উপকৰণ ৰৌ বা ভকুৱা মাছৰ পেটি ফাল বহল আৰু দীঘলকৈ কাটি ল’ব। নেমু ৰস, সৰিয়হ তেল, ময়দা ৪ চামুচ, ১ চামুচ কৰ্ণফ্ল’ৰ, বেকিং পাউদাৰ আধা চামুচ, জালুক গুড়ি ১ চামুচ, ধনিয়া পাত কুটা সৰু বাটিৰ ১ বাটি, গাখীৰ আধা বাটি, কণী ২ টা, বিস্কুটৰ গুড়ি ডাঙৰ ১ বাটি, ডাঙৰ আলু ৩ টা বাকলি গুচাই দীঘল দীঘল কৰি কাটি ল’ব, এটা সৰু বাটিৰ ১ বাটি ক্ৰীম, ১ বাটি তিয়ঁহ, পিঁয়াজ কুটা, নিমখ, হালধি, চাট মছলা। প্ৰস্তুত প্ৰণালী মাছৰ পেটিখিনি সমান জোখত চাৰিচুকীয়া কৰি কাটি লৈ এটা বাটিত নিমখ আৰু নেমু ৰসত ১৫ মিনিট মেৰিনেট কৰি থ’ব। কেৰাহীত সৰহকৈ সৰিয়হ তেল গৰম কৰিব। এটা ডাঙৰ বাটিত চাৰি চামুচ ময়দা, ১ চামুচ কৰ্ণ’ফ্ল’ৰ দিব, আধা চামুচ নিমখ, বেকিং পাউদাৰ আধা চামুচ, জালুকৰ গুড়ি ১ চামুচ, ধনিয়া কুটা চাৰি ভাগৰ এক বাটি, গাখীৰ, কণী দুটা ভালকৈ ডুবাই বিস্কুটৰ গুড়িত দুয়ো পিঠি সানি তেলত ৩ বা ৪ টুকুৰা কৰি দি ৰঙা কৰি ভাজিব। জুই কমাই ল’ব। দীঘলকৈ কাটি থোৱা আলুবোৰত নিমখ-হালধি সানি গৰম তেলত ৰঙা কৰি ভাজি সজাই দিব। এটা বাটিত ক্ৰীম ফেটি ল’ব, তাত তিয়ঁহ কুটা ৪ চামুচ আৰু পিঁয়াজ কুটা দি ভালকৈ মিলাব। জালুক গুড়ি, নিমখ আন্দাজমতে আৰু চাট মছলা দিব। এতিয়া ভজা মাছৰ টুকুৰা দৈত ডুবাই পৰিৱেশন কৰক। উৎস: বিকাশপেডিয়া।