উপকৰণ পটল ৫০০ গ্ৰাম। মিঠাতেল ৩০০ গ্ৰাম। দৈ ২৫০ গ্ৰাম। কেঁচা জলকীয়া ২-৩ টা। পিঁয়াজ ৩ টা (বটি ল’ব)। আদা-নহৰু বটা টেবুল চামুচৰ ১ চামুচ। ঘিউ ৩০ গ্ৰাম। চেনি চাহ চামুচৰ ২ চামুচ। কিচমিচ ১৮-২০ টা। ইলাচি-ডালচেনি-লং প্ৰত্যেকৰে ২ টাকৈ। তেজপাত আৰু আন্দাজমতে নিমখ। প্ৰণালী পটলৰ ওপৰৰ বাকলি কটাৰীৰে চুঁচি দুডোখৰকৈ কাটি ল’ব। কেৰাহীত অলপ ঘিউ দি পটলখিনি ভাজি তুলি থওক। প্ৰয়োজন হ’লে আৰু অলপ ঘিউ দি তেজপাত দিয়ক। পিঁয়াজ-আদা-নহৰু বটাখিনি দি ভালকৈ লৰাই পটলখিনি দিয়ক। নিমখ আৰু জলকীয়া গুড়ি দিয়ক। দৈখিনি বাটি এটাত লৈ ভালকৈ ফেটি লওক আৰু পটলৰ ওপৰত বাকি দিয়ক। কম জুইত সিজিবলৈ দিয়ক। কিচমিচকেইটা আৰু চেনিকণ দিয়ক। পাচলি সিজি আঞ্জা ঘন হ’লে গোটা গৰম মচলাখিনি দি নমাব। উৎস: নিয়মীয়া বাৰ্তা।