উপকৰণ পিঁয়াজ: ৩ টা (সৰুকৈ কুটি লোৱা), বিলাহী: এটা (সৰুকৈ কাটি লোৱা), নৰসিংহ পাত আন্দাজমতে, চজিনা: ২৫০ গ্ৰাম, সৰিয়হ: ১/২ চামুচ, জলকীয়া: ১-২ টা, তেল-নিমখ: আন্দাজমতে। প্ৰস্তুত প্ৰণালী চজিনাখিনি ১-২ ইঞ্চিকৈ কাটক। আগতে তেলত সৰিয়হ আৰু জলকীয়া ভাজি লওক। সৰিয়হ ফুটা বন্ধ হ’লে বিলাহীৰ বাহিৰে বাকী পাচলিখিনি তেলত দি দিয়ক। লৰাই থাকক। নিমখ আৰু হালধি দিয়ক। লৰাই দিয়ক। ঢাকোন মাৰি কম জুইত পাচলিখিনি সিজিবলৈ দিয়ক। জলকীয়া গুড়ি আৰু বিলাহীখিনি দি অলপ সময় আৰু ভাজক। পানী দিয়ক। ভাতৰ সৈতে গৰমে গৰমে পৰিৱেশন কৰক। উৎস: বিকাশপেডিয়া।