উপকৰণ শিঙৰা মাছ কেইটামান কঁঠালগুটি- ১০ টা মান কুমলীয়া ঢেঁকীয়াৰ আগ সৰুকৈ ১ মুঠি শুকান কুঁজী থেকেৰা ৫ ফুটা মিঠাতেল নিমখ হালধি মিথিগুটি কেঁচা জলকীয়া প্ৰণালী শিঙৰা মাছকেইটা ভাজি ল’ব। কঁঠালগুটি প্ৰেছাৰ কুকাৰত সিজাই ল’ব। থেকেৰাকেই ফুটা ১ কাপ পানীত তিয়াই থ’ব। ঢেঁকীয়া শাক মিহিকৈ কুটি ল’ব। এখন তলি ডাঠ কেৰাহীত ধোঁৱা ওলোৱাকৈ তেল গৰম কৰি মিথিগুটিৰ ফোৰণ মাৰিব। কুটি থোৱা শাক আৰু সিজোৱা কঁঠালগুটি তেলত দি লৰাই দিব। হালধি দিব। কিছু সময় লৰাই গৰমপানী দিব। জোখমতে নিমখ দিব। ভালদৰে উতলিলে মাছকেইটা দিব। থেকেৰাৰ ৰস খিনি ভালদৰে উলিয়াই জোলত দি দিব। পুনৰ কিছুমান উতলি আঞ্জাৰ ৰং উঠি আহিলে কেঁচা জলকীয়া ফালি ওপৰত দি জুই বন্ধ কৰিব। উৎকট গৰমত ভাতৰ সৈতে থেকেৰাৰ জোলে আপোনাৰ শৰীৰ শীতল কৰি তুলিব। লেখিকা: গীতা শৰ্মা।