তিল-নাৰিকল উপকৰণ নাৰিকল- ১/২ ফাল সামান্য ভজা তিল- ১/২ কাপ বাদাম- ৫ চামুচ তেঁতেলীৰ গুড়ি- ১ চামুচ কেঁচা জলকীয়া- ২/৩ টা নহৰু- ৪/৫ ফুটা নিমখ- প্ৰয়োজন অনুসৰি প্ৰস্তুত প্ৰণালী আটাইখিনি উপকৰণ সামান্য পানী দি মিক্সিত মিহিকৈ পেষ্ট বনাই লওক। এটা বাউলত পেষ্টখিনি উলিয়াই ওপৰত সামান্য অলিভ অইল ছটিয়াই পৰিবেশন কৰক। মাটিকঁঠাল উপকৰণ মাটিকঁঠাল- ১ কাপ মানধনিয়া- ১ মুঠি নহৰু- ৫/৬ ফুটা কেঁচা জলকীয়া- ২ টা নিমখ- সোৱাদ অনুসৰি প্ৰস্তুত প্ৰণালী আটাইখিনি উপকৰণ মিক্সড্ কৰি মিহি কৰি লওক। গৰম ভাত অথবা লুচিৰ লগত পৰিবেশন কৰক। লেখিকা: কৰৱী গগৈ শৰ্মা, অসমীয়া প্ৰতিদিন।