উপকৰণ ডাঙৰ সিজোৱা আলু দুটা, নিমখ আধা চামুচ ধনীয়া এচামুচ, জালুকৰ গুড়ি এচামুচ, বেড্ গ্ৰাম আধা কাপ, ময়দা দুচামুচ, ৰিফাইন আধা কাপ। প্ৰণালী আলুকেইটা ভালদৰে সিজাই লৈ পিটিকি ল’ব, এতিয়া তাত নিমখ, ধনীয়া কটা, জালুকৰ গুড়ি মিলাই ল’ব। এই গোটেইখিনি ভালদৰে মিক্স হ’লে আলুখিনি গোল গোল কৰি লৈ মাজত চিজ ভৰাই লাড়ুৰ নিচিনা কৰি ল’ব। এতিয়া ময়দাখিনি গুলি লৈ তাত আলুৰ লাড়ুকেইটা লেটিয়াই বেড্ গ্ৰামত পুনৰ লেটিয়াই তেলত ভাজিব। লেখিকা: মীনা বৰুৱা।