উপকৰণ হাঁহৰ মাংস-১/২ কেজি, জহা কোমোৰা-১/২ কেজি, আলু- ৪টা, পিয়াঁজ-৩ টা, নহৰু বটা-২ টা, আদা বটা-৩ চামুচ, গোটা জিৰা, গোটা জালুক-৫ চামুচ, তেজপাত- ২ খিলা, নিমখ-প্ৰয়োজন অনুসৰি, হালধি, মিঠাতেল-প্ৰয়োজন অনুসৰি, সেউজীয়া ইলাচি-৪টা, ডালচেনি-১ ইঞ্চি জোখত এটুকুৰা, লং-৪টা, মিট মছলা-২ চামুচ, কেঁচা জলকীয়া-২ টা। প্ৰস্তুত প্ৰণালী মাংসবোৰ সৰু সৰু টুকুৰাত কাটি লওক। জহা কোমোৰা আৰু আলুকেইটাও টুকুৰা টুকুৰ কৰি লওক। এখন লোহাৰ কেৰাহীত মিঠাতেল গৰম হ’বলৈ দিয়ক। পিঁয়াজকেইটা মিহি মিহিকৈ কুটি গৰম তেলত দিয়ক। আদা, নহৰুৰ বটাখিনি দিয়ক। কিছু সময় লৰাই হাঁহৰ মাংসখিনি দিয়ক। লগতে হালধিও দিয়ক। লৰাই লৰাই কিছু সময় ভাজক। আন এখন কেৰাহীত ধনিয়া, জিৰা, জালুক সামান্য গৰম কৰি মিক্সি কৰি লওক। ইলাচি, ডালচেনি, লংখিনিও বেলেগকৈ গুড়ি কৰি লওক। মাংসৰ ৰং পৰিৱৰ্তন হ’লে মিক্সি কৰা মছলাখিনি দিয়ক। নিমখ দিয়ক। তেজপাতকেইখিলাও দিয়ক। কেঁচা জলকীয়াকেইটা দুফাল দুফাল কৰি দিয়ক। লৰাই লৰাই ভাজক। এতিয়া আলু আৰু কোমোৰাখিনি দিয়ক। মিট মছলাখিনি দি কিছুসময় লৰাই ঢাকোন দিয়ক। মাংসই তেল এৰিবলৈ আৰম্ভ কৰিলে সামান্য গৰম পানী দি পুনৰ ঢাকোন দি সিজিবলৈ দিয়ক। আলু, কোমোৰা সম্পূৰ্ণ সিজি গলি থপথপীয়াকৈ হ’লে গৰম মছলাখিনি দি জুইৰ পৰা নমাওক। গৰম মছলা দিয়াৰ লগে লগে মাংসৰ পৰা এটা ফুৰফুৰীয়া সুগন্ধ ওলাব। গৰম ধোঁৱা বলি থকা ভাতৰ লগত কাঁহৰ বাটিত পৰিৱেশন কৰা হাঁহৰ মাংসৰ আঞ্জাখনে জিভাৰ জুতি দুগুণ বঢ়াব। লেখিকা: কৰবী গগৈ শৰ্মা, সম্ভাৰ।