উপকৰণ অলপমান মাছ। খুতুৰা শাকৰ কুমলীয়া আগ ১ মুঠি নেমু ২ ফাল কেঁচা জলকীয়া ২/৩ টা মান, তেল, মিথিগুটি নিমখ, হালধি আন্দাজমতে। প্ৰণালী খুতুৰা শাকমুঠি মিহিকৈ কুটি ল’ব। মাছখিনি অলপ ভাজি ল’ব। কেৰাহীত তেল গৰম কৰি মিথিগুটিকেইটা ফুটাই ল’ব। কুটি থোৱা শাকখিনি তাতে দি লৰাই দিব। নিমখ হালধি দিব। শাকখিনি জামৰি আহিলে গৰম পানী দিব। উতল আহিলে মাছ দিব। ভালদৰে উতলিবলৈ দিব। ওপৰত কেঁচা জলকীয়া দি জুই বন্ধ কৰিব। পৰিৱেশনৰ আগে আগে নেমু চেপি ৰস মিহলাই দিব। শাকৰ আঞ্জা বেছি সময় ধৰি বান্ধিলে সোৱাদ নষ্ট হয়। শীতকালি বজাৰত প্ৰচুৰ পৰিমাণে ওলোৱা মিথি শাকেৰেও একে ধৰণেৰেই মাছৰ টেঙা ৰান্ধিব পাৰি। লেখিকা: গীতা শৰ্মা।