জ্ঞান কৰি থৈ দিয়ে। ৰাভা ভাষাত বায় মানে দৈৱ বা দেৱী।খোক মানে বাঁহ,বেতেৰেঁ নিৰ্মিত এবিধ পাত্ৰ,চি মানে তেজ।বায়খোকচিৰ বা লক্ষ্মী দেৱী।অৱশেষত বায়খোকচিৰ পৰা বায়খো হল।তেতিয়া বৃদ্ধ ককাৰ পৰামৰ্শমতে বিভিন্ন আচাৰ-নীতিৰে বায়খোকচী পূজা কৰাৰ পিছত থপে আৰু নেচেৰ পৰিয়াল তথা গাওঁবাসীৰো ম্ংগল সাধন হৈছিল।সেয়ে আজিও ৰাভাসকলৰ মাজত কৃষি কৰ্মৰ প্ৰাক-মুহুৰ্তত বায়খো দেৱীক পূজা কৰাৰ পৰম্পৰা অব্যাহত আছে।আশা কৰোঁ নতুন প্ৰজন্মই গুৰুত্ব সহকাৰে প্ৰ্তিযোগীতামুলক আধুনিক শিক্ষা বা প্ৰযুক্তিবিদ্যাৰ প্ৰ্তি অগ্ৰসৰ হোবাৰ লগতে স্বকীয় পৰম্পৰাক আকোঁৱালী লোৱাৰো মানসীকতা গ্ৰহন কৰক। মুকুল ৰাভা