উপকৰণ পুঠি-শিঙৰাজাতীয় সৰু মাছ বা অন্য যিকোনো মাছ- ৫০০ গ্ৰাম অসমীয়া টেঙেচি- এমুঠি মাটিকাঁদুৰি শাক- এমুঠি পাঁচফোৰণ- ১/৪ চামুচ শুকান জলকীয়া- এটা বা দুটা মিঠাতেল, নিমখ, হালধি প্ৰস্তুত প্ৰণালী প্ৰেছাৰ কুকাৰত দুই কাপ পানীৰে টেঙেচি আৰু মাটিকাঁদুৰি শাক ভৰাই লৈ সম্পূৰ্ণ প্ৰেছাৰ উঠাৰ পিচত ২ মিনিট ৰান্ধি লওক। মাছখিনি ভাজি ল’ব। কুকাৰটো ঠাণ্ডা হ’লে শাকখিনি খচি খচি জোল উলিয়াই লৈ সিতাখিনি উঠাই ল’ব। জোলখিনি পুনৰ দুকাপ পানীৰ সৈতে উতলাই ল’ব। কেৰাহীত তেল গৰম কৰি পাঁচফোৰণ বা মিথিগুটি ফুটাই দিব। জুই কমাই ল’ব। হালধি দিব। শাকৰ জোলখিনি ঢালি দিব। উতল আহিছে মাছ দিব। নিমখ মিহলাব জোখমতে। ভালদৰে উতল আহিলে জুই বন্ধ কৰিব। উৎস: অসমীয়া প্ৰতিদিন।