উপকৰণ ১) ৰোকা নাৰিকল একাপ ২) চেনি দুকাপ, ৩) কনডেন্সড মিল্ক ৫০ গ্ৰাম, ৪) গাখীৰ একাপ, ৫) চুজি আধা কাপ, ৬) ইলাচিগুড়ি এচামুচ, ৭) কাজু, ৮) কিচমিচ ৯) ঘিউ ৫০ গ্ৰাম, ১০) পেস্তা সজাবৰ বাবে। প্ৰণালী প্ৰথমে ঘিউত চুজিখিনি অলপ ভাজি ল’ব, চেনি আৰু নাৰিকল ৰোকাখিনি একেলগে মিলাই লৈ ভজা চুজিখিনিৰ লগত মিলাব। এতিয়া লাহে লাহে কম জুইত ভাজি থাকি ৰঙা হোৱালৈকে ভাজিব, ভালদৰে ভজা হ’লে কনডেন্সড মিল্ক, গাখীৰ আৰু কাজু কিচমিচখিনিও চুজি আৰু নাৰিকল ভজাখিনিৰ লগত মিলাব। ভালদৰে লৰাই থাকি শুকাই আহিলে তাত ইলাচিৰ গুড়ি দি দিব। এতিয়া এখন কাহীত ঘিউ সানি লৈ পেনৰ পৰা মিশ্ৰণখিনি ঢালি ভালদৰে মেলি ল’ব। এতিয়া বৰফৰ আকাৰত কাটি ওপৰত পেস্তা সজাই দিয়ক। লেখিকা: মীনা বৰুৱা।