উপকৰণ দোৰোণ শাক দুই মুঠি, নহৰু নিমখ আন্দাজমতে, তেল, প্ৰণালী শাকখিনি ভালদৰে কুটি-বাছি লৈ কলপাতত মেৰিয়াই অঙঠাৰ ওপৰত মুঠিটো বহাই থ’ব লাগে। সিজিলে নমাই দুটামান নহৰু আৰু নিমখ, তেল ২/৩ টোপা দি পিটিকি গৰম ভাতৰ লগত তপতে তপতে খাব লাগে। এইদৰে খালে ভোক বাঢ়ে আৰু লিভাৰৰ অসুখৰ বাবেও ভাল। পাতত দিয়া দোৰোণ শাকে ক্ৰিমিও নাশ কৰে। উৎস: বিকাশপেডিয়া।