উপকৰণ কেঁচা আম- ১ টা। মুৰ্গীৰ মাংস- আধা কেজি। আলু- ২ টা। পিয়াজ- ৩-৪ টা। আদা বটা- আধা চামুচ। কেঁচা জলকীয়া-৪-৫ টা। জিৰাৰ গুড়ি- এচামুচ। জালুকৰ গুড়ি- আধা চামুচ। গৰম মছলা-আধা চামুচ। কণী- এটা। নিমখ, হালধি-সোৱাদ অনুযায়ী। প্ৰস্তুত প্ৰণালী প্ৰথমে আলুকেইটা সিজাই ভালকৈ পিটিকি লওক। এতিয়া কেঁচা আমটো ৰুকি মুৰ্গীৰ মাংসখিনিৰ লগত ভালকৈ সানি অলপ সময় ঢাকোন মাৰি থৈ দিয়ক। এতিয়া এটা কেৰাহীত তেল গৰম হ’ব দিয়ক আৰু তাত সৰু সৰুকৈ কাটি থোৱা পিয়াজখিনি বাদামী ৰং হোৱাকৈ ভাজক। এতিয়া কেৰাহীত মাংসখিনি দি তাত হালধি, নিমখ, জিৰা, আদা, জালুকৰ গুড়িখিনি আৰু পিটিকি থোৱা আলুখিনি দি ঢাকোন মাৰি কম জুইত ভাজক। মাংসখিনি ভালকৈ ভজা হ’লে তাত কণীটো ভাঙি দি লৰাই লৰাই ভাজক। এতিয়া অলপ পানী আৰু গৰম মছলা দি গৰমে গৰমে পৰিৱেশন কৰক। উৎস: বিকাশপেডিয়া।