উপকৰণ কুকুৰাৰ মাংস- ৪ ডোখ (৪০০ গ্ৰাম)। ৰিফাইন তেল- ৩ টেবুল চামুচ কুটা পিয়াঁজ- ১ টেবুল চামুচ। বঁটা নহৰু- ১ চাহ চামুচ বটা আদা- ১/২ চাহ চামুচ। মিথিৰ শুকান পাত- ২ চাহ চামুচ বা জুতি অনুযায়ী। ডালচিনি- ১ ইঞ্চি দীঘল। ইলাচি- ৪ টা। ফেটা দৈ-১২৫ গ্ৰাম। জালুকৰ গুড়ি-১/২ চাহ চামুচ। আলু পিটিকা-১ কাপ। ৰোকা চিজ-১৫ গ্ৰাম। ক্ৰীম- ৪০ গ্ৰাম। পিজা চীজনিং-১ চাহ চামুচ সমানকৈ। নিমখ-জুতি অনুযায়ী। চেনি-১/২ চাহ চামুচ। প্ৰস্তুত প্ৰণালী কুকুৰাৰ মাংস কেইটুকুৰা চোকা কটাৰী এখনেৰে ২-৩ ঠাইত খুঁচি ল’ব। কেৰাহীত ৰিফাইন তেল গৰম কৰিব। তেলত ইলাচি আৰু ডালচেনি ভাজি কুটা পিঁয়াজখিনি দিব। পিয়াঁজ কোমল হ’লে বটা নহৰু, আদা আৰু মাংসৰ টুকুৰা মিলাব। ভালদৰে অলপ সময় লৰাই নিমখ ছটিয়াব। মধ্যমীয়া জুইত ৰাখি ঢাকোন বন্ধ কৰিব। সময় বুজি লৰাব। মাংস আধা সিজা হ’লে শুকান মিথিৰ পাত মিলাই লৰাব। দৈখিনিও মিলাই ঢাকোন বন্ধ কৰিব। সোৱাদৰ বাবে ইচ্ছা কৰিলে অলপ চেনি মিহলাব পাৰে যেতিয়া মাংস সিজিব কেৰাহীৰ তলৰ জুই বন্ধ কৰি জালুকৰ গুড়ি মিহলাব। প্ৰয়োজন হ’লে মাংস সিজিবলৈ পানী আন্দাজমতে মিহলাব পাৰে। নিমখ মিলোৱা আলু পিটিকাখিনি এটা বাটিত ল’ব। তাত ফেটি লোৱা ক্ৰীম, ৰোকা চিজ, পিজা চীজনিং, বগা জালুকৰ গুড়ি আৰু চেনি মিহলাই ভালদৰে সানিব। এখন প্লেটত দুটুকুৰা মাংসৰ লগত ক্ৰীম মিলোৱা আলুৰ পিটিকা ধুনীয়াকৈ সজাই পৰিৱেশন কৰক। লেখিকা: জ্যোতি দাস।