উপকৰণ পটল-৫০০ গ্ৰাম। আদা বটা-এক চাহ চামুচ। জিৰা বটা- দুই চামুচ। মিঠাতেল- ৫০ গ্ৰাম। জলকীয়াৰ গুড়ি-১/২ চামুচ। চেনি- ১/২ চামুচ। তেজপাত- দুখিলামান। নিমখ সোৱাদ অনুযায়ী। প্ৰস্তুত প্ৰণালী পটলৰ দুয়োমূৰে কাটি লৈ চুঁচি ল’ব লাগে। তেল গৰম কৰি পটলখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি উঠাই ল’ব লাগে। ৰৈ যোৱা তেলখিনিত তেজপাত, আদা বটা, জিৰা বটা, জলকীয়াৰ গুড়িৰ লগতে ফোৰণ দি দৈখিনিও ঢালি দিব লাগে। তাৰ পিছত কিছু সময় ভাজিব লাগে। ভাজি থাকোতে ডাঠ হৈ আহিলে পটলখিনি ঢালি দিব লাগে। লগতে সোৱাদ অনুযায়ী নিমখ আৰু চেনি অকণ দি পটলখিনি সিজি জোলখন ঘন হ’লে নমাই থ’ব লাগে। এই জোল ৰুটী বা ভাতৰ লগতো খাব পাৰি। লেখিকা: কিৰণ বৰা।