উপকৰণ কলডিল ১ টা। কেঁচা জলকীয়া ৫ টা। পিঁয়াজ ২ টা (বটি ল’ব)। আদা-নহৰু বটা চাহ চামুচৰ ২ চামুচ। আলু ২ টা। চেনি চাহ চামুচৰ ১ চামুচ। ইলাচি-ডালচেনি-লং প্ৰত্যেকৰে ২ টা কৈ। ঘিউ চাহ চামুচৰ ১ চামুচ। মিঠাতেল আধা কাপ। ময়দা চাহ চামুচৰ ২ চামুচ। জিৰা-জালুক চাহ চামুচৰ আধা চামুচকৈ। মচুৰ বা মগু দাইল টেবুল চামুচৰ ১ চামুচ। আন্দাজমতে নিমখ-হালধি। প্ৰণালী কলডিলৰ ওপৰৰ বাকলিকেইটা গুচাই ল’ব। ভিতৰৰ কোমলখিনি মিহিকৈ কুটি নিমখ পানীত তিয়াই থ’ব। আলু দুটা টুকুৰাকৈ কাটিব। আদা-নহৰু আৰু জিৰা-জালুক বেলেগে বেলেগে বটি ল’ব। পিঁয়াজটো মিহিকৈ কুটিব। দাইলকেইটা পানীত তিয়াই ল’ব। কেৰাহিত তেল গৰম কৰি পিঁয়াজখিনি আৰু আদা-নহৰু বটা দিয়ক। ভালকৈ লৰাই দাইল আৰু পাচলিখিনি দিয়ক। নিমখ-হালধি দি ভালকৈ লৰাওক আৰু জিৰা-জালুক বটাকণ দিয়ক। মধ্যমীয়া জুইত ঢাকোন বন্ধ কৰি ৰাখিব আৰু মাজে মাজে লৰাই দিব। ভালকৈ ভজা ভজা হ’লে একাপমান গৰম পানী দি সিজিবলৈ দিব। আলু-কলডিল সিজি থপথপীয়া হ’লে গৰম মচলা আৰু ঘিউ দি নমাব। উৎস: নিয়মীয়া বাৰ্তা।