নাঙল ধোৱা পিঠাৰ প্ৰচলন উজনি অসমতহে বিশেষকৈ দেখা যায়। খেতিয়কে ৰোৱাৰ কাম সামৰি ভাগৰ মাৰিবৰ বাবে এই পিঠা পৰিবেশন কৰে বুলি বিশ্বাস। নাঙল-ধোৱা নামটোৰ পৰাই বুজিব পাৰি যে হালৰ কাম শেষ কৰি যিদিনা নাঙল ধুই-পখালি খেতিয়কে সুকীয়কৈ থয় সেই দিনাই পৰিয়ালৰ সকলো মিলি নাঙল-ধোৱা পিঠা তৈয়াৰ কৰে। ঠাই বিশেষে নাঙল-ধোৱা পিঠা তৈয়াৰ কৰা প্ৰণালীও বেলেগ বেলেগ ধৰণৰ হয়। প্ৰথম প্ৰণালী উপকৰণ আৰৈ চাউলৰ পিঠাগুৰি, প্ৰয়োজন অনুসৰি চেনি, গুৰ বা নিমখ আৰু পানী। প্ৰস্তুত প্ৰণালী পিঠাগুৰিখিনিত পচন্দ অনুসৰি চেনি, গুৰ বা নিমখ মিহলি কৰি ল’ব লাগে। তাৰ পিছত পানী দি থপ্থপীয়াকৈ এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগে। মিশ্ৰণটোৰে আঙুলিৰ আকৃতিৰ সৰু সৰু বল কৰি উতলা গৰম পানীত বা গৰম পানীৰ ভাপত সিজাব লাগে। সিজোৱা হ’লে ঠাণ্ডা কৰি গৰম গাখীৰত দি বা এনেয়ে পৰিবেশন কৰিব পাৰি। দ্বিতীয় প্ৰণালী উপকৰণ আৰৈ চাউলৰ পিঠাগুৰি, চেনি, গুৰ অথবা নিমখ, পানী আৰু তৰাপাত। প্ৰস্তুত প্ৰণালী আৰৈ চাউলৰ পিঠাগুৰি, চেনি, গুৰ বা নিমখ আৰু পানী মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰিব লাগে। সেই মিশ্ৰণটো তৰাপাতত দীঘলীয়া আকৃতিত বান্ধি বন্ধা টোপোলাবোৰ উতলা গৰম পানীত সিজাব লাগে। সিজোৱা হ’লে পানীৰ পৰা তুলি আনি ঠাণ্ডা হ’বলৈ দিব লাগে। ঠাণ্ডা হ’লে গাখীৰ দি বা এনেয়ে পৰিবেশন কৰিব পাৰি। লেখিকা: অধ্যাপিকা আৰতি দেৱী বৰঠাকুৰ, অসমীয়া সংস্কৃতিৰ কণিকা।