উপকৰণ গাখীৰ: ১ লিটাৰ, জহা চাউল: ৫০ গ্ৰাম, নাৰিকলৰ ৰোকা: ২ কাপ, খেজুৰৰ গুড়-৪০০ গ্ৰাম, বগা তিল- ২০০ গ্ৰাম। প্ৰস্তুত প্ৰণালী প্ৰথমে বগা তিলখিনি ভাজি ল’ব। চাউলখিনিও ধুই চাফা কৰি ল’ব। এখন পেনত চাউল আৰু গাখীৰখিনি একেলগে দি উতলাব। চাউল আধাসিজা হ’লে নাৰিকলৰ ৰোকাখিনি দি লৰাই থাকিব। অলপ সময়ৰ পাছত গুড় দিব। ঘন হৈ আহিলে পিহি লোৱা তিলখিনি দি লৰাই দিব। অলপ সময় ৰাখি নমাই সৰু সৰু বাতিত দি দিব। কাজু,খিচমিচ তাৰ ওপৰত সজাই পৰিৱেশন কৰিব। উৎস: বিকাশপেডিয়া।