উপকৰণ আলুৰ পৰিমাণ যদি-এক কেজি। পিঁয়াজ-৩০ গ্ৰাম। কেঁচা জলকীয়া-২ টা। ধনিয়া পাত- এমুঠি। ব্ৰেড- ২৫০ গ্ৰাম। ৰিফাইন তেল-৫০ গ্ৰাম। নিমখ সোৱাদৰ জোখত। প্ৰস্তুত প্ৰণালী আলুকেইটা ধুই বাকলিৰ সৈতে সিজাই লৈ পিচত বাকলি গুচাই মিহিকৈ পিটিকি ল’ব লাগে। জলকীয়া, পিঁয়াজ, ধনিয়াপাত মিহিকৈ কুটি ল’ব লাগে। ব্ৰেডখিনি পানীত তিয়াই লৈ পিচত চেপি পানীখিনি উলিয়াই গোটেইখিনি বস্তু মিহলাই লগতে সোৱাদ অনুযায়ী নিমখ মিহলাব লাগে। পিচত কেইটামান বল বনাই চেপেটা কৰি ল’ব লাগে। চেপেটা কৰি থোৱা আলুখিনিৰ মাজত অকণমান আঙুলিৰে গাঁত কৰি তাত তৈয়াৰ কৰি থোৱা চাটনি ভৰাই মুখখন বন্ধ কৰি গৰম তেলত টাৱাত অলপ ৰঙচুৱা হোৱাকৈ গৰমে গৰমে পৰিবেশন কৰিব পাৰে। চাটনিৰ বাবে ধনিয়া পাত এমুঠি, পিঁয়াজ দুটা মজলীয়াবিধৰ, কেঁচা জলকীয়া ডাঙৰ দুটা বা তিনিটা, নিমখ সোৱাদৰ জোখত, নেমু এটা, লগতে মন কৰিলে নৰসিংহৰ পাত কেইটামান দিব পাৰে। গোটেইখিনি বস্তু মিহিকৈ মিহলাই পিহি চাটনি বনাই ল’ব লাগে। লেখিকা: কিৰণ বৰা।