উপকৰণ মিছা মাছ: ৩০০ গ্ৰাম, বিলাহী: ১টা, ঔটেঙা-১/৪ টা, পিঁয়াজ- ২টা, জলকীয়া: ১-২ টা, তেল-নিমখ: আন্দাজমতে। প্ৰস্তুত প্ৰণালী কেৰাহীত তেল গৰম কৰি লওক। তাত পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লওক। তাত ঔটেঙাখিনি নিমখ দি ভাজক। পানী দি লৰাই থাকক। গ্ৰেভীখিনি উতলিলে তাত আগতে ধুই-বাছি ভাজি থোৱা মাছখিনি দি দিয়ক। আঞ্জাখিনি উতলি উতলি গাঢ় হ’লে নমাই থ’ব। আগতে মাছখিনি ভাজি নল’লে সেইখিনি ভালদৰে সিজিলৈ আঞ্জাখন উতলাব। উৎস: বিকাশপেডিয়া।