উপকৰণ কেঁচা আম- ১ টা। সৰু মাছ- ১০০ গ্ৰাম। কেঁচা জলকীয়া- ৪-৫ টা। সৰিয়হ- সোৱাদ অনুযায়ী। আদা-১ চামুচ। নহৰু-১ টা (সৰু)। কেঁচা জলকীয়া- এমুঠি। নিমখ-সোৱাদ অনুযায়ী। পিঁয়াজ- এটা। প্ৰস্তুত প্ৰণালী প্ৰথমে কেঁচা আমখিনি ৰুকি লওক। এতিয়া এটা পাত্ৰত তেল গৰম হ’ব দিয়ক। তেলখিনি গৰম হোৱাৰ পিছত তাত সৰিয়হ, আম ৰোকা, জলকীয়া, আদা-নহৰুখিনি দি ১-২ মিনিট কম জুইত ভাজি নমাই দিয়ক। এতিয়া কলপাতখিনি ধুই তাত আম ৰোকাৰ মিশ্ৰণখিনি আৰু মাছখিনি দি জুইত সেকক। সেকা হ’লে কলপাতৰ পৰা উলিয়াই কেঁচা পিঁয়াজ, কেঁচা ধনিয়া, নিমখ, তেল দি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক। উৎস: বিকাশপেডিয়া।