উপকৰণ পাৰ – ১ যোৰ কলডিল(আঠিয়া কলৰ) – ১ টা আলু – ২/৩ টা কেঁচা জলকীয়া – ২/৩ টা (বটি ল’ব ) নহৰু – ৪/৫ ফুটা (বটি ল’ব) আদা – অলপমান (বটি ল’ব) চফ, জিৰা, ধনিয়া গুড়ি, - ১ চাহ চামুচ জালুকৰ গুড়ি – ১ চাহ চামুচ পাঁচফোৰণ –অলপমান চেনি – ১ চামুচ গৰম মছলা – ১ চামুচ নিমখ, হালধি, তেল – আন্দাজমতে প্ৰস্তুত প্ৰণালী পাৰ দুটা প্ৰথমে ভালদৰে পৰিষ্কাৰ কৰি লৈ সৰু সৰু টুকুৰা কৰি কাটি ল’ব। নিমখ-হালধি আৰু আটাইখিনি মছলা, লগতে অকণমান তেল দি মাংসখিনি ভালদৰে সানি ল’ব। আলুকেইটা বাকলি গুচাই সৰু সৰুকৈ কাটি ল’ব। কলডিলটোৰ ডাঠ বাকলিখিনি আঁতৰাই কোমল অংশ উলিয়াই মিহিকৈ কাটি ল’ব। অলপমান নিমখ-পানীত কলডিলখিনি মোহাৰি চেপি ল’ব। জুইত কেৰাহি তুলি দি তেল গৰম কৰি লওক। তেল পকিলে পাঁচফোৰণ ফুটাই চেনি এচামুচ দি মাংসখিনি দি সঘনে লৰাই থাকিব। মাংসৰ পানী শুকাই আহিলে তাতে কলডিল আৰু আলুখিনি দি লৰাই ঢাকোন মাৰি দিব। অলপ সময়ৰ পিছত আন্দাজমতে গৰমপানী দি জুই বঢ়াই দি উতলিবলৈ দিয়ক। মাংস আৰু আলু সিজি অলপমান জোল থাকোঁতে গৰম মছলা দি নমাই থ’ব। ইচ্ছা কৰিলে জোল নাৰাখি শুকান কৰিবও পাৰে। প্ৰস্তুতি: কল্পনা দাস, প্ৰিয় সখী