উপকৰণ ফলামগু আধাকাপ দুটা সৰু তিয়হ সৰু এমুঠি ধনিয়া দুটা বা তিনিটা নেমুটেঙা এটা ৰঙা জলকীয়া এটা সৰু তেজপাত আধা চামুচ সৰিয়হ আধা চামুচ তেল আৰু জোখমতে নিমখ। পদ্ধতি ৰাতি মগুখিনি তিয়াই থৈ পিছত বাকলিবোৰ গুচাই ধুই লওক। পানীখিনি ভালকৈ নিগৰাই থৈ দিয়ক। তিয়হৰ বাকলী আৰু গুটিখিনি টুকুৰা টুকুৰকৈ কাটি লওক। ধনিয়া মুঠি সৰু সৰুকৈ কুটি লওক। নেমুকেইটা চেপি এটা কাপৰ চাৰিভাগৰ এভাগ জোখৰ ৰস উলিয়াই লওক। এতিয়া এটা কাচৰ পাত্ৰত মগু, তিয়হ, ধনিয়া আৰু নেমুৰ ৰস মিহলাই লওক। জুইত কেৰাহী এটা বহাই তেল দিয়ক। গৰম হ’লে শুকান জলকীয়াটো ফুলি উঠাকৈ ভাজি একাষৰীয়াকৈ থওক। সৰিয়হখিনি সেই তেলতে ফোৰণ দি লগে লগে ঢাকোন মাৰি দিয়ক যাতে সেইবোৰ ফুটি বাহিৰলৈ ওলাই নপৰে। তেজপাতটো দি লগে লগে ফোৰণৰ সামগ্ৰীখিনি চালাডৰ ওপৰত ঢালি দিয়ক। জোখমতে নিমখ দি ভালকৈ লৰাই পৰিৱেশন কৰক। লেখিকা: ধনদা বৰুৱা।