উপকৰণ আলু-২৫০ গ্ৰাম (সৰু সৰুকৈ কটা), ভেণ্ডি: ২৫০ গ্ৰাম (এক ইঞ্চি দীঘলকৈ কটা), বিলাহী: এটা, পিয়াজ: ২টা, জলকীয়া গুড়ি: ১ চামুচ, সৰিয়হ: ১/২ চামুচ, নৰসিংহ পাত: কেইখিলামান, তেল-নিমখ: আন্দাজমতে। প্ৰস্তুত প্ৰণালী কেৰাহীত তেল গৰম কৰি ভেণ্ডি আলুখিনি বেলেগে বেলেগে ভাজি ল’ব। কেৰাহীত পুনৰ তেল গৰম কৰি তাত সৰিয়হখিনি ফুটাই লৈ পিয়াজখিনি ৰঙচুৱাকৈ ভাজি লওক। তাতে বিলাহী আৰু নৰসিংহখিনিও কম জুইত ভাজি লওক। এতিয়া ভাজি থোৱা আলু আৰু ভেণ্ডিখিনি এতিয়া আপোনাৰ আলু-ভেণ্ডি তৰকাৰী পৰিৱেশনৰ বাবে সাজু। উৎস: বিকাশপেডিয়া।