উপকৰণ চয়াবিন এশ গ্ৰাম, কনফ্ল’ৰ তিনি টেবুল চামুচ নহৰু ৪/৫ টা মান তমেত চচ্ আধা কাপ চয়া চ্চ এক চাহ চামুচ কেপচিকাম দুটা নিমখ আন্দাজমতে প্ৰণালী চয়াবিনখিনি উতলা পানীত অলপ সময় তিয়াই থওক। চয়াবিনখিনি কুমলিলে পানীৰ পৰা চেপি উলিয়াই লৈ মিক্সিত মাৰি ল’ব। এতিয়া চয়াবিনখিনি কনফ্ল’ৰত লেটিয়াই এটা এটা বল কৰি ভাজি ল’ব। এতিয়া গৰম তেলত পিঁয়াজ বঁটা, নহৰু বঁটা আৰু কেপচিকাম মিহিকৈ কাটি ভাজি ল’ব। ভজা হ’লে তাত চয়াচচ, তমেত চচ আৰু নিমখ দি লৰাব। এচামুচ কৰ্ণফ্ল’ৰ গুলি তাতে দি দিব। যেতিয়া উতলিব তাত চয়াবিনৰ বলকেইটা দি জালুকৰ গুড়ি আৰু আধা চামুচ ভিনেগাৰ দি নমাই থ’ব। মীনা বৰুৱা।