উপকৰণ আঠিয়া কলৰ কলফুল-এটা। আলু মধ্যমীয়া-এটা। জিৰাগুড়ি- এক ডাঙৰ চামুচ। ধনিয়া, জালুকগুড়ি- এক চাহ চামুচ। আদা বটা-এক চামুচ। হালধি- আন্দাজমতে। নিমখ- সোৱাদ অনুযায়ী। গৰম মছলা- অলপ। নাৰিকল্প ৰোকা- অলপ। তেল- ৫০ গ্ৰাম। ঘিউ- এক চাহ চামুচ। চেনি- ১/২ চামুচ। প্ৰস্তুত প্ৰণালী কলফুলখিনি মিহিকৈ কুটি ধুই লৈ পানীত সিজাই ল’ব লাগে। আলুখিনিও কাটি ধুই ভাজি লওক। পিচত কেৰাহীত তেল গৰম কৰি তেজপাত, শুকান জলকীয়া আৰু গোটা জিৰাৰে ফোৰণ দিব লাগে। তাতে নাৰিকলখিনি আৰু বটা মছলাখিনি দি লৰাই থাকি অলপ ভজা ভজা হ’লে কলফুলখিনি ঢালি দিব লাগে। ভজা আলুখিনিও তাতে দি ভালকৈ লৰাই থাকি ঢাকোন দি কলফুল আৰু আলুখিনি সিজি কোমল হৈ গ’লে গৰম মছলা আৰু এচামুচ ঘিউ দি নমাই থ’ব লাগে। লেখিকা: কিৰণ বৰা।