অসমৰ বাৰেৰহণীয়া খাদ্য সংস্কৃতিৰ সম্পৰ্কে অৱগত হ’বলৈ হ’লে প্ৰথমেই ক’ব লাগিব যে ইয়াত পাহাৰীয়া শুকান বা আচাৰ কৰা খাদ্যাভাসৰ লগতে সমতলৰ সতেজ উপকৰণ দুয়োটাৰে সমাৱেশ ঘটিছে । ৰাজ্যখনৰ খাদ্য প্ৰণালীত নূন্যতম মছলা, সুগন্ধি গছ-লতিকা, সেউজীয়া শাক, কঠিন মাংসৰ কম আৰু মাছৰ অধিক ব্যৱহাৰ দেখা যায় । লগততে ইয়াৰ খাদ্যসম্ভাৰত চৰাই জাতীয় মাংসৰ প্ৰয়োভৰ, টেঙা উপকৰণৰ বহুল ব্যৱহাৰ আৰু ঔষধি উপকৰণৰ সুলভতা মন কৰিবলগীয়া । অসমৰ মূল খাদ্য ভাতৰ লগত প্ৰায় সকলো খাদ্যই সম্পৰ্কিত । অসমীয়া খাদ্যৰ আৰম্ভণি সাধাৰণতে খাৰ বা শাকৰদ্বাৰা হয় আৰু টেঙা ব্যঞ্জনেৰে শেষ হয় । অসমত খাৰ ভীমকলৰ বাকলি, মধুনা আৰু ধান খেৰ পুৰি উলিওৱা ছাঁইৰপৰা তৈয়াৰ কৰা হয় । ছাঁইখিনি পানীত তিয়াই থলে যিখিনি ৰঙা বৰণৰ পানী ওলাই তাকে খাৰণি বোলে । খাৰণি দি ৰন্ধা খাদ্যৰ ভিতৰত অমিতাৰ খাৰ, শেৱালি ফুলৰ খাৰ, তিতাফুলৰ খাৰ, খাৰ ভাত, দোৰোণ শাকৰ খাৰ উল্লেখযোগ্য । সেইদৰে অসমীয়া লোকে টেঙা আঞ্জাত ব্যৱহাৰ কৰা টেঙাবোৰ হ’ল ঔটেঙা, থেকেৰা , টেঙামৰা, অমৰা, জলফাই, টেঙেচি, মধুসোলেং, খৰিছা, কণবিলাহী আদি । আজিকালি বৰ বিলাহী, তেতেলী আদিৰ প্ৰয়োগ হোৱাও দেখা যায় । অসমীয়া সমাজত মাছৰ টেঙা আঞ্জা, ঔটেঙা আৰু ঢেকীয়া শাকৰ জোল, কচু শাকৰ টেঙা আঞ্জা, টেঙা দাইল আদি অতিকৈ জনপ্ৰিয় । আনহাতে তামোল-পাণ খাই মুখ শুদ্ধি কৰাটো হৈছে অসমীয়া খাদ্য প্ৰণালীৰ এটা পৰিচিত বৈশিষ্ট্য । ইয়াৰ উপৰিও অসমীয়া খাদ্যত খাৰ ব্যৱহাৰৰ প্ৰচলন এক প্ৰাচীন পৰম্পৰা । এসময়ত অসমীয়া মানুহে নিমখ সহজতে পাবলৈ নোহোৱা বাবে ইয়াক খাদ্যত বহুলভাৱে ব্যৱহাৰ কৰিছিল । সেইবাবে অসমীয়া সমাজত আজিও খাৰ খোৱা অসমীয়া যোজনাটো সৰ্বজনবিদিত । এই খাদ্যবিলাক সুস্বাদু হোৱাৰ লগতে গুণাগুণৰ দিশৰপৰাও স্বাস্থ্যসন্মত । কিন্তু অসমৰ খাদ্যসম্ভাৰে এতিয়াও পৃথিৱীৰ জনসমাজত সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই । এইক্ষেত্ৰত চৰকাৰী পৃষ্টপোষকতাৰ লগতে ব্যক্তিগত প্ৰচেষ্টা আৰু স্বেচ্ছাসেৱী সংগঠনসমূহ আগবাঢ়ি আহি শক্তিশালী পদক্ষেপ হাতত ল’লে নিশ্চয় অসমীয়া খাদ্যই জগত জিনিব পৰাৰ সম্ভাৱনা প্ৰৱল । ৰিদিপ ৰঞ্জন চেতিয়া