উপকৰণ ডাঙৰ ৰৌ মাছ ৭/৮ টুকুৰামান দৈ একাপ নহৰু বঁটা এচামুচ আদা এচামুচ কেঁচা জলকীয়া কেইটামান ৰিফাইন তেল দুই টেবুল চামুচ নিমখ আন্দাজমতে ধনিয়া অলপমান প্ৰণালী মাছখিনিত দৈখিনি সানি আধা ঘন্টামান থৈ দিয়ক। কেৰাহীত তেল গৰম কৰি তাত কেঁচা জলকীয়া কেইটা ফালি সিজিবলৈ দিব। ঢাকোন গুচাই মাছ কেইটুকুৰা লুটিয়াই পুনৰ ঢাকোন মাৰিব। সিজিলে ওপৰত ধনিয়া পাত কাটি পৰিৱেশন কৰিব। মীনা বৰুৱা।